‘আপোন বাহন আঁচনি’ৰ বিষয়ে জানেনে? জানক কোনে লাভ কৰিব সুবিধা, কেনেকৈ কৰিব আবেদন…

প্ৰায় সকলোৰে সপোন থাকে এখন বাহন ক্ৰয় কৰাৰ। অসম চৰকাৰ অধীনত আছে এনে এক আঁচনি যাৰ অধীনত আপুনি এই সপোন পূৰণ কৰিব পাৰে। এই আঁচনিখনৰ নাম আপোন বাহন আঁচনি।

আপোন বাহন আঁচনিৰ বিষয়ে জানেনে? জানক কোনে লাভ কৰিব সুবিধা, কেনেকৈ কৰিব আবেদন...

আপোন বাহন আঁচনি

Updated On: 

14 Jan 2025 | 02:05 PM

প্ৰায় সকলোৰে মন থাকে এখন বাহন ক্ৰয় কৰাৰ। কিন্তু টকাৰ অসুবিধা বা বিভিন্ন সমস্যাৰ বাবে এনে কাম হৈ নুঠে। বেংকৰ পৰা ঋণ ল’লেও যথেষ্ঠ সংখ্যক সুদ ভৰিব লাগে বা কেতিয়াবা ঋণ লাভ কৰাতো অসুবিধা হয়। তেনে ক্ষেত্ৰত বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত বহু মানুহ বিফল হ’বলগীয়া হয়। কিন্তু অসম চৰকাৰৰ এনে এক আঁচনি আছে যাৰ অধীনত আপুনি অতি কম সুদত বাহন ক্ৰয় কৰাৰ সুযোগ লাভ কৰিব পাৰে। ৰাজ্য চৰকাৰৰ এই আঁচনিখনৰ নাম Apun Bahan Scheme(আপোন বাহন আঁচনি) । গতিকে এই আঁচনিৰ অধীনত আপুনিও কম সুদত ঋণ লৈ বাহন ক্ৰয় কৰাৰ সপোন পূৰণ কৰিব পাৰে।

আপোন বাহন আঁচনি (Apun Bahan Scheme)

ৰাজ্য চৰকাৰৰ স্থায়ী কৰ্মচাৰীসকলৰ বাবে মুকলি কৰা আপোন বাহন আঁচনি চৰকাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ অধীনত চৰকাৰে অতি কম সুদত ৰাজ্যৰ স্থায়ী চৰকাৰী কৰ্মচাৰীক বাহন ক্ৰয় কৰিবলৈ ঋণ প্ৰদান কৰে। এই আঁচনিৰ অধীনত পুৰুষ কৰ্মচাৰীসকলে পেট্ৰ’ল বা ডিজেল চালিত বাহন ক্ৰয় কৰিলে ২ শতাংশ আৰু মহিলা- দিব্যাংগ কৰ্মচাৰীসকলৰ বাবে ৩ শতাংশ ৰেহাইৰ লাভ কৰে। ইয়াৰোপৰি ইলেকট্ৰিক বাহন ক্ৰয় কৰিলে পুৰুষসকলে ৩ শতাংশ আৰু মহিলাসকলে ৩ শতাংশ ৰেহাই লাভ কৰে। এই আঁচনিৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীয়ে বাহন ক্ৰয় কৰাৰ সপোন পূৰণ কৰিব পাৰে।

এই আঁচনিৰ লাভ

  • স্থায়ী চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালত চাৰিচকীয়া বাহন লাভৰ সপোন পূৰণ।
  • মটৰ বাহন ধাৰৰ ওপৰত সুদ হ্ৰাস প্ৰদান।
  • পুৰুষ, মহিলা, আৰু দিব্য়াংগ কৰ্মচাৰীৰ বাহন ক্ৰয় কৰাত সহায়।
  • সৰ্বাধিক ১৫ লাখ টকা বা মাচুলৰ ৪৮ গুণ পৰিমাণৰ ধাৰ সুবিধা প্ৰদান।
  • পুৰুষ কৰ্মচাৰীৰ ক্ষেত্ৰত ডিজেল/পেট্ৰ’ল বাহনৰ বাবে ২% সুদৰ হ্ৰাস আৰু বৈদ্যুতিক বাহনৰ বাবে ৩%।
  • মহিলা আৰু দিব্যাংগ কৰ্মচাৰীৰ ক্ষেত্ৰত যিকোনো প্ৰকাৰৰ বাহনৰ বাবে ৩% সুদৰ হ্ৰাস।

সুবিধা

  • এই আঁচনিৰ অধীনত স্থায়ী চৰকাৰী কৰ্মচাৰীক দুচকীয়া আৰু চাৰিচকীয়া বাহন ক্ৰয়ৰ বাবে ঋণৰ সুবিধা দিয়া হয়।
  • সৰ্বাধিক ১৫ লাখ টকা লোৱাৰ সুবিধা।
  • Road Priceৰ ৮০%-৯০% ধাৰ বেংকৰ জৰিয়তে যোগান দিয়া হয়।
  • ধাৰৰ সুদ কৰ্মচাৰীৰ বেতন একাউণ্টত স্থানান্তৰ কৰা হয়।

নিয়ম

  • ঋণ লোৱা মাচুল ৩ বছৰৰ পৰা ৭ বছৰৰ ভিতৰত দিব লাগিব।
  • ঋণ পৰিশোধ ই এম আইৰ জৰিয়তে হ’ব।
  • বাহন কৰ্মচাৰীৰ নামত ক্ৰয় কৰিব লাগিব।
  • ব্যৱসায়িক কামত ব্যৱহাৰ কৰিব নোৱাৰিব।
  • এজন কৰ্মচাৰীয়ে মাত্ৰ এখন বাহন ক্ৰয় কৰিব পাৰিব।
  • বাহন পঞ্জীয়নৰ কপি বেংকত জমা দিব লাগিব।

যোগ্যতা

  • আবেদনকাৰী ৰাজ্য চৰকাৰৰ স্থায়ী কৰ্মচাৰী হোৱা আৱশ্যক।
  • বছৰৰ উপাৰ্জন ৩ লাখ বা তাতকৈ বেছি হ’ব লাগিব
  • বয়স ২১ ৰ পৰা ৫৩ বছৰৰ ভিতৰত হ’ব লাগিব।
  • তিনিচুকীয়া বাহন ক্ৰয় কৰিব নোৱাৰে।
  • সৰ্বাধিক ৭ বছৰত ঋণ পৰিশোধ কৰিব লাগিব।

কেনেকৈ কৰিব আবেদন

বেংকৰ পৰা আবেদন পত্ৰ লাভ কৰিব। পাছত সকলো তথ্য প্ৰদান কৰি DDOৰ জৰিয়তে আবেদন জমা কৰিব লাগিব। সকলো পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত আবেদন গ্ৰহণ কৰা হ’ব।

 

 

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...