লখিমপুৰ : ৫ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ৬০ বছৰীয়া বৃদ্ধক আটক

সূত্ৰৰ অনুসৰি, লখিমপুৰ জিলাৰ হাৰমতী অঞ্চলৰ এগৰাকী ৫ বছৰীয়া নাবালিকা যৌন নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে । স্থানীয় আৰক্ষীয়ে সদৰী কৰা মতে, ইতিমধ্যে এই অভিযোগত এজন ৬০ বছৰীয়া বৃদ্ধক আটক কৰিছে । সূত্ৰৰ খবৰ অনুসৰি, এই ঘটনা সংঘটিত হৈছিল শুকুবাৰে সন্ধিয়া ।

লখিমপুৰ : ৫ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ৬০ বছৰীয়া বৃদ্ধক আটক

প্ৰতীকী ফটো

Published: 

28 Sep 2024 | 05:27 PM

সভ্য সমাজক লজ্জানত কৰাৰ ঘটনা যে অসমত ইটোৰ পাছত সিটো সংঘটিত হ’বলৈ ধৰিছে । যোৱা কালি শিৱসাগৰত এগৰাকী ১১ বছৰীয়া নাবালিকাক ৫০০ টকাৰ বিনিময়ত নিজ পিতৃয়ে তিনিজন ব্যক্তিক গতাই দিয়াৰ অভিযোগ উত্থাপন হৈছিল । ইয়াৰ পাছতে এই নাবালিকা গৰাকী যৌন নিৰ্যাতনৰ বলি হোৱাৰো অভিযোগ উত্থাপন হৈছিল । এই ঘটনা সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে লখিমপুৰ জিলাৰ হাৰমতী অঞ্চলত সংঘটিত হৈছে আন জঘন্য ঘটনা ।

সূত্ৰৰ অনুসৰি, হাৰমতী অঞ্চলৰ এগৰাকী ৫ বছৰীয়া নাবালিকা যৌন নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে । স্থানীয় আৰক্ষীয়ে সদৰী কৰা মতে, ইতিমধ্যে এই অভিযোগত এজন ৬০ বছৰীয়া বৃদ্ধক আটক কৰিছে । সূত্ৰৰ খবৰ অনুসৰি, এই ঘটনা সংঘটিত হৈছিল শুকুবাৰে সন্ধিয়া ।

এজন আৰক্ষীৰ বিষয়াই সূত্ৰক জানিবলৈ দিয়া অনুসৰি, অভিযুক্তই নিজৰ দোকানত এগৰাকী ৫ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল । আৰক্ষীৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে, নাবালিকা গৰাকীক দোকানখনৰ ভিতৰত নিজ মাতৃয়ে উদ্ধাৰ কৰে । ইয়াৰ পাছতে স্থানীয় আৰক্ষীক খবৰ দিয়ে মাতৃ গৰাকীয়ে ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ইতিমধ্যে যৌন নিৰ্যাতনৰ বলি হোৱা নাবালিকা গৰাকীক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ইয়াৰ সমান্তৰালভাৱে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত অভিযুক্তক আটক কৰি জেৰা কৰাৰ লগতে অধিক তথ্যৰ বাবে তদন্ত আৰম্ভ কৰিছে । ইফালে, এই ঘটনা সংঘটিত হোৱাৰ পাছতে হাৰমতী অঞ্চলৰ ৰাইজে হাৰমতী থানাৰ বাহিৰত বিক্ষোভ প্ৰদৰ্শন কৰাৰো দেখা যায় । এই ঘটনাকলৈ ক্ষোভ প্ৰকাশ কৰি অভিযুক্তৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় লোকে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...