নাই কোনো বিকল্প!পুনৰ এজাক বৰষুণতে ডুবিল মহানগৰীৰ আভিজাত্য | artificial flood guwahati after heavy rain Assam news - Assam Tv9

নাই কোনো বিকল্প! পুনৰ এজাক বৰষুণতে ডুবিল মহানগৰীৰ আভিজাত্য

Updated On: 

01 Sep 2024 | 11:29 AM

পুৱাৰ এজাক মুষলধাৰ বৰষুণত পুনৰ উটিল মহানগৰীৰ আভিজাত্য। দেওবাৰৰ পুৱা হোৱা বৰষুণৰ ফলত কৃত্ৰিম বানত বুৰ গ'ল মহানগৰীৰ বহু অঞ্চলৰ বাট-পথ। একাঁঠু পানীৰ মাজেৰে যাতায়াত একাংশ লোকৰ। কিছুসময়ৰ ভিতৰতে স্তদ্ধ হৈ পৰিছে মহানাগৰিকৰ জীৱনযাত্ৰা।

1 / 5

প্ৰায় দুঘণ্টা ধৰি অহা বৰষুণজাকে সৃষ্টি কৰা কৃত্ৰিম বানে সৃষ্টি কৰিছে অবৰ্ণনীয় পৰিস্থিতিৰ। ক’ৰবাত যদি একাঁঠু আন ক’ৰবাত একঁকাল পানীৰ মাজেৰে যাতায়াত কৰিব লগীয়া হৈছে জনতা। ভিন্ন স্থানত পানীৰ মাজতে বিকল হৈ পৰিছে বাহন।

2 / 5

কৃত্ৰিম বানত ৰুক্মিণীগাঁৱত অবৰ্ণনীয় পৰিস্থিতি। জু-ৰোডত একাঁঠু পৰ্যন্ত পানী। হাতীগাঁও, GS ৰোড, হাতীগাঁও, ৰুক্মিণীগাঁও, চানমাৰি, বামুণীমৈদাম, বেলতলা, ৰাজগড়, গণেশগুৰি, অম্বিকাগিৰী নগৰ , গীতানগৰ, ডাউন টাউনত কৃত্ৰিম বান।

3 / 5

উল্লেখ্য যে মহানগৰীত প্ৰৱল বৃষ্টিপাতক লৈ সতৰ্কবাণী জাৰি কৰিছিল বতৰ বিজ্ঞান বিভাগে। ২৪ ঘণ্টাত মহানগৰীৰ ভিন্ন স্থানত ৭-১১ ছেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছিল।

4 / 5

৫ আগষ্টতো গুৱাহাটীৰ অধিকাংশ অঞ্চলতে হৈছিল ভয়ংকৰ কৃত্ৰিম বান। গুৱাহাটীৰ গণেশগুৰি, জু-ৰোড, ভঙাগড়, পাঞ্জাবাৰী হাতীগাঁও, ৰুক্মিণীগাঁও, বেলতলা ছাৰ্ভে, অনিল নগৰ, নবীন নগৰ, যোৰাবাট আদি অঞ্চলত অধিক শোচনীয় হৈছিল পৰিস্থিতি।

5 / 5

ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰাজপথত আবদ্ধ হৈ পৰিছিল যান-বাহন। ৫ আগষ্টৰ পুৱতি নিশালৈকে গুৱাহাটীৰ ৰাজপথত আবদ্ধ হৈ আছিল বহু যান-বাহন। বানৰ বাবে বহু যান-বাহন বিকলো হৈ পৰিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...