এপিএছচি নিয়োগ কেলেংকাৰীৰ দোষীৰ প্ৰতি অহেতুক দৰদ মুখ্যমন্ত্ৰীৰ! অভিযোগ ডি ৱাই এফ আইৰ
এপিএছচিৰ কৃষি উন্নয়ন বিষয়া (এডিঅ) নিযুক্তিত হোৱা কেলেংকাৰীত দোষী সাব্যস্ত হোৱা ২৬ গৰাকী বিষয়াই জামিন লাভ কৰাৰ পিছতে ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই বিষয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কৃষিমন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে।

এপিএছচি কেলেংকাৰী সন্দৰ্ভত ডি ৱাই এফ আইৰ প্ৰতিক্ৰিয়া
অসম লোকসেৱা আয়োগৰ(এপিএছচি) কৃষি উন্নয়ন বিষয়া (এডিঅ) নিযুক্তিত হোৱা কেলেংকাৰীত অভিযুক্তসকলক দোষী সাব্যস্ত কৰি ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ বিশেষ আদালতে যোৱা ২২ জুলাই তাৰিখে ৰাকেশ পাল, চামেদুৰ ৰহমান আৰু বসন্ত দলেসহ ২৬ বিষয়াক শাস্তি ঘোষণা কৰিছিল। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰা জামিন লাভ কৰিছে ২৬ গৰাকী বিষয়াই। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কৃষিমন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে।
এক প্ৰেছ বিবৃতি যোগে সংগঠনটোৱে এপিএছচি কেলেংকাৰীত আদালতে দোষী সাব্যস্ত কৰা ২৬গৰাকী কৃষি উন্নয়ন বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি চাকৰিৰ পৰা নিলম্বন কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী আৰু কৃষি মন্ত্ৰী নিশ্চুপ হৈ আছে বুলি ক্ষোভ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী, কৃষি মন্ত্ৰী আৰু অসম চৰকাৰৰ এই ভূমিকাক তীব্ৰ নিন্দা কৰিছে ডি ৱাই এফ আই- এ।
“আদালতে দোষী সাব্যস্ত কৰাৰ ৪০ দিন পিছতো আশ্চৰ্যজনক কাৰণত দোষী বিষয়াসকলৰ বিৰুদ্ধে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। অথচ চৰকাৰী সেৱা বিধি অনুসৰি চৰকাৰী কৰ্মচাৰী দোষী সাব্যস্ত হ’লে ৪৮ ঘন্টাৰ ভিতৰত নিলম্বন কৰিব লাগে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কৃষি মন্ত্ৰী অতুল বৰাই অহেতুক দৰদ দেখুৱাই ৰহস্যজনক নীৰৱতা পালন কৰা কাৰ্যই ৰাজ্যবাসীৰ মনত নানা প্ৰশ্ন উত্থাপিত হৈছে।”- এই দাবী সংগঠনটোৰ।
ৰাজ্যৰ মেধাৱী যুৱক-যুৱতীৰ স্বপ্ন ভংগ কৰা এনে ভয়ংকৰ কেলেংকাৰীকলৈ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ এনে স্থিতিয়ে ৰাজ্যখনৰ বাবে নেতিবাচক বাৰ্তা কঢ়িয়াই আনাৰ বিপৰীতে দুৰ্নীতি অনিয়মত লিপ্ত হোৱা সকলক উৎসাহিত কৰি তুলিব বুলি অভযোগ কৰে ডি ৱাই এফ আই- এ। চৰকাৰৰ দুৰ্বল স্থিতিয়ে দোষী সাব্যস্ত হোৱা বিষয়াসকলক উচ্চ ন্যায়ালয়ত জামিন লাভৰ সুবিধা কৰি দিছে বুলিও সংগঠনটোৱে অভিযোগ কৰে।
ডি ৱাই এফ আইয়ে এপিএছচিৰ মূল গোচৰৰ ক্ষেত্ৰতো অসম চৰকাৰৰ আৰু মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা স্থিতিক সন্দেহজনক আখ্যা দি ন্যায়াধীশ বি কে শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নকৰাৰ পৰা আৰম্ভ কৰি এছআইটি গঠনলৈকে চলা সমগ্ৰ কাম-কাজ অভিযুক্তসকলক ৰক্ষণাবেক্ষণৰ প্ৰয়াস বুলি অবিহিত কৰিছে।
চৰকাৰৰ বৰমূৰীয়াৰ পৰা এনে কাৰ্য চলি থাকিলে ৰাজ্যত আইনৰ শাসনৰ সলনি অৰাজকতাই বিৰাজ কৰিব আৰু সমগ্ৰ প্ৰশাসনিক ব্যৱস্থাটো দুৰ্নীতিগ্ৰস্ত বিষয়াৰে ভৰি পৰিব তথা প্ৰশাসনিক ব্যৱস্থা পংগু হৈ পৰিব বুলি সংগঠনটোৱে আশংকা প্ৰকাশ কৰিছে।