APSC কেলেংকাৰীৰ ৰায়দানঃ ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড, ২ লাখ টকাৰ জৰিমণা

, বিশেষ ন্যায়াধীশ আদালতে মূল অভিযুক্ত হিচাপে ৰাকেশ পাল, বসন্ত দলে আৰু ছামেদুৰ ৰহমানৰ সৈতে ৩২ গৰাকীক দোষী সাব্যস্ত কৰিছিল। ইয়াৰে ৩ গৰাকীক ৰাজসাক্ষী হিচাপে ব্যৱহাৰ কৰিব আৰক্ষীয়ে।

APSC কেলেংকাৰীৰ ৰায়দানঃ ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড, ২ লাখ টকাৰ জৰিমণা

ৰাকেশ পাল, এপিএছচি

Updated On: 

29 Jul 2024 | 12:48 PM

APSC কেলেংকাৰীত ৰায়দান আদালতৰ।চৰকাৰী চাকৰিৰ নামত টকাৰ মেলা পাতি ধনী হোৱা ৰাকেশ পাল বাহিনীক দোষী সাব্যস্ত কৰিলে আদালতে। এ পি এছ চিপ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ সৈতে জড়িত ৪৩ গৰাকী অভিযুক্তৰ ভিতৰত ২৯ গৰাকীক ৪ বছৰৰ কাৰাদণ্ড বিহে আদালতে লগতে ১০ হাজাৰ টকাৰ জৰিমণা। ইফালে এই ঘটনাৰ মাষ্টাৰ মাইণ্ড ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ডৰ লগতে ২ লাখ টকাৰ জৰিমণা বিহে আদালতে। পালৰ সহযোগী বসন্তে দলে আৰু ছামেদুৰ ৰহমানক ১০ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমণা বিহে আদালতে।

উল্লেখ কৰা প্ৰয়োজন যে, বিশেষ ন্যায়াধীশ আদালতে মূল অভিযুক্ত হিচাপে ৰাকেশ পাল, বসন্ত দলে আৰু ছামেদুৰ ৰহমানৰ সৈতে ৩২ গৰাকীক দোষী সাব্যস্ত কৰিছিল। ইয়াৰে ৩ গৰাকীক ৰাজসাক্ষী হিচাপে ব্যৱহাৰ কৰিব আৰক্ষীয়ে। যদি কোনোৱে জৰিমণা নিদিয়ে তেন্তে তেওঁলোকে অতিৰিক্ত সময় জেলত থাকিব লাগিব।

Apsc কেলেংকাৰীৰ দোষমুক্ত ঘোষণা কৰাসকল- বিকাশ প্ৰিন্সা, কুনাল দাস, কৌশিক কলিতা, মুছৰাফ হুচেইন, বিউতি গগৈ, ফিৰোজ মৰাণ, জ্যোতিৰ্বণ দত্ত, ছেইজালী জহৰী, ধৃতিমান ৰয় আৰু মৌচুমী শইকীয়া। ইয়াৰ লগতে দোষী সাব্যস্ত হোৱাসকল- ৰাকেশ পাল, চামিদুৰ ৰহমান, বসন্ত কুমাৰ দলে আদি।

দোষী সাব্যস্ত হোৱা কেইগৰাকী- – ৰাকেশ পাল, বসন্ত কুমাৰ দলে, ছামেদুৰ ৰহমান, সংঘমিত্ৰা শ্যাম, কবীন কিল্লিংপি, সত্যনাথ ডেকা, শ্বাহিদ আজিজ হক, বিশ্বজিত দলে, ৰৌচন ৰইফ, দীপাংক বাৰিক, বিদ্যুত কুমাৰ দাস, ঋতুৰাজ সোণোৱাল, অল্পনা ডেউৰী, প্ৰিয়ংকা বৰা, বৰ্ণালী মেধি, ছুইটি বৰা হাজৰিকা, মফিদা বেগম শইকীয়া, প্ৰীতি দাস, কেশৱানন্দ বৰা, অঞ্জন লয়িং, জয়ন্ত জিৎ দাস, কল্যাণ শৰ্মা, প্ৰণৱ ভৰালী, বিপুল কুমাৰ ডেকা, কমল কৃষ্ণ দাস, জ্যোতি ৰেখা দাস, অলক কুমাৰ মালী, ফণীন্দ্ৰ শইকীয়া, প্ৰাঞ্জল বৰ্মন, জয়ন্ত চাবুকধৰ, বৈচিত্ৰ হাকমাওচা, ৰোষেশ্বৰ টিমুং।

উল্লেখ্য যে, ধনৰ বিনিময়ত এ পি এছ চিত চাকৰি দিছিল ৰাকেশ পাল বাহিনীয়ে। ADO নিযুক্তিৰ বাবে প্ৰাৰ্থীৰ পৰা লাখে লাখে টকা লৈ ৰাকেশ পাল বাহিনীয়ে  উপযুক্ত প্ৰাৰ্থীক চাকৰিৰ পৰা বঞ্চিত কৰিছিল।  টকাৰ বিনিয়মত  লাখ লাখ টকা লৈ কেলেংকাৰী কৰিছিল ৰাকেশ পালে। কিছুদিন পূৰ্বে আদালতে ৩২ জনক এই কেলেংকাৰীৰ বাবে দোষী সাব্যস্ত কৰিছিল যদিও শাস্তি ঘোষণা কৰা নাছিল। অৱশেষত ২৯ জুলাইত এই সকলৰ শাস্তি ঘোষণা কৰে আদালতে। প্ৰায় ৭-৮ বছৰ পূৰ্বে ৰাকেশ পালে  সংঘটিত কৰিছিল এই দুৰ্নীতি।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...