পঞ্চায়ত নিৰ্বাচনক লৈ বিজেপিৰ ব্যাপক তৎপৰতা, ঘোষণা জিলা সভাপতিৰ নাম…

বিজেপিৰ ৰণনীতিৰ অংশৰূপে জিলাই জিলাই দ্বায়িত্ব দিলে নতুন সভাপতি। ন-জিলা সভাপতিৰ নেতৃত্বতে এতিয়া ৰাজ্যজুৰি চলিব পঞ্চায়ত নিৰ্বাচনৰ কুচ-কাৱাজ।

পঞ্চায়ত নিৰ্বাচনক লৈ বিজেপিৰ ব্যাপক তৎপৰতা, ঘোষণা জিলা সভাপতিৰ নাম...

জিলা বিজেপিৰ সভাপতিৰ নাম ঘোষণা

Updated On: 

03 Jan 2025 14:04 PM

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ যুদ্ধংদেহী তৎপৰতা৷ পঞ্চায়তে পঞ্চায়তে বিজয় ধ্বজ্জা উৰুৱাবলৈ সাজু বিজেপি নেতৃত্ব। বিজেপিৰ ৰণনীতিৰ অংশৰূপে জিলাই জিলাই দ্বায়িত্ব দিলে নতুন সভাপতি। ন-জিলা সভাপতিৰ নেতৃত্বতে এতিয়া ৰাজ্যজুৰি চলিব পঞ্চায়ত নিৰ্বাচনৰ কুচ-কাৱাজ। প্ৰতিখন জিলাতে চলিছে নতুন সভাপতি নিযুক্তিৰ যো-জা ৷ প্ৰকাশ কৰা হৈছে জিলা বিজেপিৰ সভাপতিৰ তালিকা। অৱশ্যে ঘোাষণা হোৱা নাই মাজুলী, হোজাই, কোকৰঝাৰৰ জিলা সভাপতিৰ নাম।

বজালীত বিজেপিৰ সভাপতিৰ দ্বায়িত্বৰ আছে পদ্মা শৰ্মা, বাক্সাত দীনেশ বসু,বৰপেটাত মহেন্দ্ৰ দাস, বিশ্বনাথত অসীম দাস, বঙাইগাঁৱত উজ্জ্বল কান্তি ৰয়, কাছাৰত ৰূপম সাহা, চৰাইদেউত নিতুমনি প্ৰধান, চিৰাঙত ৰতন ৰয়, দৰঙত মুকুন্ট ডেকা, ধেমাজীত ৰূপা কামান, ধুবুৰীত প্ৰকাশ কালী, বিলাসীপাৰাত দেৱজিত বৰকলিতা, ডিব্ৰুগড়ত দুলাল বৰা, ডিমা হাছাওত ধৃতি থৌচেন, ঢকুৱাখানাত স্বৰূপ কোঁৱৰ,

ইয়াৰ উপৰিও গোৱালপাৰাত দিপাংক নাথ, গুৱাহাটীত তপন দাস, গোলাঘাটত চন্দজিৎ ঠাকুৰ, হাইলাকান্দিত কল‍্যাণ গোস্বামী, যোৰহাটত শান্তনু পূজাৰী, কলিয়াবৰত বাবুল বৰা, কাৰ্বি আংলং পূৱত ৰোলাণ্ড কিলিং,কাৰ্বি আংলং পশ্চিমত ৰোদীপ ৰংগং, শ্ৰীভূমি সঞ্জীৱ বনিক, লখিমপুৰত শ‍্যামল শৰ্মা, মৰিগাঁৱত ৰাম প্ৰসাদ চৰকাৰ, নগাঁৱত ৰঞ্জিত বৰদলৈ, নলবাৰীত জয়ন্ত বুজৰবৰুৱা, নৰ্থ কামৰূপত ভাস্কৰ কলিতাক দিয়া হৈছে  সভাপতিৰ দ্বায়িত্ব।

শিৱসাগৰ বিতোপন ৰাইদোঙিয়া, শোণিতপুৰ মধুস্মিতা ডেকা, উত্তৰ কামৰূপ অঞ্জন গোস্বামী,উত্তৰ শালমাৰা মানকাছাৰ ৰঞ্জিত কুমাৰ সাহা, তামুলপুৰ ভিক্তৰ দাস,তিনিচুকীয়া কুশ কান্ত বৰা, ওদালগুৰি সুনিল বসুমতাৰীক অৰ্পণ কৰা হৈছে সভাপতিৰ দ্বায়িত্ব। অৱশ্যে এই তালিকাত  মাজুলী, হোজাই, কোকৰঝাৰৰ জিলাৰ ঘোাষণা হোৱা নাই  BJPৰ নতুন জিলা সভাপতিৰ দায়িত্ব।

Assam BJP District President List

উল্লেখ্য যে, উপ-নিৰ্বাচনৰ পাছত ৰাজ্যৰ ২৭খন জিলাত শীঘ্ৰেই অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। অৱশ্যে এতিয়ালৈকে নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও কিছুদিনৰ ভিতৰতে তাৰিখ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ইফালে ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে সাজু হৈছে প্ৰতিটো দল-সংগঠন। শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে চূড়ান্ত ভোটৰ তালিকা।আয়োগে প্ৰকাশ কৰা তালিকা অনুসৰি ৰাজ্যৰ ২৭খন জিলাৰ ৩৯৭টা জিলা পৰিষদত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।

তথ্য অনুসৰি ভোটাৰৰ তালিকাত সন্নিবিষ্ট হোৱা মুঠ ভোটাৰৰ সংখ্যা ১,৮০,১৪,৯১৩গৰাকী। য’ত পুৰুষ ভোটাৰৰ সংখ্যা ৯০,৬০,৬৪০ জন, মহিলা ভোটাৰৰ সংখ্যা ৮৯,৫৩,৮৬৫ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৪০৮ গৰাকী। ইয়াৰ লগতে ভোট কেন্দ্ৰৰ সংখ্যা ২৪,৮৮২ টা। ইয়াৰোপৰি তালিকা অনুসৰি আঞ্চলিক পঞ্চায়ত সংখ্যা ১৮১ খন আৰু গাঁও পঞ্চায়তৰ সংখ্যা ২১৯২। ইয়াৰ লগতে ৱাৰ্ডৰ সংখ্যা ২১,৯২০ টা। এইবাৰ গাঁও পঞ্চায়তৰ প্ৰতিটো ৱাৰ্ডৰ বাবে পৃথকে পৃথকে নিৰ্বাচন অনুষ্ঠিত হ’ব।

এফালে শচীনক স্পৰ্শ, আনফালে দ্ৰাবিড়ক অতিক্ৰম; শতকেৰে লৰ্ডছত অভিলেখ ৰচিলে ৰুটে
ভগৱান শিৱৰ প্ৰিয় ভোগ কি জানেনে? শাওণ মাহত এই ভোগ আগবঢ়াই লাভ কৰিব পাৰিব ভোলানাথৰ আশীৰ্বাদ
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে শিশুক কেনেধৰণৰ খাদ্য খুৱাব লাগে?
সুস্থ জীৱন-যাপনৰ বাবে পুৰুষসকলে এই ৫ টা অভ্যাস কৰক