১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব অৰুণোদয় ৩.০, হাইস্কুল ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া পদত নিযুক্তি, হিতাধিকাৰীয়ে লাভ কৰিব ২ লাখকৈ অনুদান : হিমন্ত বিশ্ব শৰ্মা

সৰ্বশিক্ষা অধীনৰ ৪৬৬৯ গৰাকী হাইস্কুল ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া পদত নিযুক্তিৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে । কেবিনেটৰ এই সিদ্ধান্তৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হব অৰুণোদয় ৩.০, হাইস্কুল ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া পদত নিযুক্তি, হিতাধিকাৰীয়ে লাভ কৰিব ২ লাখকৈ অনুদান : হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Updated On: 

14 Sep 2024 | 07:52 AM

শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক কেবিনেটে কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি, সৰ্বশিক্ষা অধীনৰ ৪৬৬৯ গৰাকী হাইস্কুল ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া পদত নিযুক্তিৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে । কেবিনেটৰ এই সিদ্ধান্তৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, কংগ্ৰেছৰ চৰকাৰৰ দিনত ঠিকাভিত্তিক নিযুক্তি লাভ কৰা এই শিক্ষকসকলৰ চাকৰি কাল ৬০ বছৰ । ইয়াৰ লগতে আন নিয়মীয়া শিক্ষকসকলৰসমপৰ্য্যায়ৰ দৰমহাও লাভ কৰে এই শিক্ষক সকলে । প্ৰথামিক শিক্ষক সকলৰ দৰে এই শিক্ষক সকলকো নিয়মীয়া পদত নিযুক্তি দিয়া হব বুলি সদৰী কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

এই নিযুক্তিৰ সন্দৰ্ভত অহা ১০ দিনত বিভাগে বিজ্ঞাপন প্ৰকাশ কৰিব বুলিও সদৰী কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই । তেওঁ কয় যে, বিজ্ঞাপন প্ৰকাশ পোৱাৰ পাছতে যোগ্য ইচ্ছুকসকলে নিয়মীয়া পদৰ বাবে আবেদন কৰিব পাৰিব । ইয়াৰ লগতে তেওঁলোকৰ মাজৰে কোনোৱে ইচ্ছা কৰিলে আগৰ পদতে কাৰ্যনিৰ্বাহ কৰি থাকিব পাৰিব বুলিও উল্লেখ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব অৰুণোদয় ৩.০

অৰুণোদয় ৩.০ ত ৰাজ্যৰ অতিৰিক্ত ১২,৬০,০০০ হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰাৰ কথা সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । শৰ্মাই সংবাদমেলত কয় যে, অহা ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব অৰুণোদয় ৩.০ । উক্ত দিনটোৰ পৰা অৰুণোদয় প-পত্ৰ বিতৰণৰ কাম আৰম্ভ হ’ব আৰু অহা বছৰৰ জানুৱাৰী মাহৰ ভিতৰত বাছনিৰ কাম সম্পূৰ্ণ কৰা হ’ব বুলি আশ্বাস দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে ১৭ লাখ হিতাধিকাৰীক খাদ্য সুৰক্ষা আঁচনিৰ কাৰ্ড প্ৰদান কৰাৰ কথাও সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

২৫ হাজাৰ হিতাধিকাৰীক ২ লাখকৈ অনুদান

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ অধীনত ২৫,২৩৮ জন হিতাধিকাৰীক ২ লাখকৈ অনুদান দিয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে । মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিছে যে, অহা ৩ নৱেম্বৰত এই হিতাধিকাৰীসকলক আত্মনিৰ্ভৰ আঁচনিৰ অধীনত আৰ্থিক অনুদানৰ ধন প্ৰদান কৰা হ’ব । উল্লেখ্য যে, এই অনুদানৰ ১ লাখ সাহায্য হিচাপে লাভ কৰাৰ বিপৰীতে অৱশিষ্ট ১ লাখ টকা সুদবিহীন ঋণ হিচাপে লাভ কৰিব হিতাধিকাৰীয়ে । এই টকা তেওঁলোকে ৫ বছৰৰ পাছত কিস্তি হিচাপে ওভতাব লাগিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

উল্লেখ্য যে, অসম ৰাজ্যিত চিৰিয়াখানাৰ পুৰ্ননিৰ্মাণৰ বাবে ৩৬২ কোটি, কোকৰাঝাৰত ষ্টেডিয়াম নিৰ্মাণৰ বাবে ১০৭ কোটি টকাৰ অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে । ইয়াৰ সমান্তৰালভাৱে গুৱাহাটী ডাউন টাউনৰ সমীপত নতুন উৰণ সেতু নিৰ্মাণৰ বাবে ১১ কোটি টকা অনুমোদ জনোৱাৰ কখা সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...