ৰাজ্যিক বিজেপিত ফাঁট! গঠন হোৱাৰ দিশে নতুন ৰাজনৈতিক দল, চৰ্চাত ৰাজেন গোহাঁই

নতুন প্ৰজন্মৰ বহু বিজেপিৰ কৰ্মকৰ্তাই এই বৈঠকত অংশ গ্ৰহণ কৰিছিল। চৰ্চা চলিছে যে বিসম্বাদী গোটৰ এই নেতাসকলে ''অসম জন সংঘ'' নামেৰে এক নতুন ৰাজনৈতিক শক্তিৰ জন্ম দিব।

ৰাজ্যিক বিজেপিত ফাঁট! গঠন হোৱাৰ দিশে নতুন ৰাজনৈতিক দল, চৰ্চাত ৰাজেন গোহাঁই

হিমন্ত বিশ্ব, অশোক শৰ্মা, ৰাজেন গোহাঁই

Published: 

01 Aug 2024 | 03:38 PM

দুটা ভাগত বিভক্ত হ’ব নেকি ৰাজ্যিক বিজেপি?  পুনৰ এই প্ৰশ্নটোৱে গা কৰি উঠিছে ৰাজ্যৰ ৰাজনীতিত। বিগত কেইটামান দিন ধৰি অসম বিজেপিত শনি লাগিছে। লোকসভা নিৰ্বাচনৰ পূৰ্বৰ পৰা ন বিজেপি- পুৰণি বিজেপিৰ নামত আৰম্ভ হোৱা গৃহ যুদ্ধখনৰ পাছৰ পৰ্যায়লৈ বহিঃ প্ৰকাশ হৈছিল। প্ৰথম অৱস্থাত কোনোৱে মুকলিকৈ বিজেপিৰ বিদ্ৰোহ নকৰিলেও সময়ে সময়ে দলটোৰ বিৰুদ্ধে থিয় হ’বলৈ সাহস গোটাইছে পুৰণি নেতাই ।

এইবাৰ পুনৰ চৰ্চালৈ আহিছে বিজেপিৰ বিসম্বাদ। কিয়নো বুধবাৰে তিনিচুকীয়াৰ হোটেল হিল্টন ব্লুৰ বন্ধ কোঠাত অনুষ্ঠিত হয় বিজেপিৰ এখন বৈঠক। ৫০ ৰো অধিক নেতাই অংশ লোৱা এই বৈঠকত উপস্থিত আছিল উজনি অসমৰ ৮ খন জিলাৰ বিজেপিৰ শীৰ্ষ নেতা। প্ৰাক্তন মন্ত্ৰী তথা বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰাজেন গোহাঁইয়ো এই বৈঠকত উপস্থিত আছিল।

জানিব পৰা মতে এই বৈঠকত তিনিচুকীয়া, শিৱসাগৰ, শদিয়া, যোৰহাট, গোলাঘাট, ধেমাজি, ডিব্ৰুগড়, লখিমপুৰ আদি জিলাৰ বিজেপিৰ নেতা তথা কৰ্মকৰ্তা উপস্থিত আছিল। নতুন প্ৰজন্মৰ বহু বিজেপিৰ কৰ্মকৰ্তাই এই বৈঠকত অংশ গ্ৰহণ কৰিছিল। চৰ্চা চলিছে যে বিসম্বাদী গোটৰ এই নেতাসকলে ”অসম জন সংঘ” নামেৰে এক নতুন ৰাজনৈতিক শক্তিৰ জন্ম দিব। এই সন্দৰ্ভত বৈঠকত অংশ লোৱা নেতাসকলে কোনো মন্তব্য প্ৰকাশ কৰা নাই যদিও এই বৈঠকখনে যথেষ্ঠ তাৎপৰ্য বহন কৰিছে। একাংশৰ দাবী,এই বৈঠকতে বিজেপিক দুটা ভাগ কৰা সন্দৰ্ভত আলোচনা হয়।

এই সকলোবোৰৰ মাজতে এটা খবৰ স্পষ্ট হৈ পৰিছে যে শুকুৰবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিব নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা বিজেপিৰ জ্যেষ্ঠ নেতা অশোক শৰ্মাই। কিছুদিন পূৰ্বেও শৰ্মাই যোগদান কৰাৰ কথা আছিল যদিও সেয়া হৈ উঠা নাছিল। তাৰ পাছতে কংগ্ৰেছৰ নেতৃবৃন্দ আলোচনাত মিলিত হৈছিল শৰ্মাৰ লগত।

এই সকলোবোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, “কোনে কি বৈঠক কৰিছে, কি দললৈ গৈছে সেয়া ডাঙৰ কথা নহয়। কেৱল হিন্দু হৈ থাকিলেই হয়”।

উল্লেখ্য যে, ন বিজেপি- পুৰণি বিজেপিৰ যুঁজখন পুৰণি। বিধায়ক মৃণাল শইকীয়া,অশোক শৰ্মা, ৰাজেন গোহাঁই আদিয়ে মুকলিকৈ ন বিজেপি নেতাৰ বিৰুদ্ধে অসন্তুষ্টি ব্যক্ত কৰিছিল। অসন্তুষ্ট নেতাৰ তালিকাত নাম আছিল ছত্তিশগড়ৰ সাংসদ ৰমেন ডেকাৰো। কিন্তু পাছলৈ স্থিতি নৰম হৈছিল ডেকাৰ। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত টিকট নোপোৱাৰ পাছতে মৌনতা অৱলম্বন কৰিছিল ডেকাই। তাৰ পাছতেই পুৰস্কাৰ স্বৰূপে ডেকাই পাইছিল ছত্তিশগড়ৰ ৰাজ্যপালৰ পদ।

ৰমেন ডেকাক দিয়া স্বীকৃতিৰে বিজেপিয়ে বিসম্বাদৰ যুঁজখন কিছু তল পেলাবলৈ চেষ্টা কৰিছিল। হয়তো পৰোক্ষভাৱে বুজাব বিচাৰিছিল বিজেপিয়ে পুৰণি, নতুন কোনো নেতাৰ ত্যাগকে পাহৰি নাযায়।  কিন্তু সেয়া হৈ নুঠিল।  ৰমেন ডেকাই ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰাৰ দিনাই বিজেপিৰ মাজৰ ক্ষমতাকেন্দ্ৰিক এই যুঁজখন পোহৰলৈ আহে। অৱশ্যে এই সকলোবোৰ সন্দৰ্ভত বিসম্বাদৰ নেতাই কোনো মন্তব্য কৰা নাই। ইয়াৰোপৰি এই বিবাদ নিৰ্মূল কৰাৰ বাবে বিজেপিয়ে কি কৰিব সেয়া হ’ব লক্ষণীয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব