Assam budget 2025-26: প্ৰতি ইউনিট বিদ্যুতত ১ টকা ৰেহায়, সুলভ মূল্যত দাইল-চেনি আৰু কি কি আছে?

বিত্তমন্ত্ৰী অজন্তা নেওগে আজি উত্থাপন কৰা বাজেটত বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে । তাৰ ভিতৰত কেইটামান ঘোষণা তলত আগবঢ়োৱা হ'ল-

Assam budget 2025-26: প্ৰতি ইউনিট বিদ্যুতত ১ টকা ৰেহায়, সুলভ মূল্যত দাইল-চেনি আৰু কি কি আছে?

অসম বাজেট

Updated On: 

10 Mar 2025 14:27 PM

আজি অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে অসম বাজেট ২০২৫-২৬ । এই বাজেটত বিত্তমন্ত্ৰী কেবাটাও ঘোষণা কৰা দেখা গৈছে । তাৰ ভিতৰত কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা চাওঁ আহক-

সুলভ মূল্যৰ বিদ্যুৎ

  • ৪৮ লাখ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ উপভোক্তাৰ বাবে প্ৰতি ইউনিটত ১ টকাকৈ ৰেহায়
  • এই ৰেহায়ৰ বাবে ৩০০ কোটি টকা ধাৰ্য

খাদ্য সুৰক্ষা- NFSA হিতাধিকাৰীলৈ অতিৰিক্ত সুবিধা

  • ৰাজসাহায্যযুক্ত হাৰত এক কিলোগ্ৰামকৈ মাছুৰ দাইল, চেনি, আৰু নিমখ যোগান
  • এই পদক্ষেপৰ বাবে ৩৭০ কোটি টকা আৱণ্টন

২০০ বছৰীয়া অসম চাহ– চাহ বাগিচা জনগোষ্ঠীলৈ সাহায্য

  • ৬.৮ লাখ চাহ বাগিচাৰ শ্ৰমিকৰ বাবে ৫,০০০ টকাকৈ এককালীন আৰ্থিক সাহায্য
  • ইয়াৰ বাবে ৩৪২ কোটি আৱণ্টন

এক লাখৰো অধিক চাকৰিৰ ব্যৱস্থা

  • এক লাখ লক্ষ্য অতিক্ৰম কৰি ১,১৯,৮৯৯ টা নিযুক্তি দিয়া হৈছে
  • অতিৰিক্ত ৪০,৬৯৭টা চাকৰিৰ বিজ্ঞাপন, মুঠ নিয়োগৰ সুযোগ ১,৬০,৫৯৬লৈ বৃদ্ধি

মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান (MMUA)

  • ৩০ লাখ গ্ৰাম্য আত্মসহায়ক গোটৰ সদস্য আৰু ২ লাখ নগৰীয়া আত্মসহায়ক গোটৰ সদস্যৰ বাবে ১০,০০০ মূলধন
  • মহিলা উদ্যোগীৰ বাবে আৱণ্টন দিয়া হৈছে ৩,০৩৮ কোটি টকা

অসমৰ ঔদ্যোগিক পৰিৱেশ শক্তিশালী কৰা

  • ডিব্ৰুগড়, গোলাঘাট, শিলচৰ, জাগীৰোড, পলাশবাৰী, তেজপুৰ, আৰু নলবাৰীত নতুন উদ্যোগ উদ্যান
    ঔদ্যোগিক উদ্যানৰ বাবে ৫০০ কোটি টকা আৱণ্টন, জাগীৰোড আৰু পলাশবাৰীত ৮,০০০ কোটি টাউনশ্বিপ প্ৰকল্প
  • ২০০০ কোটি অসম ঔদ্যোগিক গতিবেগ (AIM) পুঁজি

বনমিত্ৰ অভিযান– বন্যপ্ৰাণী সংৰক্ষণ

  • পাঁচখন মানৱ-হাতী সংঘাতপ্ৰৱণ জিলাত গজমিত্ৰ আঁচনি
  • কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জিপচীৰ ঠাইত বৈদ্যুতিক বাহন ব্যৱহাৰ কৰিবলৈ ২০ কোটি টকা আৱণ্টন

অসম দৰ্শন আঁচনিৰ সম্প্ৰসাৰণ

  • ২৫ হাজাৰ নামঘৰ আৰু ধৰ্মীয় অনুষ্ঠানলৈ আৰ্থিক সাহায্য
  • আন্তঃগাঁথনি উন্নয়নৰ বাবে আৱণ্টন দিয়া হৈছে ৪২০ কোটি টকা

অসমৰ নিজা উপগ্ৰহ – ASSAMSAT

  • IN-SPACe (ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰসাৰ আৰু অনুমোদন কেন্দ্ৰ)ৰ সৈতে সহযোগিতা
  • কৃষি, দুৰ্যোগ ব্যৱস্থাপনা, আন্তঃগাঁথনি, আৰু সুৰক্ষাৰ বাবে তথ্য-চালিত এপ

মিছন অলিম্পিক – অসমৰ ভৱিষ্যত অলিম্পিয়ানক সাহায্য প্ৰদান

  • আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ৫০০ খেলুৱৈৰ বাবে আৱাসিক প্ৰশিক্ষণ আৰু প্ৰশিক্ষণ
  • ক্ৰীড়া আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ
শাওনৰ সোমবাৰে শিৱলিংগত আগবঢ়াওক এইসমূহ বস্তু, লাভ কৰিৰ মহাদেৱৰ আশীৰ্বাদ!
গিলৰ সমানেই ইংলেণ্ডত গৰজি উঠিল বৈভৱৰ বেট, গঢ়িলে এই বিশ্ব ৰেকৰ্ড
কঁঠালৰ গুটি খোৱা আৰম্ভ কৰক, পাব এইসমূহ আচৰিত উপকাৰিতা...
অত্যধিক মোবাইল ব্যৱহাৰৰ ফলত হ’ব পাৰে চকুৰ এই ৰোগ, লক্ষণবোৰ জানক...