চাকৰিৰ প্ৰলোভন দি ধন সংগ্ৰহ, আৰক্ষীৰ জালত ভুৱা ৰাজহ চক্ৰ বিষয়া

Assam fraud: অভিযোগ অনুসৰি ৰাজশ্ৰীয়ে ৰিমি নামৰ এগৰাকী মহিলাৰ সৈতে লগ হৈ পুৰণিগুদামৰ মীনাক্ষী নেওগ নামৰ এগৰাকী মহিলাক চক্ৰ বিষয়াৰ কাৰ্যালয়ত কাম সম্পাদন আৰু নৈশ চকীদাৰৰ চাকৰি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

চাকৰিৰ প্ৰলোভন দি ধন সংগ্ৰহ, আৰক্ষীৰ জালত ভুৱা ৰাজহ চক্ৰ বিষয়া

ৰাজশ্ৰী

Updated On: 

26 Sep 2024 | 12:27 PM

প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ কৰি বিপদত এগৰাকী মহিলা। নিজকে ৰাজহ চক্ৰ বিষয়া বুলি পৰিচয় দি বিভিন্নজনক চাকৰি দিয়াৰ প্ৰলোভনৰে ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতত কৰ্মৰত এগৰাকী মহিলা কৰ্মচাৰী। বুধবাৰে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৃত মহিলা ৰাজশ্ৰী দেৱীক। অভিযোগ অনুসৰি ৰাজশ্ৰীয়ে ৰিমি নামৰ এগৰাকী মহিলাৰ সৈতে লগ হৈ পুৰণিগুদামৰ মীনাক্ষী নেওগ নামৰ এগৰাকী মহিলাক চক্ৰ বিষয়াৰ কাৰ্যালয়ত কাম সম্পাদন আৰু নৈশ চকীদাৰৰ চাকৰি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ বিনিময়ত মহিলাগৰাকীৰ পৰা ৰাজশ্ৰীয়ে প্ৰায় ৩ লাখ টকা আদায় লৈছিল।

পৰৱৰ্তী সময়ত চাকৰি নাপাই মহিলাগৰাকীয়ে ধন উভতাই বিচাৰিছিল যদিও ৰাজশ্ৰীয়ে ভুক্তভোগীক ভুৱা গোচৰত অভিযুক্ত সজোৱাৰ ভাবুকি দিছিল। এইবোৰ ঘটনাৰ পাছতেই বুধবাৰে গ্ৰেপ্তাৰ হয় ৰাজশ্ৰী দেৱী। বৰ্তমান আৰক্ষীয়ে ৰাজশ্ৰী দেৱীক জেৰা চলাই থকাৰ বিপৰীতে পলাতক অৱস্থাত আছে ৰিমি  নামৰ আন এগৰাকী প্ৰৱঞ্চক।

ঘটনা সন্দৰ্ভত নগাঁও চি জে এম আদালতৰ কৰ্মচাৰী ৰাজশ্ৰী দেৱীক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত নগাঁও আৰক্ষী অধীক্ষক (অপৰাধ) পাৰ্থ প্ৰতীম শইকীয়াই কয় যে.চি জে এম আদালতৰ কৰ্মচাৰীগৰাকীক ৪২০/ ৪০৬/৪৬৮ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। চাকৰি দিম বুলি বিভিন্নজনৰ পৰা তেওঁ ১.৩০ লাখ টকাৰ পৰা ১.৫০ লাখ টকা পৰ্যন্ত সংগ্ৰহ কৰাৰ অভিযোগ আছে। তেওঁ নিজকে কৰ্টৰ বিষয়া, ৰাজহ চক্ৰ বিষয়া বুলি পৰিচয় দি এনে কাণ্ড সংঘটিত কৰি আহিছে।

পৰৱৰ্তী সময়ত ভুক্তভোগী মহিলা মীনাক্ষী নেওগে ঘটনা সন্দৰ্ভত এক এজাহাৰ দাখিল কৰে আৰু তাৰ ভিত্তিকেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাজশ্ৰীক। গ্ৰেপ্তাৰৰ সময়ত ৰাজশ্ৰীয়ে কয় যে, তেওঁ এই ঘটনাক সংঘটিত কৰা নাই। ৰিমি নামৰ মহিলাগৰাকীয়েহে টকা লৈছে। এই ঘটনাৰ পাছতেই এতিয়া অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

মন কৰিবলগীয়া যে, বিভিন্ন সময়ত একাংশ প্ৰৱঞ্চকসকলে সাধাৰণলোকৰ পৰা টকা লৈ অপৰাধ সংঘটিত কৰি আহিছে। ইয়াৰ পূৰ্বেও এনে বহু ঘটনা আহিছে য’ত অভিযুক্তই চাকৰি বা অন্য প্ৰলোভনৰ জৰিয়তে লাখ লাখ টকা আত্মসাৎ কৰে। জানিব পৰা মতে ৰাজশ্ৰীৰ স্বামী এগৰাকী অধিবক্তা। এই গোচৰত পৰৱৰ্তী সময়ত আৰু অধিক লোক তদন্তৰ আওতাত অহাৰ সম্ভাৱণা আছে। তদন্তৰ অন্ততহে পোহৰলৈ আহিব যে তেওঁলোকে কাৰ পৰা আৰু কিমান টকা এতিয়ালৈকে আত্মসাৎ কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...