উদ্দেশ্য হাতী-মানুহৰ সংঘাত হ্ৰাস কৰা ! গোৱালপাৰাৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ২০০০ লোকক উচ্ছেদ…

গোৱালপাৰা জিলাৰ ৫৫-৬০ হেক্টৰ বনাঞ্চল ভূমিৰ পৰা মঙলবাৰে ৪৫০ টা পৰিয়ালক উচ্ছেদ কৰা হয় । প্ৰায় ২০০০ জন লোকে বাস কৰা এই অঞ্চলটোত উচ্ছেদ অভিযান চলোৱাৰ কথা জানিবলৈ দিছে বিভাগীয় বিষয়াই । সূত্ৰই জানিবলৈ দিয়া অনুসৰি, উচ্ছেদ অভিযানৰ সময়ত সেই অঞ্চলটোৰ পৰা কেইবাটাও চৰকাৰী ইনষ্টলেশ্যনো আঁতৰাই পেলোৱা হয় ।

উদ্দেশ্য হাতী-মানুহৰ সংঘাত হ্ৰাস কৰা ! গোৱালপাৰাৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ২০০০ লোকক উচ্ছেদ...

সংৰক্ষিত বনাঞ্চলৰ পৰা ৪৫০টা পৰিয়ালক উচ্ছেদ

Updated On: 

24 Sep 2024 | 07:05 PM

অসমৰ গোৱালপাৰা জিলাৰ ৫৫-৬০ হেক্টৰ বনাঞ্চল ভূমিৰ পৰা মঙলবাৰে ৪৫০ টা পৰিয়ালক উচ্ছেদ কৰা হয় । প্ৰায় ২০০০ জন লোকে বাস কৰা এই অঞ্চলটোত উচ্ছেদ অভিযান চলোৱাৰ কথা জানিবলৈ দিছে বিভাগীয় বিষয়াই । সূত্ৰই জানিবলৈ দিয়া অনুসৰি, উচ্ছেদ অভিযানৰ সময়ত সেই অঞ্চলটোৰ পৰা কেইবাটাও চৰকাৰী ইনষ্টলেশ্যনো আঁতৰাই পেলোৱা হয় । এই উচ্ছেদে হাতী-মানুহৰ সংঘাত ৰোধ কৰাত সহায় কৰিব বুলিও আশা প্ৰকাশ কৰে বিষয়া গৰাকীয়ে ।

লখিপুৰ ৰেঞ্জৰ ১১৮ হেক্টৰ ভূমিত বিস্তৃত বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত আজি মঙলবাৰে নিৰাপত্তাৰক্ষী আৰু অসামৰিক আৰু বন বিষয়াৰ এটা বৃহৎ দল উচ্ছেদ চলাবৰ বাবে উপস্থিত হয়  । এই উচ্ছেদৰ সন্দৰ্ভত গোৱালপাৰাৰ বন সংমণ্ডল বিষয়া তেজস মাৰিস্বামীয়ে কয় যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি গোৱালপাৰাৰ সকলো সংৰক্ষিত বনাঞ্চল বেদখলৰ পৰা মুক্ত কৰা উদ্দেশ্যে এই উচ্ছেদ অভিযান চলোৱা হয় । ৰাজ্যখনৰ ভিতৰতে গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাত সৰ্বাধিক বুলিও উল্লেখ কৰে বিষয়া গৰাকীয়ে ।

জানিব পৰা মতে, উচ্ছেদৰ পাছত এই অঞ্চলটোত বনানীকৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ব । এই সমগ্ৰ অঞ্চলটো হাতীৰ বাসস্থানৰ বাবে উপযোগী কৰি তোলা হ’ব বুলিও বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে । মাৰিস্বামীয়ে কয় যে, “৫৫-৬০ হেক্টৰ বনাঞ্চল ভূমি বেদখল মুক্ত কৰা বাবে উচ্ছেদ চলাই থকা হৈছে । এই অঞ্চলটোত প্ৰায় ৪৫০ টা পৰিয়ালে অবৈধভাৱে বসতি স্থাপন কৰিছিল । প্ৰায় ২০০০ লোকে বাস কৰা এই অঞ্চলটো খালী কৰিবলৈ আমি অনুৰোধ জনাইছো ।”

ইফালে প্ৰশাসনে দাবী কৰে যে, নিজ ইচ্ছাৰে সেই লোকসকলে অঞ্চলটো খালী কৰিছে । মঙলবাৰৰ দিনটোত শান্তিপূৰ্ণভাৱে এই উচ্ছেদ অভিযান সম্পূৰ্ণ হয় বুলিও দাবী কৰে প্ৰশাসনে । মৰিস্বামীয়ে লগতে কয় যে, উচ্ছেদৰ সময়ত এটা জল জীৱন মিছন ইউনিটও ভাঙি পেলোৱা হৈছে।

সমান্তৰালভাৱে হাতী-মানুহৰ সংঘাতৰ সন্দৰ্ভত তেওঁ কয়,”গোৱালপাৰাত হাতী-মানুহৰ সংঘাতত গড়ে ২৫ জন লোকে প্ৰাণ হেৰুৱায়। যদি আমি এই সংঘাত হ্ৰাস কৰিব বিচাৰো, তেন্তে এই সমস্যাৰ মূল সমাধান হ’ব- আমাৰ বনাঞ্চলসমূহ সকলো অবৈধ বসতিৰ পৰা মুক্ত কৰা।” যোৱা এবছৰত গোৱালপাৰাত ৯ টা উচ্ছেদ অভিযান চলাই প্ৰায় ৫৫০ হেক্টৰ বনাঞ্চলৰ ভূমি বেদখলমুক্ত কৰা হৈছে বুলি জানিবলৈ দিছে ডি এফ অ’ গৰাকীয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...