অসম বাজেট ২০২৫-২৬: চাহ শ্ৰমিকৰ বাবে বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিলে আৰ্থিক সাহায্য, কিমান টকাকৈ পাব এজন শ্ৰমিকে?

আজি দাখিল কৰা হ'ল অসম বাজে ২০২৫-২৬ । বাজেটত ৰাইজৰ বাবে কেইবাটাও ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে । ইয়াৰ মাজতে চাহ শ্ৰমিকৰ বাবে কৰা হৈছে এক বিশেষ ঘোষণা । চাওক সবিশেষ-

অসম বাজেট ২০২৫-২৬: চাহ শ্ৰমিকৰ বাবে বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিলে আৰ্থিক সাহায্য, কিমান টকাকৈ পাব এজন শ্ৰমিকে?

চাহ শ্ৰমিকলৈ ভাল খবৰ

Published: 

10 Mar 2025 | 01:26 PM

আজি বিধানসভাত ২০২৫-২৬ বৰ্ষৰ ৰাজ্যিক বাজেট দাখিল কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে । হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমটো কাৰ্যকালৰ এয়া হৈছে অন্তিমখন পূৰ্ণাংগ বাজেট । কিয়নো ২০২৬ চনত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন তাৰ পূৰ্বে অনুষ্ঠিত অধিৱেশনত দাখিল কৰা হ’ব অন্তৱৰ্তীকালীন বাজেট । এইবাৰৰ বাজেটত ৰাজ্যবাসীৰ বাবে বহুকেইটা ঘোষণা কৰিছে বিত্তমন্ত্ৰীয়ে ।

অসমৰ ২০০ বছৰীয়া চাহ উদ্যোগৰ কথা উনুকিয়াই বিত্তমন্ত্ৰীয়ে সদনত ঘোষণা কৰে যে অসমৰ চাহ জনগোষ্ঠীলৈ চৰকাৰে আগবঢ়াব আৰ্থিক সাহায্য । ৰাজ্যত বৰ্তমান থকা ৬.৮ লাখ চাহ শ্ৰমিকৰ প্ৰতিগৰাকীলৈকে ৫০০০ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে । স্থায়ী আৰু অস্থায়ী সকলো শ্ৰমিককে ইয়াত সামৰি লোৱা হ’ব বুলিও জনায় বিত্তমন্ত্ৰীয়ে । তেওঁ জনায় যে বাজেটত ইয়াৰ বাবে ৩৪২ কোটি টকা ধাৰ্য কৰা হৈছে ।

উল্লেখ্য যে শেহতীয়াকৈ অসম চৰকাৰে চাহ শ্ৰমিকৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে । যোৱা ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী মোদীৰ সমুখত প্ৰায় ৯০০০ শিল্পীৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় ঝুমুৰ নৃত্য । এই অনুষ্ঠানত অংশ লোৱা শিল্পীৰ বাবে চৰকাৰে আৰ্থিক পুৰস্কাৰো ঘোষণা কৰে । তাৰোপৰি সেই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকসকলক বাগান লাইনতে ভূমি দিয়াৰো এক ঘোষণা কৰিছিল ।

চাহ শ্ৰমিকৰ মজুৰি

দীৰ্ঘদিন ধৰি চাহ শ্ৰমিকসকলে প্ৰাপ্ত মজুৰি আৰু অন্যান্য সা-সুবিধাৰ বাবে আন্দোলন কৰি আহিছিল । চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি ১৮ টকা বৃদ্ধিৰ বাবে এক নিৰ্দেশ প্ৰদান কৰিছিল ২০২৩ বৰ্ষতে । সেই অনুসৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিচাৰ শ্ৰমিকক দৈনিক মজুৰি ২৫০ টকা আৰু বৰাক উপত্যকাৰ চাহ শ্ৰমিকক দৈনিক মজুৰি ২২৮ টকা প্ৰদানৰ নিৰ্দেশ দিয়া হৈছি । চাহ শ্ৰমিকসকলে অৱশ্যে দৈনিক ৩৫১ টকা মজুৰি প্ৰদানৰ দাবীত সময়ে সময়ে প্ৰতিবাদ কৰি আহিছে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...