সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ পৰা নতুন সম-জিলালৈ… ৰাজ্যিক কেবিনেটত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
সুধাকণ্ঠ ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী পালন অনুমোদন জনাইছে কেবিনেটে। ২০২৫ চনৰ ৮ ছেপ্টেম্বৰৰ পৰা ২০২৬ চনৰ ৮ ছেপ্টেম্বৰলৈ বছৰজোৰা কাৰ্যসূচীৰে পালন কৰা হ'ব জন্ম শতবার্ষিকী।অসমৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অন্যান্য বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৫০জনীয়া শতবার্ষিকী উদযাপন সমিতি গঠন কৰা হ'ব।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
শনিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত সম্পন্ন হয় ৰাজ্যিক কেবিনেটৰ বৈঠক। কেবিনেটৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলযোগে কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ সদৰী কৰে মুখ্যমন্ত্ৰীয়ে।
সুধাকণ্ঠ ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী পালন অনুমোদন জনাইছে কেবিনেটে। ২০২৫ চনৰ ৮ ছেপ্টেম্বৰৰ পৰা ২০২৬ চনৰ ৮ ছেপ্টেম্বৰলৈ বছৰজোৰা কাৰ্যসূচীৰে পালন কৰা হ’ব জন্ম শতবার্ষিকী।অসমৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অন্যান্য বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৫০জনীয়া শতবার্ষিকী উদযাপন সমিতি গঠন কৰা হ’ব।
I am briefing the media following the meeting of the Assam Cabinet https://t.co/ku7QfzCGAF
— Himanta Biswa Sarma (@himantabiswa) April 12, 2025
উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৭খন ৰাজ্যৰ মুখ্যমন্ত্রীকো এই সমিতিৰ অংশ হ’বলৈ আমন্ত্রণ জনোৱা হ’ব গুৱাহাটী, দিল্লী, মুম্বাই, কলকাতা আৰু অৰুণাচল প্রদেশত স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হ’ব মহান ব্যক্তিসত্তাগৰাকীৰ নামেৰে এটি গুৰুত্বপূৰ্ণ প্রতিষ্ঠানৰ নাম সলনি কৰা হ’ব ২০২৫ চনৰ ৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানৰ বাবে মাননীয় প্রধানমন্ত্রী আৰু ২০২৬ চনৰ ৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া সামৰণী অনুষ্ঠানত উপস্থিত থাকিবলৈ ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতিক আমন্ত্রণ জনোৱাৰ বাবে সিদ্ধান্ত ড° ভূপেন হাজৰিকাৰ জীবনী প্রকাশ কৰি বিভিন্ন ভাষাত অনুবাদ কৰা হ’ব ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জীৱন আৰু কৰ্মৰাজি সম্পকীয় তথ্যচিত্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ।
In today’s meeting of the #AssamCabinet, we resolved to
✅Celebrate Bharat Ratna Bhupen Hazarika’s 100th Birth anniversary in a grand manner
✅ Operationalalise 10 new Co-districts
✅Approve ₹250cr for @CareAssam
✅Boost dairy production through transferring operations to NEDFL pic.twitter.com/Cy41fH44M4— Himanta Biswa Sarma (@himantabiswa) April 12, 2025
নাগৰিকসকলক কার্যকৰী প্রশাসন ব্যবস্থা আৰু উন্নত সেবা প্রদান নিশ্চিত কৰাৰ বাবে ১৫ আগষ্ট ২০২৫ৰ ভিতৰত আৰু ১০খন সম-জিলা কার্যকৰীকৰণত অনুমোদন জনায় কেবিনেটে। ইয়াৰে এখন সম জিলা হ’ব বকো-ছয়গাঁও সমষ্টিত, দ্বিতীয়খন সম জিলা হ’ব পলাশবাৰী সমষ্টিত, তৃতীয়খন সম জিলা হ’ব শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিত, শোণিতপুৰৰ ৰঙাপাৰাত হ’ব চতুৰ্খখন সম জিলা হ’ব। তিনিচুকীয়া জিলাৰ মাকুম, ডিগবৈ, যোৰহাট জিলাৰ টীয়ক আৰু মৰিয়নি জিলাতো হ’ব নতুন সম জিলা। কাছাৰ জিলাৰ ধলাই আৰু গোৱালপাৰাৰ দুধনৈত হ’ব নতুন সম জিলা।
ৰাজ্যৰ ৮ খন কেন্সাৰ প্ৰতিষ্ঠানলৈ ২৫০ কোটি টকাৰ অনুমোদন জনাই আজিৰ কেবিনেটে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰিছে ২৫০০ কোটি টকা। অসম দুগ্ধ বিকাশ পৰিকল্পনা বোকাখাত, ডিব্ৰুগড়, যোৰহাট আৰু বজালীত ৪টা দুগ্ধ সংসাধন গোট কার্যকৰী কৰাৰ বাবে দুগ্ধ উন্নয়ন বিভাগৰ অধীনত এই আন্তঃগাঁথনিসমূহ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যৌথ উদ্যোগ উত্তৰ-পূব দুগ্ধ আৰু খাদ্য লিমিটেডক হস্তান্তৰ কৰিবলৈ অনুমোদন জনাইছে কেবিনেটে।