গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা ! দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ সমান্তৰালভাৱে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জৰাপু ৰামমোহন নাইডুকো সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা ! দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

প্ৰতিৰক্ষামন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী

Published: 

26 May 2025 | 10:18 PM

সোমবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ সমান্তৰালভাৱে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জৰাপু ৰামমোহন নাইডুকো সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে বিস্তৃত বিষয়ত আলোচনা কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰীৰ সৈতে ৰাজ্যত প্ৰতিৰক্ষা কৰিডৰ স্থাপনৰ বিষয়ত আলোচনা কৰে। একেদৰে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰীগৰাকীৰ সৈতে উত্তৰ-পূব অঞ্চলত বিমান সংযোগ আৰু আন্তঃগাঁথনি সম্প্ৰসাৰণৰ ক্ষেত্ৰতো আলোচনা কৰে মুখ্যমন্ত্ৰীয়ে।

সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়,”আজি নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি গৌৰৱ অনুভৱ কৰিলোঁ। আমি অসমত প্ৰতিৰক্ষা কৰিড’ৰ স্থাপনৰ কথা ক’লোঁ ৷ ইয়াৰ দ্বাৰা পূব সীমান্তত আমাৰ সশস্ত্ৰ বাহিনীৰ প্ৰয়োজনীয়তাক সুদৃঢ় কৰা, প্ৰধানমন্ত্ৰীৰ ‘মেক ইন ইণ্ডিয়া’ দৃষ্টিভংগী শক্তিশালী কৰা আৰু উত্তৰ-পূৰ্বাঞ্চলত নতুন অৰ্থনৈতিক সুযোগ সৃষ্টি কৰা আদি একাধিক উদ্দেশ্য সাধন হ’ব ।”

ইয়াৰ পূৰ্বে শৰ্মাই অসামৰিক বিমান পৰিবহণ মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছিল । এই সাক্ষাৎ কালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশ্বাস দিছিল যে, এই বছৰৰ পৰা শিলচৰৰ গ্ৰীণফিল্ড বিমানবন্দৰৰ কাম আৰম্ভ হ’ব আৰু গুৰুত্বপূৰ্ণ ৰূপসী বিমানবন্দৰটোও সম্প্ৰসাৰণ কৰা হ’ব। এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে ।

ইফালে, কেন্দ্ৰীয় মন্ত্ৰী নাইডুৱে মুখ্যমন্ত্ৰী শৰ্মাক অৱগত কৰে যে, যোৰহাট, ডিব্ৰুগড় আৰু শিলচৰ বিমানবন্দৰ পৰা শীঘ্ৰে অধিক ভাৰতীয় চহৰৰ সৈতে নতুন বিমান সংযোগ স্থাপন কৰা হ’ব। “অসামৰিক বিমান পৰিবহণ বিভাগৰ মন্ত্ৰী শ্ৰী কিঞ্জৰাপু ৰামমোহন নাইডুৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হয়। উত্তৰ পূৰ্বাঞ্চলত বিমান সংযোগ আৰু আন্তঃগাঁথনি সম্প্ৰসাৰণৰ ওপৰত আমি দীঘলীয়া সময় কথা পাতিলোঁ।” এইদৰে সামাজিক মাধ্যমত উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে ।

“শিলচৰৰ গ্ৰীণফিল্ড বিমানবন্দৰৰ কাম এই বছৰৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে, মন্ত্ৰী মহোদয়ে মোক আশ্বাস দিছে যে, গুৰুত্বপূৰ্ণ ৰূপসী বিমানবন্দৰটোও সম্প্ৰসাৰণ কৰা হ’ব । যোৰহাট, ডিব্ৰুগড় আৰু শিলচৰ পৰা অতি সোনকালে নতুন বিমান সংযোগেৰে অধিক ভাৰতীয় চহৰলৈ যাব পৰা যাব।” এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব