Assam: অবৈধভাৱে চাকৰি! সাংসদ ৰকিবুল হুচেইনৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

Himanta biswa sarma: সাংসদ ৰকিবুল হুচেইনৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী। উপ- নিৰ্বাচনৰ পাছতেই বিপদ বাঢ়িব পাৰে ৰকিবুল হুচেইনৰ। অবৈধভাৱে চাকৰি দিয়া সন্দৰ্ভত ৰকিবুল হুচেইনৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে।

Assam: অবৈধভাৱে চাকৰি! সাংসদ ৰকিবুল হুচেইনৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ৰকিবুল- হিমন্ত

Published: 

06 Nov 2024 | 05:02 PM

ৰাজ্যৰ বিধানসভা উপ- নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এই সময়ত প্ৰতিটো শাসকীয়, বিৰোধী দল ব্য়স্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত। এইবাৰৰ নিৰ্বাচনত সবাতোকৈ চৰ্চাত আছে চামগুৰি আৰু বিহালী সমষ্টি। ইয়াৰে চামগুৰি সমষ্টিত বছৰ বছৰ ধৰি কংগ্ৰেছ নেতা ৰকিবুল হুচেইনে শাসন কৰি আহিছে। কিন্তু ৰকিবুল হুচেইন সাংসদ হোৱাৰ পাছতেই এই সমষ্টিটো বিজেপিয়ে নিজৰ দখললৈ অনাৰ সকলো চেষ্টায়ে কৰি গৈছে। এইবাৰ এই সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৰকিবুল হুচেইনৰ পুত্ৰ তানজিল হুচেইনে। পুত্ৰৰ হাতত যিকোনো পধ্যেই সমষ্টি গতাই দিবলৈ দিন- ৰাতি একাকাৰ কৰি প্ৰচাৰ চলাইছে ৰকিবুল হুচেইনে।

প্ৰচাৰৰ মাজত কৰা এক মন্তব্যৰ পাছতেই এতিয়া বিপদ বাঢ়িছে সাংসদ ৰকিবুল হুচেইনৰ। সাংসদ ৰকিবুল হুচেইনৰ বিৰুদ্ধে আৰক্ষীক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৃহ ৰাজ্য মন্ত্ৰী হৈ থকা সময়ত অবৈধভাৱে চাকৰি প্ৰদান কৰা সন্দৰ্ভত ৰকিবুল হুচেইনক সোধা-পোছা কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বঙাইগাঁৱত অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ হৈ প্ৰচাৰ চলোৱাৰ সময়ত এই কথা জনাই শৰ্মাই।

কিছুদিনৰ পূৰ্বে এক সাক্ষাৎকাৰত ৰকিবুল হুচেইনে মন্তব্য প্ৰদান কৰিছিল যে চামগুৰিৰ প্ৰতিটো পৰিয়ালৰ এজন সদস্যক তেওঁ চাকৰি দিছে। সাংসদ গৰাকীৰ এই মন্তব্যৰ আলম হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে। এই বিষয়টো গুৰুত্ব সহকাৰে লোৱা বুলি উল্লেখ কৰি শৰ্মাই কয় যে, ৰাকেশ পালে চাকৰি দিয়া কথাটো গম পাইছিলো। কিন্তু ৰকিবুল হুচেইনে চাকৰি দিয়া কথাটো গম পোৱা নাছিলো। যিহেতু তেওঁ নিজেই এই বিষয়টো উল্লেখ কৰিছে গতিকে আমি পৰীক্ষা কৰিব লাগিব। উপ- নিৰ্বাচনৰ পাছত সোধা পোছাৰ বাবে আৰক্ষীক নিৰ্দেশ দিছো।

শৰ্মাই কয়, ৰাকেশ পালে অবৈধভাৱে চাকৰি দিয়া কথা সকলোৱে জানে। ইয়াৰ বাবে জেলো খাইছে। ৰকিবুল হুচেইন গৃহ ৰাজ্য মন্ত্ৰী হৈ থকাৰ সময়ত পিছ দুৱাৰে দি চাকৰি দিয়া বুলি বহুতে অভিযোগ কৰি আহিছিল। যিহেতু তেওঁ এই কথা নিজ মুখে স্বীকাৰ কৰিছে গতিকে ৰকিবুল হুচেইনক এই বিষয়ট সোধা পোছা কৰা যাব।

উল্লেখ্য যে, চামগুৰিত উত্তপ্ত হৈ আছে নিৰ্বাচনী বতাহ। সমষ্টিটোৰ পৰা বিভিন্ন সময়ত নিৰ্বাচনকেন্দ্ৰিত সংঘাতৰ কথাও পোহৰলৈ আহিছে। তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যই পৰিস্থিতি আৰু উত্তপ্ত কৰি তোলাৰ সম্ভাৱনা আছে। কাইলৈ চামগুৰিত বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰচাৰে ভোটাৰ ৰাইজক প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...