ৰে’লপথ ডাবল লাইনিঙৰ বাবে ভূমি আবণ্টন, চাকৰি নিয়মীয়া হ’ব KAAC য়ে নিযুক্তি দিয়া ১৩১ জন শিক্ষকৰ, আজি ৰাজ্যিক কেবিনেটে ল’লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

আজাৰা-কামাখ্যাৰ অংশত ৰে’লপথ ডাবল লাইনিঙৰ বাবে ৰে’ল মন্ত্ৰালয়ক ভূমি আবণ্টনত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে । এই বিষয়ে জানিবলৈ দিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । ইয়াৰ উপৰিও কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে নিযুক্তি দিয়া ১৩০ জনতকৈ অধিক শিক্ষকৰ নিযুক্তি নিয়মীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে।

ৰে’লপথ ডাবল লাইনিঙৰ বাবে ভূমি আবণ্টন, চাকৰি নিয়মীয়া হ’ব KAAC য়ে নিযুক্তি দিয়া ১৩১ জন শিক্ষকৰ, আজি ৰাজ্যিক কেবিনেটে ললে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত...

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

Updated On: 

24 Sep 2024 | 09:31 PM

গোৱালপাৰা হৈ আজাৰা-কামাখ্যাৰ অংশত ৰে’লপথ ডাবল লাইনিঙৰ বাবে ৰে’ল মন্ত্ৰালয়ক ভূমি আবণ্টনত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে । এই বিষয়ে জানিবলৈ দিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । ইয়াৰ উপৰিও কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে নিযুক্তি দিয়া ১৩০ জনতকৈ অধিক শিক্ষকৰ নিযুক্তি নিয়মীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা সিদ্ধান্তৰ বিষয়ে সাংবাদিকক অৱগত কৰি মন্ত্ৰী বৰুৱাই কয়,”গোৱালপাৰা হৈ আজাৰা-কামাখ্যা অংশত ৰে’লপথৰ ডাবল লাইনিং কামৰ বাবে মাটিৰ প্ৰয়োজনীয়তা আছিল। ইয়াৰ বাবে কেবিনেটে ৰে’লৱেক আঠ বিঘা মাটি আবণ্টন কৰাৰ বাবে অনুমোদন জনাইছে।” তেওঁ কয় যে, অনুমোদিত ভূমি চৰকাৰৰ আছিল আৰু ইতিমধ্যে স্থানীয় ৰাইজৰ লগত আলোচনা কৰা হৈছে।

মন্ত্ৰী বৰুৱাই কয় যে, ৰাজ্য চৰকাৰ বা বিত্ত বিভাগৰ প্ৰয়োজনীয় পূৰ্ব অনুমোদন অবিহনে কেএএচিয়ে ১৩১ গৰাকী শিক্ষক নিযুক্তি দিছিল। শিক্ষকৰ প্ৰয়োজনীয়তা থকাৰ বাবে এই নিযুক্তিসমূহ দিয়া হৈছিল। আজি কেবিনেটে এই নিযুক্তিসমূহ নিয়মীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । প্ৰাৰ্থীসকলৰ অৰ্হতা হিলছ এৰিয়া বিভাগে পৰীক্ষা কৰিব।” তেওঁ লগতে কয় যে, প্ৰয়োজনীয় পূৰ্ব অনুমোদন নোলোৱাকৈ এনে নিযুক্তি ভৱিষ্যতে  যাতে নিদিয়ে সেই কথা অসম চৰকাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক জনাই দিছে ।

খালী হৈ থকা নিয়মীয়া পদৰ বিপৰীতে বিভিন্ন অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকত কৰ্মৰত ৪৫১ গৰাকী অংশকালীন অধ্যাপকক নিযুক্তিৰ ক্ষেত্ৰতো ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰ উপৰিও হাজো, মাজুলী আৰু টিংখঙত নিৰ্মাণ হৈ থকা তিনিখন পলিটেকনিকৰ বাবে ১৫০ কোটি টকাৰো অধিক প্ৰশাসনিক পুনৰ্মূল্যায়নৰ অনুমোদন জনাইছে।

মন্ত্ৰী বৰুৱাই লগতে কয় যে, কেবিনেটে ৰাজ্য চৰকাৰৰ আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ ৩.২৩ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণৰ বাবে ১৪৮.৫৫ কোটি টকা চাইকেল ক্ৰয় কৰাৰ বাবে আৰ্থিক অনুমোদন জনাইছে বুলি সদৰী কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব