ৰাজ্যত বাতিল হ’ব মুছলমান বিবাহ আইনঃ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আজি অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫ আৰু অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন বিধি, ১৯৩৫ বাতিল কৰাৰ উদ্দেশ্য অসম কেবিনেটে অসম বাতিল বিধেয়কত অনুমোদন জনাইছে।

ৰাজ্যত বাতিল হ’ব মুছলমান বিবাহ আইনঃ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

18 Jul 2024 | 08:52 PM

আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত অসম চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্ত অনুসৰি অসম চৰকাৰে ৰাজ্যত বাতিল কৰিব মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন। আজি সামাজিক মাধ্যম যোগে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই আইন বাতিল কৰিবলৈ অসম বাতিল বিধেয়কত আজি ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। এই বাতিল বিধেয়কখন বিধানসভাৰ আগন্তুক অধিৱেশনত উত্থাপন কৰা হ’ব বুলি তেওঁ লগতে কয়।

বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়নত সমতা অনাৰ উদ্দেশ্যেই ৰাজ্যিক কেবিনেটে এই অসম বাতিল বিধেয়কত অনুমোদন জনায় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে। অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫ আৰু অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন বিধি, ১৯৩৫ বাতিল কৰাই এই বিধেয়কৰ উদ্দেশ্য বুলি তেওঁ লগতে কয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে অসম বাতিল আইনখনক বাল্য বিবাহৰ বিৰুদ্ধে অতিৰিক্ত সুৰক্ষা প্ৰদান কৰি ৰাজ্যৰ মুছলমান কন্যা আৰু ভগ্নীসকলৰ সামাজিক সুৰক্ষা তথা ন্যায় নিশ্চিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অভিহিত কৰে।

 

আজি অসম কেবিনেটে অনুমোদন জনোৱাৰ পিছত অসম বাতিল বিধেয়কখন অসম বিধানসভাৰ পৰৱৰ্তী বৰ্ষাকালীন অধিৱেশনত বিবেচনাৰ বাবে উপস্থাপন কৰা হ’ব। আজিৰ বৈঠকত অসম কেবিনেটে লগতে বিধানসভাৰ পৰৱৰ্তী অধিৱেশনৰ ভিতৰত বিবেচনা কৰি অসমত মুছলমান বিবাহ পঞ্জীয়নৰ বাবে উপযুক্ত আইন অনাৰ সিদ্ধান্ত লৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰিছে।

তেজত হ্ৰাস পাইছে নেকি হিম’গ্লবিনৰ মাত্ৰা? এইসমূহ খাদ্যই দূৰ কৰিব চিন্তা
শীতকালত লাই শাক কিয় খাব লাগে ? ইয়াৰ উপকাৰিতা জানক
ব্যায়ামৰ আগতে এই পানীয় খালে দ্ৰুতগতিত চৰ্বি কমে, তেজৰ চুগাৰো নিয়ন্ত্ৰণত থাকে
জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ