Assam Cabinet: বছৰৰ পহিলা দিনটোত অসম কেবিনেটে কি কি সিদ্ধান্ত ল’লে? জানক…
Assam Cabinet Decision: ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত ৰাজ্যিক কেবিনেট অনুষ্ঠিত হয়। য'ত বিভিন্ন দিশৰ ওপৰত আলোচনা কৰাৰ লগতে শিক্ষা আৰু স্বাস্থ্য সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰীয়ে জনাই সবিশেষ।

অসম কেবিনেটৰ সিদ্ধান্ত
এক জানুৱাৰী, ২০২৬ত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ প্ৰথমখন বৈঠক। ‘নতুন দিনৰ আলাপ’ সমাপ্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰে। য’ত বিভিন্ন দিশৰ ওপৰত আলোচনা কৰাৰ লগতে শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত সামৰি দুটাকৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে সিদ্ধান্ত কেইটাৰ বিষয়ে জনায়। তলত এই সিদ্ধান্ত কেইটাৰ বিষয়ে সবিশেষ উল্লেখ কৰা হ’ল।
- শিক্ষাৰ সম্প্ৰসাৰণঃ সমগ্ৰ অসমৰ ১০০ খন বিদ্যালয় নিৰ্মাণৰ বাবে কেবিনেটে ৪৫৫ কোটি টকাৰ অনুমোদন প্ৰদান কৰিছে।
- স্বাস্থ্য সেৱালৈ বৃহৎ উৎসাহঃ কেবিনেটে এম এম চি এইচ আৰু কালাপাহাৰ চৌহদক কেন্দ্ৰ কৰি ৮০০খন বিচনাযুক্ত সাধাৰণ চিকিৎসালয়ৰ সৈতে এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণপ বাবে ১,২০১.১৬ কোটি টকাৰ সংশোধিক প্ৰশাসনিক অনুমোদন প্ৰদান কৰিছে।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত লিখে যে- “নতুন দিনৰ আলাপ সমাপ্ত কৰি নতুন বছৰৰ উৎসাহেৰে আজি এই বৰ্ষীয় অসম মন্ত্ৰীসভাৰ প্ৰথম বৈঠকখনি অনুষ্ঠিত কৰা হয়৷ উক্ত বৈঠকত আন বিষয়ৰ আলোচনাৰ লগতে শিক্ষা আৰু স্বাস্থ্য খণ্ডক প্ৰাধান্য দি মুখ্যত: দুটা সিদ্ধান্ত গ্ৰহণ কৰা হয়”।
উল্লেখ্য যে, কেবিনেটৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন দিনৰ আলাপ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। যত তেওঁ বিভিন্ন দিশৰ ওপৰত মত প্ৰকাশ কৰে। এই সময়চোৱাত শৰ্মাই ৰাজ্যখনৰ জনমূৰি আয় ৫৪ শতাংশ আৰু ৰাজ্যৰ ৰাজহ সংগ্ৰহৰ হাৰো ৫৩ শতাংশ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে। ইয়াৰোপৰি ৰাজ্যত আন্তঃগাঁথনি আৰু যাতায়তৰ দিশত হোৱা গুৰুত্বপূৰ্ণ অগ্ৰগতিৰো খাতিয়ান দাঙি ধৰে। শৰ্মাই স্বাস্থ্য, শিক্ষা আদিৰ দিশটো মত প্ৰকাশ কৰে। তেওঁ কয় যে, ৰাজ্যত ইতিমধ্যে ১৪খন চিকিৎসা মহাবিদ্যালয় কাৰ্যক্ষম হৈছে আৰু এই বছৰ বঙাইগাঁৱত আন এখন মহাবিদ্যালয় মুকলি হ’ব।
অন্য খবৰ পঢ়কঃ বছৰৰ প্ৰথম দিনটোত ভাল খবৰ! ৩৭ লাখ মহিলাই লাভ কৰিব ৮,০০০কৈ টকা…