চৰাইদেউত গ্রীণফিল্ড বিশ্ববিদ্যালয় স্থাপনৰ পৰা ষ্টাৰ্টআপ পলিচিলৈ, কেবিনেটৰ সিদ্ধান্তসমূহ…

Assam Cabinet Decision: আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুন গ্ৰীণফিল্ড বিশ্ববিদ্যালয়ৰ পৰা উমা চেত্ৰীলৈ আৰ্থিক অনুদানৰ ঘোষণা কৰা হয়।

চৰাইদেউত গ্রীণফিল্ড বিশ্ববিদ্যালয় স্থাপনৰ পৰা ষ্টাৰ্টআপ পলিচিলৈ, কেবিনেটৰ সিদ্ধান্তসমূহ...

অসম কেবিনেটৰ সিদ্ধান্ত

Published: 

09 Nov 2025 21:47 PM

দেওবাৰ (৯ নৱেম্বৰ)য়ে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহৰ বিষয়ে জনায়। আজিৰ কেবিনেটৰ সিদ্ধান্তসমূহ তলত উল্লেখ কৰা হ’ল-

১)স্বৰ্গদেউ চাওল্যুং চ্যুকাফাৰ নামেৰে চৰাইদেউ জিলাত এখন নতুন গ্রীণফিল্ড বিশ্ববিদ্যালয় স্থাপনত আজিৰ কেবিনেটে অনুমোদন জনায়। চ্যুকাফা বিশ্ববিদ্যালয়ত কলা আৰু বিজ্ঞান শাখাৰ উপৰি প্ৰধানকৈ বাণিজ্য আৰু ব্যৱসায় ব্যৱস্থাপনা পাঠ্যক্ৰমৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব।  এই বিষয়ত বিশ্ববিদ্যালয়খনক উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব। অহা ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব লগা বিধানসভা অধিৱেশনত এই বিশ্ববিদ্যালয় স্থাপনৰ বাবে বিধেয়ক উত্থাপন কৰা হ’ব।

২)অসমৰ মহাবিদ্যালয়সমূহৰ আধ্যাপক-অধ্যাপিকাসকলক ‘কেৰিয়াৰ এডভাঞ্চমেন্ট স্কীম’ৰ অধীনত পদোন্নতি দিয়াৰ ক্ষেত্রত এতিয়ালৈকে অধিসূচনা জাৰিৰ তাৰিখক কাৰ্যকৰীকৰণৰ তাৰিখ হিচাপে গণ্য কৰা হৈছিল। আজিৰ কেবিনেটে অধিসূচনা জাৰিৰ তাৰিখৰ পৰিৱৰ্তে যোগ্যতা প্ৰাপ্তিৰ তাৰিখক পদোন্নতিৰ ক্ষেত্ৰত কাৰ্যকৰীকৰণৰ তাৰিখ হিচাপে গণ্য কৰাত অনুমোদন জনায়।

৩)ৰাজ্যত বহু বিবাহ নিষিদ্ধ কৰাৰ বাবে আজিৰ কেবিনেটে ‘দ্য আছাম প্রহিবিশ্যন অব পলিগেমি বিল, ২০২৫’ শীর্ষক এখন বিধেয়ক বিধানসভাত উত্থাপনৰ বাবে অনুমোদন জনায়। এই বিধেয়ক অনুসৰি এগৰাকী বৈধ পত্নী থকা অৱস্থাত একাধিক বিয়া কৰোৱা পুৰুষসকলে ৭ বছৰ পৰ্যন্ত কাৰাবাসৰ শাস্তি ভোগ কৰিব লাগিব। আনহাতে, বহু বিবাহৰ বলি হোৱা নির্যাতিতা মহিলাসকলক আর্থিকভাৱে ক্ষতিপূৰণ প্ৰদানৰ বাবেও ব্যৱস্থা গ্রহণ কৰা হ’ব। অৱশ্যে অনুসূচিত জনজাতিৰ লোকসকল এই বিধেয়কৰ আওতাৰ পৰা বাহিৰত থাকিব। সেইদৰে ষষ্ঠ অনুসূচীৰ অধীনৰ অঞ্চলসমূহত এই বিধেয়ক সদ্যহতে প্রযোজ্য নহ’ব।

৪)আজিৰ কেবিনেটে ‘আছাম ষ্টার্টআপ এণ্ড ইন’ভেশ্যন পলিচী, ২০২৫-৩০’ত অনুমোদন জনায়। এই পলিচীৰ অধীনত ১০ লাখ টকা পর্যন্ত Ideation Grant, ২০ৰ পৰা ৪০ লাখ টকা পর্যন্ত Prototype Devel-opment Grant, ৫০ লাখ টকা পর্যন্ত Seed Fund আৰু ১০ কোটি টকা পর্যন্ত Startup Venture Capital Fund ৰ দৰে পুঁজিগত সাহায্য প্রদানৰ ব্যৱস্থা থাকিব।

৫)আজিৰ কেবিনেটে উত্তৰ গুৱাহাটীৰ ৰংমহলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ‘ষ্টেট অব আর্ট জুডিচিয়েল টাউনশ্বিপ’ৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ কাৰ্যৰ বাবে ৪৭৮.৭৮ কোটি টকা পুঁজিত প্রশাসনিক অনুমোদন জনায়। এই পর্যায়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাবে এটা পাঁচ মহলীয়া ভৱন, এটা সাত মহলীয়া উচ্চ ন্যায়ালয়ৰ বাৰ ভৱন আৰু আন এটা সাত মহলীয়া উচ্চ ন্যায়ালয়ৰ কাৰ্যালয় ভৱন নিৰ্মাণ কৰা হ’ব।

৬)আজিৰ কেবিনেটে সদ্য বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা ক্রিকেট দলৰ সদস্যা উমা চেত্রীক অভিনন্দন জ্ঞাপন কৰে আৰু তেওঁলৈ ২৫ লাখ টকাৰ অনুদানত অনুমোদন জনায়।

 

 

অন্য খবৰ পঢ়কঃ ক্ৰিকেটাৰ উমা চেত্ৰীলৈ অসম চৰকাৰৰ ২৫ লাখ টকাৰ আৰ্থিক অনুদান…

জীৱনলৈ আহিব দুৰ্দশা! কেতিয়াও উপহাৰ নিদিব এই ৫ বিধ বস্তু...
চাইনাছৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? চিকিৎসকে কি কয় জানক...
কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে দৈনিক কি কি খাদ্য খাব লাগে ? জানক
ঘৰৰ কোন দিশত পাকঘৰ থকাটো আটাইতকৈ ভাল? জানক...