অৰুণোদয় হিতাধিকাৰীয়ে ফেব্ৰুৱাৰীৰ পৰা লাভ কৰিব আন এক সুবিধা: মুখ্যমন্ত্রী
জনসভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সমগ্র দেশতে প্রায় ৩ কোটি মহিলাক 'লাখপতি বাইদেউ' হিচাপে গঢ়ি তোলাৰ বাবে সংকল্প লৈছে। অসমত প্রায় ৪ লাখ আত্মসহায়ক গোট আছে আৰু এই গোটসমূহৰ সদস্যাৰ সংখ্যা প্রায় ৪০ লাখ বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ সংকল্পক সাকাৰ ৰূপ দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

লক্ষীপুৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ
আজি লক্ষীপুৰৰ লাবক চাহ বাগিচা খেলপথাৰত আয়োজিত এক বিশাল জনসভা সম্বোধনক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। এই সভাত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান’ৰ অধীনত লক্ষীপুৰ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ১৯,৩১৮ গৰাকী সদস্যাক প্ৰাৰম্ভিক মূলধন হিচাপে ১০ হাজাৰ টকাকৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। ইয়াৰে ১৮,৬০০ গৰাকী হিতাধিকাৰী গ্রামাঞ্চলৰ আৰু ৭১৮ গৰাকী হিতাধিকাৰী নগৰাঞ্চলৰ।
জনসভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সমগ্র দেশতে প্রায় ৩ কোটি মহিলাক ‘লাখপতি বাইদেউ’ হিচাপে গঢ়ি তোলাৰ বাবে সংকল্প লৈছে। অসমত প্রায় ৪ লাখ আত্মসহায়ক গোট আছে আৰু এই গোটসমূহৰ সদস্যাৰ সংখ্যা প্রায় ৪০ লাখ বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ সংকল্পক সাকাৰ ৰূপ দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয় যে অসমত আত্মসহায়ক গোট গঠনৰ হোৱাৰ পিছৰে পৰা ৰাজ্যৰ মহিলাসকলে বেংকৰ জৰিয়তে আজিলৈকে প্রায় ২১ হাজাৰ কোটি টকা ঋণ লৈছে আৰু বেংকক ওভতাই দিছে। আজিৰ এই অনুষ্ঠানত অসম চৰকাৰৰ বিভিন্ন বিভাগত মন্ত্ৰী আৰু বিষয়ববীয়াসকলত উপস্থিত থাকে।
ৰাজ্য চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে গ্রহণ কৰিবলৈ আগবঢ়া আন তিনিটা পদক্ষেপৰ কথা উল্লেখ কৰি ড° শৰ্মাই কয় যে অহা ৭ নৱেম্বৰৰ পৰা ৰেচন কার্ড থকা পৰিয়ালসমূহে চাউলৰ লগতে দাইল, নিমখ আৰু চেনি সুলভ মূল্যত ৰেচনৰ দোকানত লাভ কৰিব। ৰাজ্যৰ যিসমূহ পৰিয়ালে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিছে তেওঁলোকে ৰন্ধন গেছ ক্ৰয়ৰ বাবে আঁচনিখনৰ অধীনত প্ৰদান কৰা ১,২৫০ টকাৰ উপৰি অতিৰিক্তভাৱে ২৫০ টকাকৈ লাভ কৰিব। সেইদৰে অৰুণোদয় হিতাধিকাৰীসকলে অহা ফেব্ৰুৱাৰী মাহৰ পৰা আন এক সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্রী ড° শর্মাই কয়।
মুখ্যমন্ত্রী ড° শর্মাই কয় যে, মহিলাসকলৰ স্বাভিমান বৃদ্ধি আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ দিশতো অসম চৰকাৰে আৰ্থিক সবলীকৰণৰ সমান্তৰালভাৱে যাৱতীয় পদক্ষেপ লৈছে । তেওঁ কয় যে যিদৰে ৰাজ্য চৰকাৰে বাল্যবিবাহ ৰোধৰ দিশত সবল পদক্ষেপ ল’লে সেইদৰে শীঘ্ৰে বহুবিবাহ বন্ধ কৰাৰ বাবেও এখন আইন প্রণয়ন কৰিব যাতে ৰাজ্যৰ নাৰী সমাজৰ মৰ্যাদা আৰু অধিকাৰ সুৰক্ষিত হৈ থাকে। মুখ্যমন্ত্রীয়ে লগতে উল্লেখ কৰে যে অসম চৰকাৰে ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালসমূহৰ বাবে নিষ্ঠাৰে পদক্ষেপ গ্রহণ কৰিছে যাতে স্বাভিমানেৰে তেওঁলোকে জীয়াই থাকিব পাৰে।