লখিমপুৰ : ৫ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ৬০ বছৰীয়া বৃদ্ধক আটক

সূত্ৰৰ অনুসৰি, লখিমপুৰ জিলাৰ হাৰমতী অঞ্চলৰ এগৰাকী ৫ বছৰীয়া নাবালিকা যৌন নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে । স্থানীয় আৰক্ষীয়ে সদৰী কৰা মতে, ইতিমধ্যে এই অভিযোগত এজন ৬০ বছৰীয়া বৃদ্ধক আটক কৰিছে । সূত্ৰৰ খবৰ অনুসৰি, এই ঘটনা সংঘটিত হৈছিল শুকুবাৰে সন্ধিয়া ।

লখিমপুৰ : ৫ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ৬০ বছৰীয়া বৃদ্ধক আটক

প্ৰতীকী ফটো

Published: 

28 Sep 2024 17:27 PM

সভ্য সমাজক লজ্জানত কৰাৰ ঘটনা যে অসমত ইটোৰ পাছত সিটো সংঘটিত হ’বলৈ ধৰিছে । যোৱা কালি শিৱসাগৰত এগৰাকী ১১ বছৰীয়া নাবালিকাক ৫০০ টকাৰ বিনিময়ত নিজ পিতৃয়ে তিনিজন ব্যক্তিক গতাই দিয়াৰ অভিযোগ উত্থাপন হৈছিল । ইয়াৰ পাছতে এই নাবালিকা গৰাকী যৌন নিৰ্যাতনৰ বলি হোৱাৰো অভিযোগ উত্থাপন হৈছিল । এই ঘটনা সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে লখিমপুৰ জিলাৰ হাৰমতী অঞ্চলত সংঘটিত হৈছে আন জঘন্য ঘটনা ।

সূত্ৰৰ অনুসৰি, হাৰমতী অঞ্চলৰ এগৰাকী ৫ বছৰীয়া নাবালিকা যৌন নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে । স্থানীয় আৰক্ষীয়ে সদৰী কৰা মতে, ইতিমধ্যে এই অভিযোগত এজন ৬০ বছৰীয়া বৃদ্ধক আটক কৰিছে । সূত্ৰৰ খবৰ অনুসৰি, এই ঘটনা সংঘটিত হৈছিল শুকুবাৰে সন্ধিয়া ।

এজন আৰক্ষীৰ বিষয়াই সূত্ৰক জানিবলৈ দিয়া অনুসৰি, অভিযুক্তই নিজৰ দোকানত এগৰাকী ৫ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল । আৰক্ষীৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে, নাবালিকা গৰাকীক দোকানখনৰ ভিতৰত নিজ মাতৃয়ে উদ্ধাৰ কৰে । ইয়াৰ পাছতে স্থানীয় আৰক্ষীক খবৰ দিয়ে মাতৃ গৰাকীয়ে ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ইতিমধ্যে যৌন নিৰ্যাতনৰ বলি হোৱা নাবালিকা গৰাকীক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ইয়াৰ সমান্তৰালভাৱে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত অভিযুক্তক আটক কৰি জেৰা কৰাৰ লগতে অধিক তথ্যৰ বাবে তদন্ত আৰম্ভ কৰিছে । ইফালে, এই ঘটনা সংঘটিত হোৱাৰ পাছতে হাৰমতী অঞ্চলৰ ৰাইজে হাৰমতী থানাৰ বাহিৰত বিক্ষোভ প্ৰদৰ্শন কৰাৰো দেখা যায় । এই ঘটনাকলৈ ক্ষোভ প্ৰকাশ কৰি অভিযুক্তৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় লোকে ।

অনবৰতে হামিয়াই থকাটো কিহৰ লক্ষণ জানেনে?
শিৱক অৰ্পন কৰক এই বস্তু! পূৰণ হ'ব মনৰ সকলো কামনা...
শাওনৰ সোমবাৰত ভুলতো নকৰিব এই কাম! শিৱ হ'ব অসন্তুষ্ট...
ডিম্বাশয়ত কৰ্কট ৰোগ হ'লে প্ৰথমতে দেখা দিয়ে এইসমূহ লক্ষণ! আওকান নকৰিব