Assam Assembly Budget session 2025: কোকৰাঝাৰৰ ৰাইজলৈ মৰমৰ উপহাৰ আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে
এইবাৰ বাজেট অধিবেশন অনুষ্ঠিত হৈছে কোকৰাঝাৰত । ৰাজ্যৰ ৰাজধানীৰ বাহিৰত এইবাৰ প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছে বাজেট অধিবেশন । কোকৰাঝাৰত বাজেট অধিবেশনত ভাগ লোৱাৰ উদ্দেশ্যে উপস্থিত হৈয়েই ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে ।

অসমৰ চাহ উদ্যোগৰ ২০০ বছৰ উপলক্ষে ৰাজ্য চৰকাৰে এই বর্ণাঢ্য কার্যসূচী অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। এই বিশেষ অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। ঝুমুৰৰ পিছত আন এক অসমৰ নৃত্যক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকী কৰাই দিয়াৰ পৰিকল্পনা কৰি আছে ৰাজ্য চৰকাৰে।
আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিবেশন । এইবাৰৰ বাজেট অধিৱেশন পৃথক আৰু নজিৰ সৃষ্টিকাৰী হিচাপে পৰিগণিত হৈছে । কিয়নো এইবাৰ বাজেট অধিবেশন অনুষ্ঠিত হৈছে কোকৰাঝাৰত । ৰাজ্যৰ ৰাজধানীৰ বাহিৰত এইবাৰ প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছে বাজেট অধিবেশন । কোকৰাঝাৰত বাজেট অধিবেশনত ভাগ লোৱাৰ উদ্দেশ্যে উপস্থিত হৈয়েই ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে । জিলাখনৰ বাট-পথৰ উন্নয়নৰ বাবে ২৭ কোটি টকা প্ৰদানৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
বিটিচি প্ৰশাসনে X হেণ্ডেলত প্ৰকাশিত এটা পোষ্টত কৈছে, “কোকৰাঝাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত অসম বিধানসভাৰ ঐতিহাসিক বাজেট অধিবেশনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োৱে সৰলপাৰা দিশে জাৰবাৰী-দিঘলী অঞ্চলৰ পথৰ অৱস্থা পৰিদৰ্শন কৰে । এই পৰিদৰ্শণৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পথ উন্নয়ন প্ৰকল্পৰ পৰ্যবেক্ষণ কৰে আৰু কোকৰাঝাৰৰ গ্ৰামাঞ্চলৰ পথসমূহৰ উন্নয়নৰ বাবে ২৭ কোটি টকাৰ ঘোষণা কৰে ।”

Prior to the historic first-ever Budget & Assembly Session of Assam Legislative Assembly in Kokrajhar, I joined Hon’ble CM Dr. @himantabiswa dangoriya in an inspection of roads in Jarbari Dighli Area (towards Saralpara).

Hon’ble CM took an in-depth assessment of the road… pic.twitter.com/biRz8pisUr
— Pramod Boro (@PramodBoroBTR) February 17, 2025

“এই গুৰুত্বপূৰ্ণ সমৰ্থনে অসম চৰকাৰ আৰু বিটিআৰ প্ৰশাসনে পথ সংযোগ ব্যৱস্থাৰ উন্নয়ন, আন্তঃগাঁথনিৰ উন্নয়ন আৰু গ্ৰাম্য জীৱনৰ উন্নয়নৰ বাবে চলোৱা প্ৰয়াসক প্ৰতিফলিত কৰিছে ।” X ৰ পোষ্টত লগতে উল্লেখ কৰা হৈছে ।

Bolstering connectivity straight up to the Indo-Bhutan border 🛣️

During an election rally I promised to construct the Saralpara Road till the Bhutan border to ensure connectivity and development.

Today, I reviewed the progress and instructed timely completion of the road. pic.twitter.com/5W9QOz7ycH
— Himanta Biswa Sarma (@himantabiswa) February 17, 2025

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সোমবাৰে পুৱা কোকৰাঝাৰত উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনোৱা হয় । প্ৰথমবাৰৰ বাবে ৰাজধানী দিছপুৰৰ বাহিৰত, কোকৰাঝাৰত অনুষ্ঠিত হোৱা অসম বিধানসভাৰ বাজেট অধিবেশনত অংশ ল’বলৈ জিলাখনত উপস্থিত হয় মুখ্যমন্ত্ৰী । কোকৰাঝাৰৰ বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ সদনত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বাজেট অধিবেশন । ইতিমধ্যে সোমবাৰে পুৱাৰ ভাগতে বাছেৰে আহি কোকৰাঝাৰত উপস্থিত হয় অসম বিধানসভাৰ মন্ত্ৰী-বিধায়কসকল ।

Arrived to a warm welcome in Kokrajhar early this morning to attend a historic sitting of the Assam Assembly. pic.twitter.com/YBC0Sg0dtc
— Himanta Biswa Sarma (@himantabiswa) February 17, 2025

মন্ত্ৰী পীযুষ হাজৰীকাই কয়, “প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ । ১৫ বছৰ পূৰ্বে কোকৰাঝাৰবাসীয়ে সুকীয়া ৰাজ্য বিচৰাৰ পৰিস্থিতি আছিল, কিন্তু এতিয়া তেওঁলোকে সেয়া নিবিচাৰে আৰু আমাক আদৰণি জনাইছে । এয়া এক বৃহৎ পদক্ষেপ । ইয়াক অব্যাহত ৰখা হ’ব ।”
অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে কয় যে ইয়াৰ দ্বাৰা বিটিআৰত শান্তিৰ এক অতি ইতিবাচক বাৰ্তা প্ৰেৰণ কৰা হ’ব । নোমল মমিনে কয়, “সকলো বিধায়কৰ বাৰ্তা হ’ল বিজেপি চৰকাৰ অহাৰ পিছত বিটিআৰ (Bodoland Territorial Region)ত শান্তি বিৰাজ কৰিছে, যিটো আগতে অশান্ত অঞ্চল আছিল । আমি আজি কোকৰাঝাৰত এই বাজেট অধিৱেশন আৰু ৰাজ্যপালৰ ভাষণ আগবঢ়াইছো । ই অসমবাসীলৈ এক অতি ভাল বাৰ্তা কঢ়িয়াই আনিব আৰু প্ৰধানমন্ত্ৰী মোদীৰ সপোন “সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস সবকা প্ৰয়াস” ।”
বিজেপি বিধায়ক মৃণাল শইকীয়াই অসমৰ বাবে এক মহান আৰু ঐতিহাসিক দিন বুলি মন্তব্য কৰে । “অসম বিধানসভা কোকৰাঝাৰত অনুষ্ঠিত হ’ব…আমি ছটা অনুসূচিত এলেকাৰ অৰ্থনৈতিক, আৰ্থ-সামাজিক আৰু সৰ্বাংগীন উন্নয়নৰ বিষয়ে আলোচনা কৰিম । ই অতি তাৎপৰ্যপূৰ্ণ…ই সমগ্ৰ অসমবাসীলৈ এক বৃহৎ বাৰ্তা প্ৰদান কৰিব ।”
এআইইউডিএফৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই কয় যে এদিনীয়া বিধানসভাৰ অধিৱেশনৰ বাবে বাহিৰলৈ ওলাই যোৱাৰ এক বৃহৎ পদক্ষেপ ।
তেওঁ কয়, “এইটো এটা ভাল পদক্ষেপ । ভাৰতত প্ৰথমবাৰৰ বাবে এইটো ঘটিছে, য’ত আমি ষ্টেচনৰ বাহিৰত গৈ বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ (বিটিচি) এলেকালৈ গৈছো । বিটিচি এটা অনুন্নত অঞ্চল আছিল বাবে এই পদক্ষেপক সকলোৱে প্ৰশংসা কৰিব । আগতে এই অঞ্চলত নিৰাপত্তাহীনতা আছিল । আজি ই মূলসুঁতিত আছে । ই এটা ভাল বাৰ্তা প্ৰেৰণ কৰিব যে চৰকাৰে বড়ো জনগোষ্ঠীৰ উন্নয়নৰ কথা চিন্তা কৰিছে ।”
কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে কয় যে, “এইখন এক ঐতিহাসিক বাজেট অধিবেশন, যিখন ৰাজধানীৰ বাহিৰত আৰম্ভ হ’ব । মই ভাবো যে সেইটোৱে ‘ষষ্ঠ অনুসূচী’ অঞ্চলৰ জনসাধাৰণক এটা বাৰ্তা দিব । আজিৰ এটা মূল আলোচনা হ’ব ‘ষষ্ঠ অনুসূচী’ অঞ্চলৰ আৰ্থ-সামাজিক আৰু সৰ্বাংগীন উন্নয়নৰ ওপৰত ।”
এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে কয় যে এয়া তাত শান্তিপূৰ্ণ পুনৰুদ্ধাৰ চলি থকাৰ ইংগিত । তেওঁ কয়, “ৰাজধানীৰ বাহিৰত বিধানসভাৰ অধিৱেশন আয়োজন কৰা অসম বিধানসভাত প্ৰথমবাৰৰ বাবে হৈছে । ইয়াৰ অন্যতম প্ৰমাণ চৰকাৰে দেখুৱাইছে যে পূৰ্বে বিটিচি অঞ্চলটো ১৯৮৫ চনৰ পৰা সম্পূৰ্ণ উন্নীত নোহোৱা অঞ্চল আছিল, কিন্তু বৰ্তমান তাত শান্তিপূৰ্ণভাৱে পুনৰুদ্ধাৰ চলি আছে । তেওঁলোকৰ দাবী পৃথক ৰাজ্য, কিন্তু এতিয়া তেওঁলোক মূলসুঁতিৰ অংশ হোৱাটো তেওঁলোকৰ বাবে উপযুক্ত হ’ব ।”