১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব অৰুণোদয় ৩.০, হাইস্কুল ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া পদত নিযুক্তি, হিতাধিকাৰীয়ে লাভ কৰিব ২ লাখকৈ অনুদান : হিমন্ত বিশ্ব শৰ্মা

সৰ্বশিক্ষা অধীনৰ ৪৬৬৯ গৰাকী হাইস্কুল ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া পদত নিযুক্তিৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে । কেবিনেটৰ এই সিদ্ধান্তৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হব অৰুণোদয় ৩.০, হাইস্কুল ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া পদত নিযুক্তি, হিতাধিকাৰীয়ে লাভ কৰিব ২ লাখকৈ অনুদান : হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Updated On: 

14 Sep 2024 07:52 AM

শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক কেবিনেটে কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি, সৰ্বশিক্ষা অধীনৰ ৪৬৬৯ গৰাকী হাইস্কুল ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া পদত নিযুক্তিৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে । কেবিনেটৰ এই সিদ্ধান্তৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, কংগ্ৰেছৰ চৰকাৰৰ দিনত ঠিকাভিত্তিক নিযুক্তি লাভ কৰা এই শিক্ষকসকলৰ চাকৰি কাল ৬০ বছৰ । ইয়াৰ লগতে আন নিয়মীয়া শিক্ষকসকলৰসমপৰ্য্যায়ৰ দৰমহাও লাভ কৰে এই শিক্ষক সকলে । প্ৰথামিক শিক্ষক সকলৰ দৰে এই শিক্ষক সকলকো নিয়মীয়া পদত নিযুক্তি দিয়া হব বুলি সদৰী কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

এই নিযুক্তিৰ সন্দৰ্ভত অহা ১০ দিনত বিভাগে বিজ্ঞাপন প্ৰকাশ কৰিব বুলিও সদৰী কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই । তেওঁ কয় যে, বিজ্ঞাপন প্ৰকাশ পোৱাৰ পাছতে যোগ্য ইচ্ছুকসকলে নিয়মীয়া পদৰ বাবে আবেদন কৰিব পাৰিব । ইয়াৰ লগতে তেওঁলোকৰ মাজৰে কোনোৱে ইচ্ছা কৰিলে আগৰ পদতে কাৰ্যনিৰ্বাহ কৰি থাকিব পাৰিব বুলিও উল্লেখ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব অৰুণোদয় ৩.০

অৰুণোদয় ৩.০ ত ৰাজ্যৰ অতিৰিক্ত ১২,৬০,০০০ হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰাৰ কথা সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । শৰ্মাই সংবাদমেলত কয় যে, অহা ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব অৰুণোদয় ৩.০ । উক্ত দিনটোৰ পৰা অৰুণোদয় প-পত্ৰ বিতৰণৰ কাম আৰম্ভ হ’ব আৰু অহা বছৰৰ জানুৱাৰী মাহৰ ভিতৰত বাছনিৰ কাম সম্পূৰ্ণ কৰা হ’ব বুলি আশ্বাস দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে ১৭ লাখ হিতাধিকাৰীক খাদ্য সুৰক্ষা আঁচনিৰ কাৰ্ড প্ৰদান কৰাৰ কথাও সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

২৫ হাজাৰ হিতাধিকাৰীক ২ লাখকৈ অনুদান

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ অধীনত ২৫,২৩৮ জন হিতাধিকাৰীক ২ লাখকৈ অনুদান দিয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে । মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিছে যে, অহা ৩ নৱেম্বৰত এই হিতাধিকাৰীসকলক আত্মনিৰ্ভৰ আঁচনিৰ অধীনত আৰ্থিক অনুদানৰ ধন প্ৰদান কৰা হ’ব । উল্লেখ্য যে, এই অনুদানৰ ১ লাখ সাহায্য হিচাপে লাভ কৰাৰ বিপৰীতে অৱশিষ্ট ১ লাখ টকা সুদবিহীন ঋণ হিচাপে লাভ কৰিব হিতাধিকাৰীয়ে । এই টকা তেওঁলোকে ৫ বছৰৰ পাছত কিস্তি হিচাপে ওভতাব লাগিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

উল্লেখ্য যে, অসম ৰাজ্যিত চিৰিয়াখানাৰ পুৰ্ননিৰ্মাণৰ বাবে ৩৬২ কোটি, কোকৰাঝাৰত ষ্টেডিয়াম নিৰ্মাণৰ বাবে ১০৭ কোটি টকাৰ অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে । ইয়াৰ সমান্তৰালভাৱে গুৱাহাটী ডাউন টাউনৰ সমীপত নতুন উৰণ সেতু নিৰ্মাণৰ বাবে ১১ কোটি টকা অনুমোদ জনোৱাৰ কখা সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ আৰু ৰক্তক্ষৰণ হোৱাটো কি ৰোগৰ লক্ষণ জানেনে?
Sawan 2025: শাওন মাহত ভুলতেও দান নকৰিব এইসমূহ বস্তু, বিপদত পৰিব আপুনি!
বিয়াৰ পূৰ্বে জীৱন সংগীক কি কি কথা সুধিব লাগে? ক'লে প্ৰেমানন্দ মহাৰাজে...
সাৱটি ধৰিবলৈ মহিলাই পুৰুষক দিয়ে ধন, ক'ত আছে এই ব্যৱস্থা?