প্ৰথম অসমীয়া হিচাপে কৃতিত্ব অৰ্জন, অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত বিষয়ত স্নাতক ডিগ্ৰী লাভ অৰণী এছ হাজৰিকাৰ

অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত আৰু ধ্ৰুপদী হিন্দী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰি প্ৰথমগৰাকী অসমীয়া হিচাপে কৃতিত্ব অৰ্জন অৰণী এছ হাজৰিকাৰ। তেওঁৰ এই কৃতিত্বই অসমবাসীক গৌৰৱান্বিত কৰিছে।

প্ৰথম অসমীয়া হিচাপে কৃতিত্ব অৰ্জন, অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত বিষয়ত স্নাতক ডিগ্ৰী লাভ অৰণী এছ হাজৰিকাৰ

অৰণী এছ হাজৰিকা

Published: 

10 Aug 2025 | 04:11 PM

অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত আৰু ধ্ৰুপদী হিন্দী বিষয়ত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰিলে অৰণী এছ হাজৰিকাই।অসম সন্তান অৰণী এছ হাজৰিকাই হৈছে বিশ্ববিখ্যাত উচ্চশিক্ষাৰ প্ৰতিষ্ঠান ইংলেণ্ডৰ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত আৰু ধ্ৰুপদী হিন্দী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী অসমীয়া। তেওঁৰ এই কৃতিত্বই অসমবাসীক গৌৰৱান্বিত কৰিছে।

অৰণী এছ হাজৰিকাৰ ঘৰ হৈছে গুৱাহাটীৰ বামুনীমৈদামত। অৰণী এছ হাজৰিকা হৈছে সুদক্ষিণা ভূঞা আৰু জ্যেষ্ঠ সাংবাদিক, লেখক-অনুবাদক পাৰ্থপ্ৰতিম হাজৰিকাৰ একমাত্ৰ কন্যা। শনিবাৰে বিশ্ববিদ্যালয়খনৰ বিখ্যাত শ্বেল্ডনিয়ান থিয়েটাৰত অনুষ্ঠিত অনুষ্ঠানত ডিগ্ৰী গ্ৰহণ কৰে অৰণীয়ে। অনুষ্ঠানটোত উপস্থিত আছিল বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যকে ধৰি বিভিন্ন বিশ্ববিখ্যাত পণ্ডিত, শিক্ষক আৰু গৱেষক।

২১ বছৰীয়া অৰণী এছ হাজৰিকাই বেলিঅল মহাবিদ্যালয়ৰ এছীয় আৰু মধ্যপ্ৰাচ্য অধ্যয়ন (Department of Asian and Middle Eastern Studies)ৰ অধীনত সংস্কৃত আৰু ধ্ৰুপদী হিন্দীৰ স্নাতক পাঠ্যক্ৰম অধ্যয়ন কৰিছিল। উল্লেখ্য যে, ১২৬৩ চনতে জন দি বেলিঅলে প্ৰতিষ্ঠা কৰা বেলিঅল মহাবিদ্যালয় হৈছে ইংৰাজী ভাষা কোৱা বিশ্বৰ আটাইতকৈ পুৰণি মহাবিদ্যালয়।

জানিব পৰা মতে, এই প্ৰাচীন আৰু বিখ্যাত বিশ্ববিদ্যালয়খনৰ পৰা বিগত কেইবাটাও দশকৰ ভিতৰত বিএ ডিগ্ৰী লাভ কৰাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া হিচাপে কৃতিত্ব অৰ্জন কৰিছে অৰণীয়ে। অৰণী এছ হাজৰিকাই চানমাৰিৰ হোলী চাইল্ড উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ দশম আৰু দ্বাদশ শ্ৰেণীৰ চি বি এচ ই পৰীক্ষাত অত্যন্ত সুখ্যাতি অৰ্জন কৰিছিল। ইয়াৰ পাছতে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত সংস্কৃত বিষয়ৰ স্নাতক পাঠ্যক্ৰম অধ্যয়নৰ বাবে নিৰ্বাচিত হৈছিল অৰণী।

অৰণীয়ে পাঠ্যক্ৰমৰ সময়ত প্ৰস্তুত কৰা গৱেষণা পত্ৰখনৰ বিষয় আছিল- অসমৰ বিশ্বখ্যাত নদীদ্বীপ মাজুলীত অৱস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰতিস্থিত দক্ষিণপাট সত্ৰত উপলভ্য পোন্ধৰ শতিকাৰ সাঁচিপাতৰ পাণ্ডুলিপিৰ এক নিৰ্দ্দিষ্ট সময়ৰ আৰু লেখকৰ ৰচনাৰ প্ৰামাণীকৰণ (Standardization)।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব