Bhasha Gaurav Week : আজিৰে পৰা ৰাজ্যজুৰি পালন কৰা হ’ব ‘ভাষা গৌৰৱ সপ্তাহ’…
আজিৰে পৰা ৯ নৱেম্বৰলৈকে 'ভাষা গৌৰৱ সপ্তাহ' পালন কৰিব অসম চৰকাৰে । ভাষা গৌৰৱ সপ্তাহৰ এই সময়ছোৱাত বিশ্ববিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ দ্বাৰা বিভিন্ন অনুষ্ঠান আয়োজন কৰা হ'ব । এই অনুষ্ঠানৰ জৰিয়তে অসমীয়া ভাষাৰ উত্তৰণৰ ক্ষেত্ৰত অসমীয়া সাহিত্যিক আৰু পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱা হ'ব ।

প্ৰতীকী ফটো
অসমীয়া ভাষাই লাভ কৰিছে ধ্ৰুপদী ভাষাৰ স্বীকৃতি। অসমীয়া ভাষাৰ এই ঐতিহাসিক স্বীকৃতিক উদযাপন কৰাৰ উদ্দেশ্যে আজিৰে পৰা ৯ নৱেম্বৰলৈকে ‘ভাষা গৌৰৱ সপ্তাহ’ পালন কৰিব অসম চৰকাৰে । ভাষা গৌৰৱ সপ্তাহৰ এই সময়ছোৱাত বিশ্ববিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ দ্বাৰা বিভিন্ন অনুষ্ঠান আয়োজন কৰা হ’ব । এই অনুষ্ঠানৰ জৰিয়তে অসমীয়া ভাষাৰ উত্তৰণৰ ক্ষেত্ৰত অসমীয়া সাহিত্যিক আৰু পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱা হ’ব ।
এই স্বীকৃতিৰ বাবে এই অনুষ্ঠানৰ জৰিয়তে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰকো ধন্যবাদ জনাব । ‘ভাষা গৌৰৱ সপ্তাহ’ পালন কৰাৰ উদ্দেশ্যে ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে । প্ৰতিখন জিলা প্ৰশাসনে ইতিমধ্যে স্কুল পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰি ভাষা গৌৰৱ সপ্তাহ পালন কৰিবৰ বাবে আহ্বান জনাইছে ।
উল্লেখ্য যে, যোৱা ৩ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ দেশৰ পাঁচটা ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰিছিল । অসমীয়াৰ লগতে মাৰাঠী, পালি, প্ৰাকৃত আৰু বাংলা ভাষাই লাভ কৰিছিল ধ্ৰুপদী ভাষাৰ স্বীকৃতি। বৰ্তমানলৈকে ভাৰতবৰ্ষত ১১ টা ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছে । মুঠ ১১ টা ভাষা হৈছে-অসমীয়া, মাৰাঠী, পালি, প্ৰাকৃত, বাংলা, তামিল, সংস্কৃত, কানাড়া, তেলেগু, মালায়লম আৰু ওড়িয়া ।
Under the leadership of HCM Dr. @himantabiswa, the Government of Assam will launch the ‘Bhasha Gaurav Week’ from tomorrow until November 9 across the state, celebrating the recognition of Assamese as a classical language.
Hon’ble Ministers will inaugurate the event in various… pic.twitter.com/5jfXRgYPdg
— Chief Minister Assam (@CMOfficeAssam) November 2, 2024
আজিৰে পৰা অসমীয়া ভাষাৰ এই ঐতিহাসিক স্বীকৃতিক উদযাপন কৰাৰ বাবে সাজু হৈছে অসম চৰকাৰ । ইতিমধ্যে এই ভাষাৰ গৌৰৱ সপ্তাহৰ কাৰ্যসূচীৰ সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে । বিবৃতিটোত প্ৰকাশ কৰা তথ্য অনুসৰি, বিভিন্ন জিলাত মন্ত্ৰীসকলে ভাষা গৌৰৱ সপ্তাহ শুভাৰম্ভ কৰিব । সেইদৰে কামৰূপ (মহানগৰ) জিলাত ভাষা গৌৰৱ সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অন্ত্ৰী অতুল বৰা, বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ।
ইফালে,বজালীত মন্ত্ৰী ৰণিজৎ কুমাৰ দাস, গোলাঘাটত কেশৱ মহন্ত, ডিব্ৰুগড়ত বিমল বৰা, চৰাইদেউত মন্ত্ৰী যোগেন মহন আৰু কামৰূপত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ভাষা গৌৰৱ সপ্তাহ উদ্বোধন কৰিব । একেদৰে তিনিচুকীয়াত সঞ্জয় কিশান, ধুবুৰীত উৰ্খাও গৌৰা ব্ৰহ্ম,নলবাৰীত জয়ন্ত মল্লবৰুৱা, বৰপেটাত অশোক সিংহল আৰু হাফলঙত নন্দিতা গাৰ্লোছাই ভাষা গৌৰৱ সপ্তাহ শুভাৰম্ভ কৰিব ।
ভাষা গৌৰৱ সপ্তাহৰ মূল কাৰ্যসূচীৰ ভিতৰত আছে-অসমীয়া ভাষা-সাহিত্যলৈ বৰঙণি যোগোৱা,মহান মনীষী, পুৰোধা পণ্ডিত আৰু ভাষাবিদসকললৈ কৃতজ্ঞতা জ্ঞাপন, ধ্ৰুপদী স্বীকৃতিৰ বাবে প্ৰধানমন্ত্ৰী লৈ ১ লাখ নাগৰিকৰ দ্বাৰা কৃতজ্ঞতাসূচক পত্ৰ প্ৰেৰণ, প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশ কৰা ধ্ৰুপদী ভাষা বিষয়ক গ্ৰন্থ ‘ধ্ৰুপদী অসমীয়া’ নাগৰিকৰ মাজত বিতৰণ আৰু অসমৰ অন্যান্য ভাষাসমূহৰ বিকাশ আৰু বিৱৰ্তন সম্পৰ্কে আলোচনা কৰা।