সকলো জনগোষ্ঠী এক হৈ থাকিব ! অসম দিৱসৰ দিনটোত বৃহত্তৰ অসম নিৰ্মাণৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ

এক্স হেণ্ডেলত দিয়া এটা পোষ্টত তেওঁ কয়, "আমি অসম দিৱস পালন কৰাৰ লগতে আমি প্ৰতিশ্ৰুতি দিছো যে, তেওঁ কল্পনা কৰা ধৰণে গৌৰৱান্বিত, শক্তিশালী আৰু একত্ৰিত বৰ অসম নিৰ্মাণ কৰা হ'ব।"

সকলো জনগোষ্ঠী এক হৈ থাকিব ! অসম দিৱসৰ দিনটোত বৃহত্তৰ অসম নিৰ্মাণৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ
Updated On: 

02 Dec 2025 | 03:02 PM

আজি ৰাজ্যবাসীয়ে উদযাপন কৰিছে অসম দিৱস। এই বিশেষ দিনটোতে ৰাজ্যৰ সকলো জনগোষ্ঠীকে সামৰি বৃহত্তৰ অসম নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১২২৮ খ্ৰীষ্টাব্দত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাৰ অসমলৈ অহাৰ স্মৃতিত ৰাজ্যখনে ‘অসম দিৱস’ উদযাপন কৰাৰ সময়তে তেওঁ এই মন্তব্য প্ৰকাশ কৰে।

এক্স হেণ্ডেলত দিয়া এটা পোষ্টত তেওঁ কয়, “আজিৰ দিনটোতে স্বৰ্গদেউ চাওলুং সুকাফা অসমলৈ আহি বৰ অসমৰ ভেঁটি স্থাপন কৰিছিল। আমি অসম দিৱস পালন কৰাৰ লগতে আমি প্ৰতিশ্ৰুতি দিছো যে, তেওঁ কল্পনা কৰা ধৰণে গৌৰৱান্বিত, শক্তিশালী আৰু একত্ৰিত বৰ অসম নিৰ্মাণ কৰা হ’ব।”

এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে মুখ্য়মন্ত্ৰী শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই কয়,”অসম দিৱসৰ দিনা শুভেচ্ছাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ডাবল ইঞ্জিন চৰকাৰে আহোম আৰু অসমৰ গৌৰৱময় লিগেচিক বিশ্ব মঞ্চত সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে কোনো প্ৰচেষ্টা বাদ দিয়া নাই।”

অমিক শ্বাহে এক্সৰ এটা পোষ্টত অসম দিৱসৰ উপলক্ষে অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰে। এই উপলক্ষে আহোম যুগৰ গৌৰৱক স্মৰণ কৰাৰ লগতে অসমৰ চহকী সংস্কৃতি ৰক্ষাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক সুদৃঢ় কৰে। তেওঁ কয় যে, এই ক্ষেত্ৰত প্ৰতিজন ভাৰতীয়ই অতি গৌৰৱ অনুভৱ কৰে।

তেওঁ কয় যে,প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে অসমক উন্নয়ন আৰু শিক্ষাৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰিত কৰি শান্তিৰ যুগৰ সূচনা কৰিছে আৰু এই অগ্ৰগতি অবিৰতভাৱে অব্যাহত ৰাখিবলৈ সংকল্পবদ্ধ বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়। “এই দিনটোৱে আমাৰ ঐক্যৰ বান্ধোন শক্তিশালী কৰক আৰু আমাৰ সংস্কৃতিৰ সৈতে আমাৰ সংযোগ গভীৰ কৰক। আমাৰ অতীতক সন্মান জনাই, আমাৰ ভৱিষ্যতক শক্তিশালী কৰক!” তেওঁ লগতে কয়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে চৰাইদেউত ছ্যু-কা-ফা বিশ্ববিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...