৯ জুনত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে প্ৰকাশ কৰা অনুসৰি, ডিব্ৰুগড় বিমানবন্দৰৰ নাম ড° ভূপেন হাজৰিকাৰ নামেৰে নামকৰণৰ প্ৰস্তাৱ গৃহীত কৰিবলৈ যোৱা ৯ জুনত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন আহ্বান কৰা হৈছে। ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ উপলক্ষে এই সিদ্ধান্ত লৈছিল ৰাজ্যিক কেবিনেটে ।

৯ জুনত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন...

অসম বিধানসভা

Published: 

21 May 2025 | 11:11 PM

অহা মাহত ৯ জুনত অসম বিধানসভাৰ এদিনীয় বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব। ইতিমধ্যে ৰাজ্যপালে এই অধিৱেশনৰ আহ্বান জনাইছে বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে, ডিব্ৰুগড় বিমানবন্দৰৰ নাম সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্যিক কেবিনেটে । এই প্ৰস্তাৱ বিধানসভাত গৃহীত কৰাৰ বাবে এই বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে প্ৰকাশ কৰা অনুসৰি, ডিব্ৰুগড় বিমানবন্দৰৰ নাম ড° ভূপেন হাজৰিকাৰ নামেৰে নামকৰণৰ প্ৰস্তাৱ গৃহীত কৰিবলৈ যোৱা ৯ জুনত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন আহ্বান কৰা হৈছে। ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ উপলক্ষে এই সিদ্ধান্ত লৈছিল ৰাজ্যিক কেবিনেটে ।

সামাজিক মাধ্যম এক্স হেণ্ডেলত দিয়া এটা পোষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,”ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ নামেৰে ডিব্ৰুগড় বিমানবন্দৰৰ নাম সলনি কৰাৰ প্ৰস্তাৱ গৃহীত কৰিবলৈ ৯ জুন, ২০২৫ তাৰিখে অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনৰ আহ্বান জনাইছে।”

উল্লেখ্য যে, যোৱা ১৫ মে’ত জাৰি কৰা অধিসূচনাত ৰাজ্যপালগৰাকীয়ে ৯ জুন সোমবাৰে পুৱা ৯.৩০ বজাত দিছপুৰৰ বিধানসভা চেম্বাৰত বৈঠক অনুষ্ঠিত কৰিবলৈ এদিনীয়া অধিৱেশন আহ্বান কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব