আশ্ৰয় শিবিৰ স্থাপন, সেনা বাহিনী মোতায়েন… সম্প্ৰতি কি পৰিস্থিতি কোকৰাঝাৰত?
কোকৰাঝাৰ সংঘাতত ভীতিগ্ৰস্ত হৈ কাৰিগাঁৱৰ একাংশ লোকে ঘৰ-বাৰী এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে। সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে জিলা প্ৰশাসনে আৱদাং বজাৰ, কাৰিগাঁও বজাৰ আৰু কাৰিগাঁও প্ৰাথমিক বিদ্যালয়ত তিনিটা অস্থায়ী সাহায্য শিবিৰ মুকলি কৰিছে।

কোকৰাঝাৰ
দুজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি যোৱা দুদিন ধৰি উত্তপ্ত হৈ আছে কোকৰাঝাৰ। আইন শৃংখলা পৰিস্থিতিৰ যাতে অধিক অৱনতি নঘটে, তাৰ বাবে সেনা মোতায়েন কৰা হৈছে জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলত। গণপ্ৰহাৰত দুজন লোকৰ মৃত্যু হোৱাৰ পাছতেই স্থানীয় বড়ো আৰু আদিবাসী গোটৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে। কাৰিগাঁৱত সংঘটিত হৈছিল এই ঘটনা।
যোৱা নিশাৰে পৰা সেনাই অঞ্চলটোত সেনাই তহল দি আছে। সেনাৰ সৈতে আছে জিলা প্ৰশাসনৰো লোক। সেনাৰ এগৰাকী মুখপাত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি ভাৰতীয় সেনাৰ জোৱানে জিলা প্ৰশাসনৰ সহযোগত কাৰিগাঁৱৰ সংঘাতজৰ্জৰ অঞ্চলত তহল দিছে। নিৰাপত্তা ব্যৱস্থা তথা আইন-শৃংখলা পৰিস্থিতি সুনিশ্চিত কৰাৰ উদ্দেশ্যে তহলৰ ব্যৱস্থা কৰা বুলি জনায় সেনাৰ মুখপাত্ৰগৰাকীয়ে। ভাৰতীয় সেনাৰ মুঠ চাৰিটা প্লাটুন মোতায়েন কৰা বুলি জানিব পৰা গৈছে।
শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি সামগ্ৰিক পৰিৱেশ নিয়ন্ত্ৰণাধীন হৈ আছে। কোকৰাঝাৰৰ লগতে চুবুৰীয়া চিৰাং জিলাতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে উল্লেখ কৰিছে যে কোকৰাঝাৰৰ হিংসা তথা সংঘাতৰ পৰিপ্ৰেক্ষিতত সেনা মোতায়েনৰ ব্যৱস্থা কৰা হৈছে। ৰেপিড একশ্যন ফ’ৰ্চে ইতিমধ্যেই তাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আছে।
গৃহ বিভাগ এগৰাকী বিষয়াৰ তথ্য অনুসৰি যোৱা সোমবাৰে নিশা কোকৰাঝাৰৰ কাৰিগাঁৱত দুজন আদিবাসী লোকক খুন্দা মাৰে এখন বাহনে। সেই বাহনখনত আছিল তিনিজন বড়ো যুৱক। তাৰ পাছতেই আদিবাসী গাঁওখনৰ একাংশ লোকে মাৰ-পিট কৰে বড়ো যুৱক তিনিজনক। তাৰোপৰি ক্ষোভিত লোকসকলে সেই বাহনখনো জ্বলাই দিয়ে। ইয়াৰে এজন লোকৰ ঘটনাস্থলীতে মৃত্যু ঘটে আৰু আন এজনৰ মঙলবাৰে হাস্পতালত মৃত্যু ঘটে। আহত আন তিনিজন লোক এতিয়াও হাস্পতালতে আছে।
মঙলবাৰে এই ঘটনাক কেন্দ্ৰ কৰি বড়ো আৰু আদিবাসীসকলৰ মাজত সংঘাতৰ সূত্ৰপাত ঘটে। দুয়োটা পক্ষই কাৰিগাঁও সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ আবদ্ধ কৰি টায়াৰ আদি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। উন্মত্ত প্ৰতিবাদকাৰীয়ে এটা চৰকাৰী কাৰ্যালয়ত অগ্নিসংযোগ কৰাৰ লগতে কাৰিগাঁও আৰক্ষী চকীতো আক্ৰমণৰ চেষ্টা কৰে।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে প্ৰথমতে লাঠীচাৰ্জ আৰু তাৰ পাছত কন্দুৱা গেছ নিক্ষেপ কৰে প্ৰতিবাদকাৰীৰ ওপৰত। এই ঘটনাত আৰক্ষী জোৱানসহ কেবাজনো লোক আহত হয়। সমগ্ৰ কোকৰাঝাৰ জিলাত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰা হৈছে। কোকৰাঝাৰ আৰু চিৰাং জিলাত ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা বন্ধ কৰি দিছে প্ৰশাসনে।
ইফালে এই সংঘাতত ভীতিগ্ৰস্ত হৈ কাৰিগাঁৱৰ একাংশ লোকে ঘৰ-বাৰী এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে। সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে জিলা প্ৰশাসনে আৱদাং বজাৰ, কাৰিগাঁও বজাৰ আৰু কাৰিগাঁও প্ৰাথমিক বিদ্যালয়ত তিনিটা অস্থায়ী সাহায্য শিবিৰ মুকলি কৰিছে। বিষয়াসকলে জনোৱা মতে, আৱদাং বজাৰ শিবিৰত বডো সম্প্ৰদায়ৰ লোকসকলক ৰখাৰ বিপৰীতে কাৰিগাঁৱত স্থাপন কৰা শিবিৰত চাওঁতাল পৰিয়ালক আশ্ৰয় দিয়া হৈছে।
মুঠতে এই অস্থায়ী শিবিৰসমূহত প্ৰায় ১২০০ লোকক আশ্ৰয় প্ৰদান কৰা হৈছে। শান্তি নিশ্চিত কৰাৰ লগতে যিকোনো অপ্ৰীতিকৰ ঘটনা ৰোধ কৰিবলৈ কাৰিগাঁও অঞ্চলত সেনা জোৱান, অসম আৰক্ষী, চি আৰ পি এফ আৰু ৰেপিড একচন ফ’ৰ্চ মোতায়েন কৰা হৈছে। পৰিস্থিতিৰ ওপৰত জিলা প্ৰশাসন আৰু আৰক্ষীয়ে তীক্ষ্ণ নজৰ ৰাখিছে। জ্যেষ্ঠ বিষয়াসকলো প্ৰতি নিয়ত সষ্টম হৈ আছে। আই জি পি বিবেকৰাজ সিঙে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত থকা বুলি উল্লেখ কৰি জনসাধাৰণক শান্তি বজাই ৰাখিবলৈ আৰু কৰ্তৃপক্ষৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনায়।