কংগ্ৰেছৰ পিনে ধাৱমান সময়! আহিবলগীয়া দিন সুখকৰ নহ’ব বিজেপিৰ…

আহিবলগীয়া সময় সহজ নহ'ব বিজেপিৰ বাবে। স্বেচ্ছাচাৰী মনোভাৱ ত্যাগ কৰি দলৰ জুই নুুুমুৱাবৰ চেষ্টা নকৰিলে পৰৱৰ্তী সময়ত বিজেপিৰ আপোনজনেই হৈ পৰিব মুখ্য প্ৰতিদ্বন্দ্বী। 

কংগ্ৰেছৰ পিনে ধাৱমান সময়! আহিবলগীয়া দিন সুখকৰ নহব বিজেপিৰ...

বিজেপি সংঘাত!

Published: 

04 Aug 2024 13:56 PM

গৃহ কন্দলে জুৰুলা কৰিছে ৰাজ্যিক বিজেপিক। এজনৰ পাছত আনজন নেতাই এৰিছে বিজেপিৰ হাত। বাৰে বাৰে চেষ্টা কৰিও দলটোৰ নেতৃত্বই বিসম্বাদ ৰোধ কৰিব পৰা নাই। এতিয়া ভালকৈ বহিঃপ্ৰকাশ ঘটিছে ঘূণে ধৰা বিজেপিৰ ভিতৰ ভাগ। দলটোৰ ভিতৰত ইমান অসন্তুষ্টি বিয়পি পৰাৰ পাছতো শীৰ্ষ নেতৃত্বসকলে এই ক্ষেত্ৰত কোনো ধৰণৰ বিচাৰ কৰা পৰিলক্ষিত হোৱা নাই। অশোক শৰ্মা, ভৱেন মহন, যুধিষ্ঠিৰ গগৈ, গোপাল কলিতা আদি বিভিন্নজনে খুলি থ’লে গেৰুৱা পোচাক।

১৯৯৬ চনৰ পৰা বিজেপিৰ লগত জড়িত থকা শৰ্মাই যথেষ্ঠ ক্ষোভ ব্যক্ত কৰি দলত্যাগ কৰে। ৯ আগষ্টত শৰ্মাই কংগ্ৰেছ দলত যোগদান কৰিব। দল ত্যাগ কৰাৰ পাছত শৰ্মাই কয় যে, জন্ম নিদিলেও এই দলটোক লালন পালন কৰিছো। আশ্বস্ত হৈছো যে এই দলৰ ভাল দিনত দল ত্যাগ কৰিছো। ২০২১ চনলৈ দলটো ভাল চলি আছিল। কিন্তু দলটোত এতিয়া এনে কিছু নেতা সোমাইছে যিয়ে জ্যেষ্ঠজনৰ সন্মান কৰিব নাজানে।

তেওঁ কয় যে, গণতন্ত্ৰক হত্যা কৰা হৈছে। দলৰ বেয়া কথা কলে এলাগী হব লগা হয়। এনে নীতি আলফাত আছিল এতিয়া দলত আছে।  কেইগৰাকীমান নেতাৰ স্বেচ্চাচাৰী মনোভাৱৰ বাবে  এনে হৈছে বুলি কয় শৰ্মাই। মুকলি মুৰিয়াকৈ অশোক শৰ্মাই হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্লৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে।

এইবাৰ বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে ৩০ বছৰ ধৰি বিজেপিত থকা যোৰহাটৰ নেতা মনোজ কুমাৰ মহন্তই।  কিন্তু এই ক্ষোভৰ পাছতেই বিজেপিৰ পৰা বহিষ্কাৰ কৰা হ’ল নেতাগৰাকীক। এই সন্দৰ্ভত তেওঁ কয় যে, বৰ্তমান যিখন কাৰ্যনিৰ্বাহক কমিটী আছে সেই কমিটীখনৰ মইও সদস্য আছিলো। সেই কাৰ্যনিৰ্বাহকৰ সভালৈ যাব ওলোৱাৰ পাছত মই এটা ফোন লাভ কৰো যে মোক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে।  মোক বহিষ্কাৰ কৰা কাৰ্য মই নতশিৰে গ্ৰহণ কৰিছো। আশা কৰিছো মোক বহিষ্কাৰ কৰাৰ পাছত দলৰ সৌৰ্য বিৰ্য অটুত থাকিব।

বিজেপিৰ স্থিতি আগতকৈ দুৰ্বল হোৱা বুলি উল্লেখ কৰি মহন্তই কয় যে, বিজেপিৰ স্থিতি আগৰ দৰে এতিয়া আৰু নাই। যদি কোনোৱে টকা দি ভোট কিনিম বুলি ভাবিছে তেন্তে কব লগা একো নাই। এয়া বিজেপিৰ বাবে দুৰ্ভাগ্যজনক। বিজেপিয়ে বহিষ্কাৰ কৰিলেও তেওঁ বিজেপিৰ হৈয়ে কাম কৰি যাব বুলি জনায়। দলৰ পৰা বহিষ্কাৰ হোৱাৰ পাছত মহন্তই ছ’চিয়েল মিডিয়াত লিখে যে,-

গতিকে  ৰাজ্যিক বিজেপিৰ অথন্তৰ এতিয়া বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিয়ে যি দললৈ যাব বিচাৰিছে যাওঁক, কেৱল হিন্দু হৈ থাকিলে হ’ল বুলি কৈয়ে দায়িত্ব সামৰিছে। যদি এনে অৱস্থায়ে হৈ থাকে তেন্তে দলটোৰ বাবে আহিবলগীয়া সময় বিশেষ ভাল নহ’ব।

২০২৬ চনত ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। কংগ্ৰেছৰ অস্তিত্ব নাই  আৰু বিজেপিৰ কোনো প্ৰতিদ্বন্দ্বী নাই বুলি দম্ভালি মাৰিলেও হিমন্ত বিশ্ব শৰ্মাই বুজি পোৱাৰ সময় আহিছে যে এতিয়া সময় কংগ্ৰেছৰ পিনে ধাৱমান হৈছে। অস্তিত্ব নাইকীয়া কৰিব বিচাৰিলে কংগ্ৰেছক বিচাৰিলে ঢাপলি মেলিছে জ্যেষ্ঠ বিজেপি নেতাই।

লোকসভা নিৰ্বাচনৰ পূৰ্বৰ পৰা বিজেপিৰ মাজত বিদ্ৰোহ প্ৰায় বৃদ্ধি হৈ আহিছে। মুকলিকৈ নকলেও দলৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইয়েও তীব্ৰ অসন্তুষ্টিত আছে।  ইতিমধ্যে নতুন দল গঠন কৰাৰ যো যা কৰিছে তেওঁ। উজনিৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইৰ পক্ষত আছে। আহিবলগীয়া সময় সহজ নহ’ব বিজেপিৰ বাবে। স্বেচ্ছাচাৰী মনোভাৱ ত্যাগ কৰি দলৰ জুই নুুুমুৱাবৰ চেষ্টা নকৰিলে পৰৱৰ্তী সময়ত বিজেপিৰ আপোনজনেই হৈ পৰিব মুখ্য প্ৰতিদ্বন্দ্বী।

Vastu Tips: আপোনাৰ ভাগ্য সলনি কৰি দিব মাথোঁ এই ৫টা বাস্তু নিয়মে !
ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ