৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ পৰা অত্যাধুনিক সংগ্রহালয় স্থাপনলৈ…ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ…
আজি কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহৰ বিষয়ে জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ৰাজ্যিক কেবিনেট বৈঠক
বুধবাৰ (২৬ নৱেম্বৰ)ত দিছপুৰৰ লোক সেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহৰ বিষয়ে জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আজিৰ কেবিনেটৰ সিদ্ধান্তসমূহ তলত উল্লেখ কৰা হ’ল-
- অসমৰ ৬ টা বৃহৎ জনগোষ্ঠী ক্রমে টাই আহোম, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী (আদিবাসী) সম্প্রদায়ক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ প্ৰস্তাৱ সম্পৰ্কত গঠন কৰা মন্ত্ৰীমণ্ডলীৰ প্ৰতিবেদন অসম বিধানসভাত দাখিল কৰাত অনুমোদন জনায় ৰাজ্যিক কেবিনেটে। অসম বিধানসভাত দাখিল কৰাৰ পিছত ৰাজ্য চৰকাৰে ভাৰত চৰকাৰৰ গৃহ মন্ত্রণালয়লৈ প্ৰেৰণ কৰিব এই প্রতিবেদন। এই তিনিজনীয়া মন্ত্ৰীমণ্ডলীৰ নেতৃত্বত আছে মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু আন দুজন সদস্য পীযূষ হাজৰিকা আৰু কেশৱ মহন্ত।
- খানাপাৰাৰ ৰেচম নগৰস্থিত হস্ততাঁত, বস্ত্র শিল্প আৰু ৰেচম বিভাগৰ অধীনস্থ চৰকাৰী মুগা ফাৰ্মৰ ৩ বিঘা ভূমিৰ হস্তান্তৰৰ প্ৰস্তাৱ সংশোধন কৰি এটা অত্যাধুনিক সংগ্রহালয় স্থাপনৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগলৈ হস্তান্তৰকৰণত অনুমোদন জনায় ৰাজ্যিক কেবিনেটে। মন কৰিবলগীয়া যে অসমৰ অত্যন্ত গুৰুত্বপূৰ্ণ সম্পদ, ঐতিহ্য সংৰক্ষণ আৰু প্ৰদৰ্শনৰ উদ্দেশ্যে এই সংগ্রহালয়টো জে এছ ডব্লিউ আই এণ্ড পি হ’ল্ডিংছ প্রাইভেট লিমিটেডৰ সহায়ত নিৰ্মাণ কৰা হ’ব। লগতে সংগ্ৰহালয়টোত লণ্ডনৰ বৃটিছ সংগ্ৰহালয়ৰ পৰা বৃন্দাবনী বস্ত্র সাময়িকভাৱে আনি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব।
- গুৱাহাটীৰ দক্ষিণগাঁওস্থিত অসম জৰীপ আৰু বন্দোৱস্তি প্রশিক্ষণ কেন্দ্ৰৰ শিক্ষকসকলৰ নিযুক্তি, সেৱাৰ চৰ্তাৱলী আৰু পদোন্নতিৰ ব্যৱস্থা নিয়ন্ত্ৰণৰ উদ্দেশ্যে ‘অসম জৰীপ আৰু বন্দোৱস্তি প্রশিক্ষণ কেন্দ্ৰৰ শিক্ষকৰ সেৱাবিধি ২০২৫’ত অনুমোদন জনায় ৰাজ্যিক কেবিনেটে।
লগতে পঢ়ক: আলফা (স্বাধীন)ৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ অভিযোগত ৪ ব্যক্তিক আটক