Assam Budget 2025-26: কৃষি ক্ষেত্ৰখনক কেনেদৰে আগুৱাই নিছে ৰাজ্য চৰকাৰে ? বাজেটত কিমান টকা দিয়া হৈছে আবণ্টন ?

বিত্তমন্ত্ৰীগৰাকীয়ে বিধানসভাত দিয়া বাজেট ভাষণত বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে । ইয়াৰ মাজতে কৃষি বিভাগৰ বাবে ২,১৭৩ কোটি টকা আবণ্টন দিয়াৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ।

Assam Budget 2025-26: কৃষি ক্ষেত্ৰখনক কেনেদৰে আগুৱাই নিছে ৰাজ্য চৰকাৰে ? বাজেটত কিমান টকা দিয়া হৈছে আবণ্টন ?

অসম বাজেট ২০২৫-২৬

Published: 

10 Mar 2025 16:41 PM

৬২০.২৭ কোটি টকাৰ ঘাটিৰ সৈতে আজি ২০২৫-২৬ বিত্তীয় বর্ষৰ বাবে ২.৬৩ লাখ কোটি টকাৰ বাজেট দাখিল কৰে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে । ৰাজ্য়ৰ প্ৰথম গৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেট দাখিল কৰে অজন্তা নেওগে । বিত্তমন্ত্ৰীগৰাকীয়ে বিধানসভাত দিয়া বাজেট ভাষণত বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে । ইয়াৰ মাজতে কৃষি বিভাগৰ বাবে ২,১৭৩ কোটি টকা আবণ্টন দিয়াৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ।

চৰকাৰে কাজি নেমুক অসমৰ জাতীয় ফল হিচাপে ঘোষণা কৰাৰ কথা উল্লেখ কৰিছে বাজেট ভাষণত অজন্তা নেওগে কয় যে, প্রধানমন্ত্রী কৃষক সন্মান নিধি (পি এম কিষাণ) যোজনাৰ অধীনত ২১.০৩ লাখ কৃষকক ১,৩০৫ কোটি টকাতকৈ অধিক পুঁজি বিতৰণ কৰা হৈছে। ৰাজ্যখনত প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত শস্য বীমা ব্যৱস্থাটো অধিক শক্তিশালী কৰি তোলা হৈছে বুলি দাবী কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ।

সেই অনুসৰি ২০২৪ বৰ্ষত খাৰিফ শস্যৰ বাবে ৮২ শতাংশ অধিক আৱেদন লাভ কৰাৰ কথা উল্লেখ কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে, সৰিয়হৰ খেতি ২.১৬ লাখ হেক্টৰলৈ বৃদ্ধি কৰি আৰু তৈল খেজুৰৰ খেতি ৩,৬০০ হেক্টৰ এলেকাজুৰি বিস্তাৰিত কৰি অসমে খোৱা তেলৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ দিশে গতি কৰিছে। ৰাজ্য চৰকাৰে লক্ষাধিক কৃষিভূমি অন্তর্ভুক্ত কৰি ডিজিটেল শস্য সমীক্ষা সম্পন্ন কৰিছে বুলি কয় বিত্তমন্ত্ৰীগৰাকীয়ে ।

তদুপৰি চৰকাৰে ৭৩ খন আধুনিক কৃষি বজাৰ, বৰ্দ্ধিত ভঁৰালৰ সুবিধা আৰু দৰংগিৰি কল বজাৰৰ উল্লেখযোগ্য উন্নীতকৰণেৰে আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি কয় বিত্তমন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে, সেই অনুসৰি ২০২৫-২৬ বিত্তীয় বর্ষৰ অসম বাজেটত কৃষি বিভাগৰ বাবে ২,১৭৩ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে ।

বতৰৰ ফল আম ঠিকেই খাওঁ, পিছে আমি অধিকাংশই নাজানো আমৰ এইসমূহ দিশৰ বিষয়ে…
আই পি এলত হয়তো আপোনাৰো আছে প্ৰিয় দল! পিছে জানেনে দলৰ স্বত্বাধিকাৰীসকলৰ বিষয়ে…
আপুনিও নিশা দেৰিলৈকে নুশুৱে নেকি? তেন্তে জানক ইয়াৰ ফলত কি বিপদ হ'ব পাৰে...
জিম নোযোৱাকৈ কম কৰক শৰীৰৰ ওজন, কেইটামান সাধাৰণ উপায়...