অসম আৰোগ্য নিধিঃ কোনে, কেনেকৈ লাভ কৰে এই আঁচনিৰ সুবিধা, জানক…

Assam aroyga nidhi: চৰকাৰে জনতাৰ কল্যান তথা হিতৰ হকে বিভিন্ন আঁচনি ৰূপায়ন কৰে। এনে এক আঁচনি হ'ল অসম আৰোগ্য নিধি। এই আঁচনিৰ অধীনত জনতাক চিকিৎসাৰ ক্ষেত্ৰত সকাহ প্ৰদান কৰা হয়।

অসম আৰোগ্য নিধিঃ কোনে, কেনেকৈ লাভ কৰে এই আঁচনিৰ সুবিধা, জানক...

অসম আৰোগ্য নিধি

Published: 

17 Feb 2025 10:28 AM

চৰকাৰে জনতাৰ কল্যান তথা হিতৰ হকে বিভিন্ন সময়ত বহু আঁচনি ৰূপায়ন কৰে। এনে এক আঁচনি হ’ল অসম আৰোগ্য নিধি (Assam Arogya Nidhi)। দুৰ্ঘটনাকে ধৰি গুৰুতৰ ৰোগত আক্ৰান্ত হোৱা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ লগতে যিসমূহ পৰিয়ালৰ মাহিলী আয় ১০,০০০ তকৈ কম, তেওঁলোকক চিকিৎসাৰ ক্ষেত্ৰত সকাহ দিয়াৰ উদ্দেশ্যে এই আঁচনি ৰূপায়ন কৰা হৈছে। এই আঁচনিৰ অধীনত হিতাধিকাৰীক ৫ লাখ টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হয়।

এই আঁচনিৰ হিতাধিকাৰীসকলক অসম চৰকাৰৰ দ্বাৰা মনোনীত এখন কমিটিৰ দ্বাৰা নিৰ্বাচন কৰা হয়। এই আৰ্থিক সাহাৰ্য প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাক ৫০ শতাংশ ধন কেন্দ্ৰই যোগান ধৰে। অৱশ্যে সকলোৱে এই আঁচনিৰ সুবিধা লাভ নকৰে। এই আঁচনি লাভৰ বাবে যোগ্যতা আৰু অন্যান্য দিশসমূহ এই লেখাটোত উল্লেখ কৰা হ’ল।

যোগ্যতা

  • হিতাধিকাৰী অসমৰ বাসিন্দ হ’ব লাগিব।
  • পৰিয়ালৰ আৰ্থিক আয় বছৰি ৫ লাখ টকাৰ তলত হব লাগিব।
  • বয়সৰ কোনো সীমা নাই।
  • চৰকাৰী কৰ্মচাৰী বা পেঞ্চন লাভ কৰা সকলে এই সুবিধা লাভ নকৰে।
  • যিকোনো চৰকাৰী চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিব লাগিব।
  • চৰকাৰী চিকিৎসালয়ৰ লগতে মেডিকেল কলেজ আৰু ক্লিনিকেল এষ্টাব্লিছমেণ্ট এক্টৰ অধীনত পঞ্জীয়ন কৰা চিকিৎসালয় চিকিৎসা কৰিব লাগিব।
  • ৰাজ্য বা দেশৰ যিকোনো প্ৰান্তত চিকিৎসা গ্ৰহণ কৰিব লাগিব।

কি কি লাগিব

  • চিকিৎসকৰ দ্বাৰা প্ৰমাণিত ৰোগীৰ ফটো।
  • ৰাজহ চক্ৰ বিষয়াৰ দ্বাৰা আয়ৰ প্ৰমাণ পত্ৰৰ প্ৰমাণিত ফটোকপি।
  • চিনাক্তকৰণ আৰু ঠিকনা প্ৰমাণৰ প্ৰমাণিত ফটোকপি (ভোটাৰ আইডি, ADHAAR CARD, ড্ৰাইভিং লাইচেন্স)।
    অৰিজিনেল বিল, ভাউচাৰ, ৰচিদ আদি।
  • প্ৰেছক্ৰিপচনৰ ফটোকপি কপি।
  • ডিচচাৰ্জৰ সাৰাংশ।
  • বেংক পাছ বহীৰ প্ৰথম পৃষ্ঠাৰ প্ৰমাণিত ফটোকপি কপি।
  • প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা(PMJAY)/অটল অমৃত অভিযান(AAA) কাৰ্ডৰ প্ৰমাণিত ফটোকপি। আদি

কেনেকৈ আবেদন কৰিব

National Health Assam ৰ ৱেবচাইট www.nhm.assam.gov.in ৰ পৰা আবেদন ডাউনলোড কৰি লওক। পাছত সকলো তথ্য, মিছন সঞ্চালকৰ কাৰ্যালয়, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, চইকীয়া বাণিজ্যিক কমপ্লেক্স, খ্ৰীষ্টিয়ান বস্তি, গুৱাহাটী: ৭৮১০০৫ত জমা দিব লাগিব।

 

অন্য খবৰ পঢ়কঃ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি: জানক কোনে, কেনেকৈ লাভ কৰিব চৰকাৰী ধন

Travel benefits: আপুনি ভ্ৰমণ কৰি ভাল পাই নেকি? ইয়াৰ আছে বহু উপকাৰিতা
Types of Condoms: কনডম কেইপ্ৰকাৰৰ আপুনি জানেনে? সুস্থ যৌন স্বাস্থ্যৰ বাবে কোনটো বেছি উপকাৰী?
আজি অক্ষয় তৃতীয়া, এই দিনটোৰ মহত্বৰ বিষয়ে জানো আহক
গ্ৰীষ্মকালত হৃদৰোগীযে কিদৰে নিজক যত্ন ল'ব? সবিশেষ জানক