সকলো জনগোষ্ঠী এক হৈ থাকিব ! অসম দিৱসৰ দিনটোত বৃহত্তৰ অসম নিৰ্মাণৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ
এক্স হেণ্ডেলত দিয়া এটা পোষ্টত তেওঁ কয়, "আমি অসম দিৱস পালন কৰাৰ লগতে আমি প্ৰতিশ্ৰুতি দিছো যে, তেওঁ কল্পনা কৰা ধৰণে গৌৰৱান্বিত, শক্তিশালী আৰু একত্ৰিত বৰ অসম নিৰ্মাণ কৰা হ'ব।"

আজি ৰাজ্যবাসীয়ে উদযাপন কৰিছে অসম দিৱস। এই বিশেষ দিনটোতে ৰাজ্যৰ সকলো জনগোষ্ঠীকে সামৰি বৃহত্তৰ অসম নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১২২৮ খ্ৰীষ্টাব্দত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাৰ অসমলৈ অহাৰ স্মৃতিত ৰাজ্যখনে ‘অসম দিৱস’ উদযাপন কৰাৰ সময়তে তেওঁ এই মন্তব্য প্ৰকাশ কৰে।
এক্স হেণ্ডেলত দিয়া এটা পোষ্টত তেওঁ কয়, “আজিৰ দিনটোতে স্বৰ্গদেউ চাওলুং সুকাফা অসমলৈ আহি বৰ অসমৰ ভেঁটি স্থাপন কৰিছিল। আমি অসম দিৱস পালন কৰাৰ লগতে আমি প্ৰতিশ্ৰুতি দিছো যে, তেওঁ কল্পনা কৰা ধৰণে গৌৰৱান্বিত, শক্তিশালী আৰু একত্ৰিত বৰ অসম নিৰ্মাণ কৰা হ’ব।”
এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে মুখ্য়মন্ত্ৰী শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই কয়,”অসম দিৱসৰ দিনা শুভেচ্ছাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ডাবল ইঞ্জিন চৰকাৰে আহোম আৰু অসমৰ গৌৰৱময় লিগেচিক বিশ্ব মঞ্চত সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে কোনো প্ৰচেষ্টা বাদ দিয়া নাই।”
ধন্যবাদ মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া।
Thank you Adarniya @AmitShah ji for your wishes on Asom Diwas. Under Adarniya @narendramodi Ji’s leadership, the Double Engine Govt has spared no effort to preserve and promote the glorious legacy of Ahoms and Assam on the world stage. https://t.co/I8XMZPFf5N
— Himanta Biswa Sarma (@himantabiswa) December 2, 2025
অমিক শ্বাহে এক্সৰ এটা পোষ্টত অসম দিৱসৰ উপলক্ষে অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰে। এই উপলক্ষে আহোম যুগৰ গৌৰৱক স্মৰণ কৰাৰ লগতে অসমৰ চহকী সংস্কৃতি ৰক্ষাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক সুদৃঢ় কৰে। তেওঁ কয় যে, এই ক্ষেত্ৰত প্ৰতিজন ভাৰতীয়ই অতি গৌৰৱ অনুভৱ কৰে।
তেওঁ কয় যে,প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে অসমক উন্নয়ন আৰু শিক্ষাৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰিত কৰি শান্তিৰ যুগৰ সূচনা কৰিছে আৰু এই অগ্ৰগতি অবিৰতভাৱে অব্যাহত ৰাখিবলৈ সংকল্পবদ্ধ বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়। “এই দিনটোৱে আমাৰ ঐক্যৰ বান্ধোন শক্তিশালী কৰক আৰু আমাৰ সংস্কৃতিৰ সৈতে আমাৰ সংযোগ গভীৰ কৰক। আমাৰ অতীতক সন্মান জনাই, আমাৰ ভৱিষ্যতক শক্তিশালী কৰক!” তেওঁ লগতে কয়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে চৰাইদেউত ছ্যু-কা-ফা বিশ্ববিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰিছিল।