নাই কোনো বিকল্প!পুনৰ এজাক বৰষুণতে ডুবিল মহানগৰীৰ আভিজাত্য | artificial flood guwahati after heavy rain Assam news - Assam Tv9

নাই কোনো বিকল্প! পুনৰ এজাক বৰষুণতে ডুবিল মহানগৰীৰ আভিজাত্য

trishna-kalita
Updated On: 

01 Sep 2024 11:29 AM

পুৱাৰ এজাক মুষলধাৰ বৰষুণত পুনৰ উটিল মহানগৰীৰ আভিজাত্য। দেওবাৰৰ পুৱা হোৱা বৰষুণৰ ফলত কৃত্ৰিম বানত বুৰ গ'ল মহানগৰীৰ বহু অঞ্চলৰ বাট-পথ। একাঁঠু পানীৰ মাজেৰে যাতায়াত একাংশ লোকৰ। কিছুসময়ৰ ভিতৰতে স্তদ্ধ হৈ পৰিছে মহানাগৰিকৰ জীৱনযাত্ৰা।

1 / 5প্ৰায় দুঘণ্টা ধৰি অহা বৰষুণজাকে সৃষ্টি কৰা কৃত্ৰিম বানে সৃষ্টি কৰিছে অবৰ্ণনীয় পৰিস্থিতিৰ।  ক’ৰবাত যদি একাঁঠু আন ক’ৰবাত একঁকাল পানীৰ মাজেৰে যাতায়াত কৰিব লগীয়া হৈছে জনতা। ভিন্ন স্থানত পানীৰ মাজতে বিকল হৈ পৰিছে বাহন।

প্ৰায় দুঘণ্টা ধৰি অহা বৰষুণজাকে সৃষ্টি কৰা কৃত্ৰিম বানে সৃষ্টি কৰিছে অবৰ্ণনীয় পৰিস্থিতিৰ। ক’ৰবাত যদি একাঁঠু আন ক’ৰবাত একঁকাল পানীৰ মাজেৰে যাতায়াত কৰিব লগীয়া হৈছে জনতা। ভিন্ন স্থানত পানীৰ মাজতে বিকল হৈ পৰিছে বাহন।

2 / 5 কৃত্ৰিম বানত ৰুক্মিণীগাঁৱত অবৰ্ণনীয় পৰিস্থিতি। জু-ৰোডত একাঁঠু পৰ্যন্ত পানী।  হাতীগাঁও, GS ৰোড, হাতীগাঁও, ৰুক্মিণীগাঁও, চানমাৰি,  বামুণীমৈদাম, বেলতলা, ৰাজগড়, গণেশগুৰি, অম্বিকাগিৰী নগৰ , গীতানগৰ, ডাউন টাউনত কৃত্ৰিম বান।

কৃত্ৰিম বানত ৰুক্মিণীগাঁৱত অবৰ্ণনীয় পৰিস্থিতি। জু-ৰোডত একাঁঠু পৰ্যন্ত পানী। হাতীগাঁও, GS ৰোড, হাতীগাঁও, ৰুক্মিণীগাঁও, চানমাৰি, বামুণীমৈদাম, বেলতলা, ৰাজগড়, গণেশগুৰি, অম্বিকাগিৰী নগৰ , গীতানগৰ, ডাউন টাউনত কৃত্ৰিম বান।

3 / 5উল্লেখ্য যে মহানগৰীত প্ৰৱল বৃষ্টিপাতক লৈ সতৰ্কবাণী জাৰি কৰিছিল বতৰ বিজ্ঞান বিভাগে। ২৪ ঘণ্টাত মহানগৰীৰ ভিন্ন স্থানত ৭-১১ ছেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছিল।

উল্লেখ্য যে মহানগৰীত প্ৰৱল বৃষ্টিপাতক লৈ সতৰ্কবাণী জাৰি কৰিছিল বতৰ বিজ্ঞান বিভাগে। ২৪ ঘণ্টাত মহানগৰীৰ ভিন্ন স্থানত ৭-১১ ছেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছিল।

4 / 5

৫ আগষ্টতো গুৱাহাটীৰ অধিকাংশ অঞ্চলতে হৈছিল ভয়ংকৰ কৃত্ৰিম বান। গুৱাহাটীৰ গণেশগুৰি, জু-ৰোড, ভঙাগড়, পাঞ্জাবাৰী হাতীগাঁও, ৰুক্মিণীগাঁও, বেলতলা ছাৰ্ভে, অনিল নগৰ, নবীন নগৰ, যোৰাবাট আদি অঞ্চলত অধিক শোচনীয় হৈছিল পৰিস্থিতি।

5 / 5

ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰাজপথত আবদ্ধ হৈ পৰিছিল যান-বাহন। ৫ আগষ্টৰ পুৱতি নিশালৈকে গুৱাহাটীৰ ৰাজপথত আবদ্ধ হৈ আছিল বহু যান-বাহন। বানৰ বাবে বহু যান-বাহন বিকলো হৈ পৰিছিল।

ইংলেণ্ডৰ মাটিত এক মহাৰেকৰ্ড স্থাপনৰ দিশে কে এল ৰাহুল, অতিক্ৰমৰ সুযোগ এই কিংবদন্তিক
সঘনাই জ্বৰ উঠে নেকি আপোনাৰ? উলাই নকৰিব, হ’ব পাৰে এনে চিন্তনীয় সমস্যাৰ লক্ষণ
ৰাতিপুৱাৰ মূৰ গধুৰ আৰু চকু ফুলি উঠা: মগজুৰ টিউমাৰৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
ভাগৰুৱা, বমি, জ্বৰৰ লগতে ভোক কমি গৈছে নেকি? সাৱধান হওক, হ'ব পাৰে এই ৰোগ...