অসম বাজেট ২০২৫-২৬: চাহ শ্ৰমিকৰ বাবে বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিলে আৰ্থিক সাহায্য, কিমান টকাকৈ পাব এজন শ্ৰমিকে?

আজি দাখিল কৰা হ'ল অসম বাজে ২০২৫-২৬ । বাজেটত ৰাইজৰ বাবে কেইবাটাও ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে । ইয়াৰ মাজতে চাহ শ্ৰমিকৰ বাবে কৰা হৈছে এক বিশেষ ঘোষণা । চাওক সবিশেষ-

অসম বাজেট ২০২৫-২৬: চাহ শ্ৰমিকৰ বাবে বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিলে আৰ্থিক সাহায্য, কিমান টকাকৈ পাব এজন শ্ৰমিকে?

চাহ শ্ৰমিকলৈ ভাল খবৰ

Published: 

10 Mar 2025 13:26 PM

আজি বিধানসভাত ২০২৫-২৬ বৰ্ষৰ ৰাজ্যিক বাজেট দাখিল কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে । হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমটো কাৰ্যকালৰ এয়া হৈছে অন্তিমখন পূৰ্ণাংগ বাজেট । কিয়নো ২০২৬ চনত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন তাৰ পূৰ্বে অনুষ্ঠিত অধিৱেশনত দাখিল কৰা হ’ব অন্তৱৰ্তীকালীন বাজেট । এইবাৰৰ বাজেটত ৰাজ্যবাসীৰ বাবে বহুকেইটা ঘোষণা কৰিছে বিত্তমন্ত্ৰীয়ে ।

অসমৰ ২০০ বছৰীয়া চাহ উদ্যোগৰ কথা উনুকিয়াই বিত্তমন্ত্ৰীয়ে সদনত ঘোষণা কৰে যে অসমৰ চাহ জনগোষ্ঠীলৈ চৰকাৰে আগবঢ়াব আৰ্থিক সাহায্য । ৰাজ্যত বৰ্তমান থকা ৬.৮ লাখ চাহ শ্ৰমিকৰ প্ৰতিগৰাকীলৈকে ৫০০০ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে । স্থায়ী আৰু অস্থায়ী সকলো শ্ৰমিককে ইয়াত সামৰি লোৱা হ’ব বুলিও জনায় বিত্তমন্ত্ৰীয়ে । তেওঁ জনায় যে বাজেটত ইয়াৰ বাবে ৩৪২ কোটি টকা ধাৰ্য কৰা হৈছে ।

উল্লেখ্য যে শেহতীয়াকৈ অসম চৰকাৰে চাহ শ্ৰমিকৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে । যোৱা ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী মোদীৰ সমুখত প্ৰায় ৯০০০ শিল্পীৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় ঝুমুৰ নৃত্য । এই অনুষ্ঠানত অংশ লোৱা শিল্পীৰ বাবে চৰকাৰে আৰ্থিক পুৰস্কাৰো ঘোষণা কৰে । তাৰোপৰি সেই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকসকলক বাগান লাইনতে ভূমি দিয়াৰো এক ঘোষণা কৰিছিল ।

চাহ শ্ৰমিকৰ মজুৰি

দীৰ্ঘদিন ধৰি চাহ শ্ৰমিকসকলে প্ৰাপ্ত মজুৰি আৰু অন্যান্য সা-সুবিধাৰ বাবে আন্দোলন কৰি আহিছিল । চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি ১৮ টকা বৃদ্ধিৰ বাবে এক নিৰ্দেশ প্ৰদান কৰিছিল ২০২৩ বৰ্ষতে । সেই অনুসৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিচাৰ শ্ৰমিকক দৈনিক মজুৰি ২৫০ টকা আৰু বৰাক উপত্যকাৰ চাহ শ্ৰমিকক দৈনিক মজুৰি ২২৮ টকা প্ৰদানৰ নিৰ্দেশ দিয়া হৈছি । চাহ শ্ৰমিকসকলে অৱশ্যে দৈনিক ৩৫১ টকা মজুৰি প্ৰদানৰ দাবীত সময়ে সময়ে প্ৰতিবাদ কৰি আহিছে ।

ঘৰত কেতিয়াও নহ'ব ধনৰ অভাৱ, মাত্ৰ কৰক এই কাম!
আপুনি বৈবাহিক জীৱনত সুখীনে? সম্পৰ্ক মধুৰ কৰি ৰাখিবলৈ অনুসৰণ কৰক চাণক্যৰ এই নীতিসমূহ
আপুনিৰ কোঠাৰ ভিতৰতে ফেনৰ তলত কাপোৰ শুকাবলৈ দিয়ে নেকি? কেনে ক্ষতি হ’ব পাৰে জানেনে?
অকাল মৃত্যুৰ পৰা পৰিত্ৰাণৰ উপায় ক'লে প্ৰেমানন্দ মহাৰাজে...