স্বাস্থ্য সেৱাৰ পৰা ব্যৱসায়লৈ, কেবিনেটে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ জানক…

বুধবাৰে হোৱা অসম কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তসমূহৰ বিষয়ে সবিশেষ জনায়।

স্বাস্থ্য সেৱাৰ পৰা ব্যৱসায়লৈ, কেবিনেটে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ জানক...

হিমন্ত বিশ্ব শৰ্মা

Published: 

14 Aug 2025 | 09:15 AM

স্বাধীনতা দিৱসৰ পূৰ্বে ১৩ আগষ্টত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট। তাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে সিদ্ধান্তসমূহৰ বিষয়ে জনায়। কালি কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহ তলত উল্লেখ কৰা হল-

১) সকলোৰে বাবে গুণগত স্বাস্থ্য সেৱা নিশ্চিতকৰণঃ হিতাধিকাৰীসকলক নগদবিহীন চিকিৎসা সেৱা অব্যাহত ৰখাটো নিশ্চিত কৰিবলৈ ২০২৫-২৬ বৰ্ষত মুখ্যমন্ত্রী আয়ুষ্মান অসম যোজনা ৰূপায়ণৰ বাবে বাকী থকা ৩২৫ কোটি টকা আবণ্টনত কেবিনেটে অনুমোদন জনাইছে।

২) নির্ভৰযোগ্য শক্তি যোগান নিশ্চিতকৰণঃ জনসাধাৰণক সুলভ মূল্যত শক্তি প্রদানৰ বাবে কেবিনেটে কয়লা মন্ত্ৰ্যালয়ৰ পৰা ৫০০ মেগাৱট শক্তি ৫.৭৯ টকা/ইউনিটত ক্ৰয় কৰিবলৈ অনুমোদন জনাইছে।

৩)মিছন বসুন্ধৰা ৩.০ৰ অধীনত ভূমিৰ পুনৰ শ্রেণী বিভাজনঃ কেবিনেটে ধুবুৰী আৰু বিশ্বনাথত মিছন বসুন্ধৰা ৩.০ৰ অধীনত পুনৰ শ্রেণী বিভাজন আৰু অনা কৃষি উদ্দেশ্যৰে হস্তান্তৰৰ বাবে ৮টা প্রস্তাৱ পুনৰ শ্রেণী বিভাজনৰ বাবে অনুমোদন জনাইছে।

 

৪) ইজ অব ডুইং বিজনেছত উৎসাহঃ কেবিনেটে উদ্যোগসমূহৰ উন্নয়নৰ সুবিধাৰ বাবে আৰু সেউজ ভৱন নির্মাণত উৎসাহ যোগোৱাৰ বাবে আছাম ইউনিফাইড বিল্ডিং কনস্ট্রাকশান (ৰেগুলেশান) বাই ল’, ২০২২ সংশোধনীত অনুমোদন জনাইছে। এই সংশোধনীয়ে ক্ষুদ্র ভূমিৰ ক্ষেত্ৰত টি অ’ ডি নীতিৰ লাভালাভ প্রাপ্ত কৰা আৰু অর্থনৈতিকভাৱে দুর্বল শ্রেণীৰ লোকৰ বাবে আৱাসৰ সুবিধা প্রদান কৰিব।

৫) স্বচ্ছ শক্তিৰ লক্ষ্যৰ দিশত গুৰুত্বঃ কেবিনেটে কার্বি আংলঙত ১৫০০ মেগাৱট পাম্পড ষ্ট’ৰেজ প্রকল্পৰ বাবে অনুমোদন জনাইছে।

 

অন্য খবৰ পঢ়কঃ স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটীত “ত্ৰিৰংগ সমলয়” শীৰ্ষক কাৰ্যসূচী…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব