বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ দিশে ঐতিহাসিক চৰাইদেউ মৈদাম

এয়া ভাৰতৰ ৪৩ সংখ্যক আৰু উত্তৰ পূৱৰ প্ৰথম ঐতিহাসিক ক্ষেত্ৰ হ'ব যিয়ে এই তালিকাত নাম অন্তৰ্ভুক্ত কৰিব। এই মৈদাম নিজৰ বিশেষত্বৰ বাবে জনাজাত। ঐতিহাসিক ক্ষেত্ৰত নাম অন্তৰ্ভুক্ত হোৱাৰ লগে লগে এই মৈদামৰ জনপ্ৰিয়তা আৰু বাঢ়িব।

বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ দিশে ঐতিহাসিক চৰাইদেউ মৈদাম

চৰাইদেউ মৈদাম

Published: 

22 Jul 2024 10:04 AM

শীঘ্ৰে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হ’ব ঐতিহাসিক চৰাইদেউ মৈদাম। বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিবেশনত এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। উত্তৰ পূৱৰ প্ৰথম তথা ভাৰতৰ ৪৩ সংখ্যক বিশ্ব ঐতিহ্যৰূপে পৰিগণিত হ’ব মৈদাম। মোদীৰ মন্তব্যৰ পাছতেই চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে অৱশেষত চৰকাৰৰ প্ৰচেষ্টাই  সফলতা লাভ কৰাৰ দিশে আগবাঢ়িছে।

নতুন দিল্লীত অনুষ্ঠিত বিশ্ব ঐতিহ্য সমিতিৰ সভাত মোদীয়ে কয় যে, উত্তৰ পূৱৰ ঐতিহাসিক ক্ষেত্ৰ চৰাইদেউ মৈদাম UNESCO ৰ ঐতিহাসিক ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছে। এয়া ভাৰতৰ ৪৩ সংখ্যক আৰু উত্তৰ পূৱৰ প্ৰথম ঐতিহাসিক ক্ষেত্ৰ হ’ব যিয়ে এই তালিকাত নাম অন্তৰ্ভুক্ত কৰিব। এই মৈদাম নিজৰ বিশেষত্বৰ বাবে জনাজাত। ঐতিহাসিক ক্ষেত্ৰত নাম অন্তৰ্ভুক্ত হোৱাৰ লগে লগে এই মৈদামৰ জনপ্ৰিয়তা আৰু বাঢ়িব। ইয়ে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিব।

উল্লেখ্য যে, এই বৈঠকত উপস্থিত থাকে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা। আয়োজন দেশ হিচাপে ভাৰতে অনুষ্ঠিত কৰা এই বৈঠকত ১৯৫ খন দেশৰ ২০০০ ত কৈ অধিক ঐতিহ্যক্ষেত্ৰৰ অধ্যয়ন কৰা সমল বিশেষজ্ঞই অংশ গ্ৰহণ কৰিছে।  চৰাইদেউ মৈদামে এই স্বীকৃতি লাভ কৰিলে ৬০০ বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসে অন্য এক মাত্ৰা প্ৰদান কৰিব।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ”বিশ্ব ঐতিহ্যক্ষেত্ৰত চৰাইদেউৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে অসমবাসীৰ দাবী আছিল। মুখ্যমন্ত্ৰী হিচাপে মই যোৱাবাৰ প্ৰধানমন্ত্ৰীক অৱগত কৰিছিলো যে চৰাইদেউক ভাৰতৰ মনোনয়ন দি বিশ্ব ঐতিহ্যক্ষেত্ৰৰ একমাত্ৰ ঐতিহ্যক্ষেত্ৰ হিচাপে আগবঢ়াওক।  বিশাল হৃদয়ৰ পৰিচয় দি মোদী ডাঙৰীয়াই এই প্ৰস্তাৱ আগবঢ়াইছিল। মোদীৰ ভাষণত স্পষ্ট হৈ পৰিছে যে ২৬ জুলাই চৰাউদেউ মৈদাম UNESCO ৰ বিশ্ব ঐতিহ্যৰ তালিকাৰ অন্তুৰ্ভুক্ত হ’ব। শৰ্মাই লগতে কয়, সাংস্কৃতিক ক্ষেত্ৰত UNESCO ৰ স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদাম অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম ঐতিহাসিক ক্ষেত্ৰ হ’ব।

কিদৰে পালন কৰিব নৱৰাত্ৰিৰ ব্ৰত? নকৰিব এইকেইটা ভুল!
বৃক্ক অসুস্থ মানেই জীৱনৰ বিঘিনি! দৈনিক খাওক এই ৯ টা ফল, বৃক্ক হৈ থাকিব সুস্থ
মেথি গুটিয়ে দূৰ কৰিব আপোনাৰ চুলিৰ সমস্যা, মাথোঁ কৰক এইদৰে ব্যৱহাৰ...
আমেৰিকাত কিমান সংখ্যক মুছলিম লোকে বাস কৰে জানেনে? জানক...