আনুষ্ঠানিকভাৱে ৰাজ্যসভাৰ সদস্য হিচাপে শপত ল’লে মিছন ৰঞ্জন দাসে

১০ ছেপ্টেম্বৰ মঙলবাৰে সংসদ ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে মিছন ৰঞ্জন দাসে । তেওঁক শপত বাক্য পাঠ কৰোৱাই ৰাজ্যসভাৰ অধ্যক্ষ তথা ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰে।

আনুষ্ঠানিকভাৱে ৰাজ্যসভাৰ সদস্য হিচাপে শপত ললে মিছন ৰঞ্জন দাসে

অসম বিজেপিৰ নেতা মিছন ৰঞ্জন দাসে আনুষ্ঠানিকভাৱে ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে

Updated On: 

10 Sep 2024 17:29 PM

ৰাজ্যসভাৰ সদস্য হিচাপে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিলে অসমৰ বিজেপি নেতা মিছন ৰঞ্জন দাসে । ১০ ছেপ্টেম্বৰ মঙলবাৰে সংসদ ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে মিছন ৰঞ্জন দাসে । তেওঁক শপত বাক্য পাঠ কৰোৱাই ৰাজ্যসভাৰ অধ্যক্ষ তথা ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰে। কৰিমগঞ্জৰ অভিজ্ঞ ৰাজনীতিবিদ তথা প্ৰাক্তন বিধায়ক দাস বৰ্তমান অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ আছে।

মিছন ৰঞ্জন দাসৰ সমান্তৰালকৈ ত্ৰিপুৰা বিজেপিৰ সভাপতি ৰাজীৱ ভট্টাচাৰ্যয়েও ৰাজ্যসভাৰ নৱনিৰ্বাচিত সদস্য হিচাপে শপত গ্ৰহণ কৰে। শপত গ্ৰহণ কৰাৰ সময়ত উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে সদস্যসকলক অনুষ্ঠানটোৰ সাংবিধানিক তাৎপৰ্যৰ কথা সোঁৱৰাই দিয়ে। তেওঁ সংবিধানৰ ৯৯ নং অনুচ্ছেদৰ অধীনত নিৰ্ধাৰিত ফৰ্মেট মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

উল্লেখ্য যে, অসমৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস । ডিব্ৰুগড় আৰু কাজিৰঙা সংসদীয় সমষ্টিৰ পৰা ক্ৰমে সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছা লোকসভালৈ নিৰ্বাচিত হোৱাৰ লগে লগে ৰাজ্যসভাত অসমৰ দুখন আসন খালী হৈ পৰে । এই দুয়োখন আসনৰ বাবে শাসকীয় বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল যদিও বিৰোধী দলসমূহে প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল।

ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসক ৰাজ্যৰ দুখন ৰাজ্যসভাৰ আসনৰ বাবে চূড়ান্ত কৰিছিল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই । ৰাজ্যসভাৰ প্ৰাৰ্থিত্বৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাৰে কেন্দ্ৰীয় নেতৃত্বৰ বৈঠক অনুষ্ঠিত হৈছিল । এই বৈঠকত অংশগ্ৰহণ কৰিছিল অমিত শ্বাহ আৰু জে পি নড্ডাই । দিল্লীত আয়োজিত এই বৈঠকতে এই দুয়োগৰাকী প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হৈছিল ।

Related Stories
জটিল গুৱাহাটীৰ কৃত্ৰিম বান পৰিস্থিতি ! শনিবাৰে চৰকাৰী কৰ্মচাৰীৰ নৈমিত্তিক ছুটী, বন্ধ থাকিব শিক্ষানুষ্ঠান…
গুৱাহাটীৰ কৃত্ৰিম বানৰ পৰা দিল্লীত কংগ্ৰেছৰ বৈঠকলৈ, পলকতে চাওক দিনটোৰ ৯ টা শীৰ্ষ খবৰ
২৫০ কোটি টকা ব্যয়, ডিব্ৰুগড়ত স্থাপন হ’ব ৰাজ্যৰ প্ৰথমখন বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠান
২৬ ৰ বাবে কেনেদৰে আগবাঢ়িব ? দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰে প্ৰদেশ কংগ্ৰেছৰ নতুন কমিটীৰ প্ৰথমখন বৈঠক…
তেওঁৰ সন্তান দুটাৰ এগৰাকী মাকো আছে, এয়া অপমানজনকঃ চন্দ্ৰমোহন পাটোৱাৰীক প্ৰত্যুত্তৰ ৰীতা চৌধুৰীৰ
Guwahati Flood: জলমগ্ন গুৱাহাটী! নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি ভয়ংকৰ পৰিস্থিতিৰ, প্ৰশাসনে মুকলি কৰিলে হেল্পলাইন নম্বৰ
পঞ্জাৱৰ বিপক্ষে জয়ৰ পিছতে আৰচিবিৰ নায়কৰ হুংকাৰ, স্পষ্টকৈ ক’লে ‘৩ জুনত…..’
ওজন হ্ৰাসৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিলৈকে, জানক ৰঙালাওৰ উপকাৰিতা...
প্ৰতিদিনে কিমান মিলিলিটাৰ ফলৰ ৰস খালে ডায়েবেটিছ হোৱাৰ আশংকা থাকে ?
আপোনাৰো iPhone ত storage full দেখুৱাই নেকি? তেন্তে ভুলতেও নাৰাখিব এইকেইটা APP