মিছন বসুন্ধৰাৰ পৰা চাহ শ্ৰমিকৰ মজুৰিলৈ…ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

আজি কেবিনেটৰ বৈঠক কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মিছন বসুন্ধৰাৰ পৰা চাহ শ্ৰমিকৰ মজুৰিলৈ...ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

Updated On: 

18 Jul 2025 16:09 PM

শুকুৰবাৰে জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক। কেবিনেটৰ বৈঠক কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদৰ বিৰোধিতা কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ-

  1. মুঠ ৮৫,৫০৯ বৰ্গমিটাৰ বিল্ড-আপ এলেকাৰ “অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, ডিব্ৰুগড়ৰ শিক্ষক কোৱাৰ্টাৰ আৰু ছাত্ৰ ছাত্ৰাবাস নিৰ্মাণ” প্ৰকল্পতৰ বাবে  ৩৫৭.২৮ কোটি টকাৰ অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে। এই প্ৰকল্পৰ লক্ষ্য হৈছে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে এএমচিএইচ চৌহদত পুনৰ উন্নয়ন আৰু অতিৰিক্ত সুবিধা প্ৰদান কৰা।
  2. ৩১ জুলাইত সম্পূর্ণ হ’ব মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণ। তৃতীয় সংস্কৰণত ৪ হাজাৰৰো অধিক অনুষ্ঠানক ভূমিপট্টাত অনুমোদন দিয়া হৈছে।
  3.  দিব্যংগসকলৰ বাবে নেচনেল ইউনিভাৰ্চিটি ফৰ ডিচেবিলিটি ষ্টাডিজ স্থাপনত অনুমোদন।  ইয়াৰ বাবে ছয়গাঁও ৰাজহ চক্ৰৰ বনগাঁও মৌজাৰ অন্তৰ্গত গাঁও দেওচৰৰ ১৫০ বিঘা ভূমি আৱণ্টন দিয়া হৈছে। লগতে কেবিনেটে প্ৰিমিয়াম ৫০ টকা ৰেহাইৰ অনুমোদন জনাইছে।
  4. ৰাজ্যিক কেবিনেটে  ২০২৫-২৬ চনৰ বাজেটত মুখ্যমন্ত্ৰী এটি কলি দুটি পাত (অসম চাহ বাগিচাৰ শ্ৰমিকৰ আৰ্থিক সাহায্য আঁচনি-২০২৫) ফ্লেগশ্বিপ আঁচনি ৰূপায়ণৰ বাবে ৩৪২ কোটি টকা অনুমোদন দিছে। যোগ্য বিবেচিত চাহ বাগিচাৰ প্রায় ৭ লাখ শ্রমিক আৰু কৰ্মচাৰীক ৫,০০০ টকাৰ একক কিস্তিত এই পৰিমাণ বিতৰণ কৰা হ’ব।
  5. গুৱাহাটীৰ সৰুসজাইত ৫০০ বিছনাযুক্ত মেদান্ত চিকিৎসালয়, ১০০ বিছনাযুক্ত মহিলা আৰু শিশু চিকিৎসালয় আৰু পঞ্চতাৰকা লেমন ট্রী হোটেল নিৰ্মাণৰ বাবে ভূমি আবণ্টনত অনুমোদন জনাইছে কেবিনেটে।  তিনিটা প্ৰকল্পৰ সম্মিলিত বিনিয়োগ হৈছে ৮০০ কোটি টকা আৰু ই স্থানীয় যুৱক-যুৱতীসকলৰ বাবে প্রায় ২,৭০০ চাকৰি সৃষ্টি কৰিব।
  6. কেবিনেটে এ পি ডি চি এল, এই জি চি এল, এ পি জি চি এল আৰু আদর্শ বিদ্যালয়ৰ ইচ্ছুক কৰ্মচাৰী আৰু নিৰ্ভৰশীলসকলক মুখ্যমন্ত্রী লোক সেৱক আৰোগ্য যোজনাৰ অধীনত অন্তর্ভুক্ত কৰিবলৈ অনুমোদন জনাইছে।
  7. অইল ইণ্ডিয়া লিমিটেড (অইল), অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন (অ’ এন জি চি) আদি কোম্পানীয়ে গ্ৰহণ কৰা তেল অন্বেষণ প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে ডিফল্টভাৱে ভূমি অধিগ্ৰহণৰ কাম আৰম্ভ নকৰে। ভাৰত চৰকাৰৰ দ্বাৰা যথাযথভাৱে অনুমোদিত কেন্দ্ৰীয়/ৰাজ্যিক মালিকানাধীন বা ব্যক্তিগত খণ্ডৰ তেল অন্বেষণ কোম্পানীসমূহক প্ৰচলিত বজাৰৰ হাৰ আৰু প্ৰযোজ্য নীতি-নিৰ্দেশনা অনুসৰি, আলোচনাৰ মাধ্যমেৰে মাটিৰ মালিকৰ পৰা পোনপটীয়াকৈ প্ৰয়োজনীয় ভূমি ক্ৰয় বা পট্টাত দিয়াৰ অনুমতি দিয়া হৈছে।
  8. মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনাৰ অধীনত অসম শক্তি বিতৰণ নিগম লিমিটেড অসম বিদ্যুৎ গ্ৰীড নিগম লিমিটেড অসম শক্তি উৎপাদন নিগম লিমিটেডৰ আদৰ্শ বিদ্যালয়ৰ ইচ্ছুক কৰ্মচাৰী আৰু নিৰ্ভৰশীল লোকক আয়ুষ্মান অসম-মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনাত (AA-MMLSAY) স্বেচ্ছামূলকভাৱে অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে ।

ইফালে সংবাদমেলত পাইকানৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়,  ‘কোনোবাই উত্তেজিত কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কংগ্ৰেছে কাৰোবাক উত্তেজিত কৰিব নে নকৰে নাজানোঁ। উত্তেজিত কৰিলে উত্তেজিত হ’ব নে নাই নাজানোঁ। কালি ৰাহুল গান্ধীয়ে এইবোৰ নকৰিলে সকলোৱে ঘৰা-ঘৰি গৈছিল।  আৰক্ষী সাজু হৈ থাকিব। কিন্তু উত্তেজিত পৰিৱেশৰ সৃষ্টি হ’লে ব্যৱস্থা লোৱা হ’ব।” উচ্ছেদৰ বিৰোধিতা কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়,  ‘মই এক্সন ল’বলৈয়ে মুখ্যমন্ত্ৰী হৈছোঁ।’
Sawan 2025: শাওনৰ প্ৰথম সোমবাৰে এই মন্ত্ৰৰে কৰক শিৱক আৰাধনা, পূৰণ হ’ব সকলো ইচ্ছা!
ভগৱান শিৱৰ প্ৰিয় এই ৪ ৰাশিৰ লোক, সদায় লগত থাকে...
শাওনৰ প্ৰথম সোমবাৰে শিৱলিংগত অৰ্পণ কৰক এই ৭টা বস্তু, পূৰণ হ'ব সকলো মনোকামনা
বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি?