APSC Scam: দোষী সাব্যস্ত ৰাকেশ পালসহ ৩২ জন, ১১জনক দোষমুক্ত ঘোষণা

এ পি এছ চিৰ কৃষি উন্নয়ন বিষয়া নিযুক্তিৰ ক্ষেত্ৰত হোৱা দুৰ্নীতিক লৈ চূড়ান্ত ৰায়দান কৰে আদালতে।  জানিব পৰা মতে ২০১৭ চনত ৰুজু হোৱা গোচৰ সন্দৰ্ভত  ফাষ্ট ট্ৰায়েল হৈছিল। সেই ভিত্তিতে অৱশেষত আদালতে এই ৰায় প্ৰদান কৰে। 

APSC Scam: দোষী সাব্যস্ত ৰাকেশ পালসহ ৩২ জন, ১১জনক দোষমুক্ত ঘোষণা

ৰাকেশ পাল, এপিএছচি

Updated On: 

29 Jul 2024 12:39 PM

APSC কেলেংকাৰীত দোষী সাব্যস্ত ৰাকেশ পালসহ ৩২ জন। ইয়াৰ লগতে ১১ জনক ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰে। দীপক ঠাকুৰীয়াৰ বিশেষ আদালতে এই ৰায় ঘোষণা কৰে। এ পি এছ চিৰ কৃষি উন্নয়ন বিষয়া নিযুক্তিৰ ক্ষেত্ৰত হোৱা দুৰ্নীতিক লৈ চূড়ান্ত ৰায়দান কৰে আদালতে।  জানিব পৰা মতে ২০১৭ চনত ৰুজু হোৱা গোচৰ সন্দৰ্ভত  ফাষ্ট ট্ৰায়েল হৈছিল। সেই ভিত্তিতে অৱশেষত আদালতে এই ৰায় প্ৰদান কৰে।

দোষমুক্ত ঘোষণা কৰাসকল- বিকাশ প্ৰিন্সা, কুনাল দাস, কৌশিক কলিতা, মুছৰাফ হুচেইন, বিউতি গগৈ, ফিৰোজ মৰাণ, জ্যোতিৰ্বণ দত্ত, ছেইজালী জহৰী, ধৃতিমান ৰয় আৰু মৌচুমী শইকীয়া। ইয়াৰ লগতে দোষী সাব্যস্ত হোৱাসকল- ৰাকেশ পাল, চামিদুৰ ৰহমান, বসন্ত কুমাৰ দলে আদি। এই তিনিজনৰ বিৰুদ্ধে 420,120 B468,SEC 7 PCA, SEC 132 PCA এক্টত ধাৰা ৰুজু কৰা হৈছে।

দোষী সাব্যস্ত হোৱা কেইগৰাকী- – ৰাকেশ পাল, বসন্ত কুমাৰ দলে, ছামেদুৰ ৰহমান, সংঘমিত্ৰা শ্যাম, কবীন কিল্লিংপি, সত্যনাথ ডেকা, শ্বাহিদ আজিজ হক, বিশ্বজিত দলে, ৰৌচন ৰইফ, দীপাংক বাৰিক, বিদ্যুত কুমাৰ দাস, ঋতুৰাজ সোণোৱাল, অল্পনা ডেউৰী, প্ৰিয়ংকা বৰা, বৰ্ণালী মেধি, ছুইটি বৰা হাজৰিকা, মফিদা বেগম শইকীয়া, প্ৰীতি দাস, কেশৱানন্দ বৰা, অঞ্জন লয়িং, জয়ন্ত জিৎ দাস, কল্যাণ শৰ্মা, প্ৰণৱ ভৰালী, বিপুল কুমাৰ ডেকা, কমল কৃষ্ণ দাস, জ্যোতি ৰেখা দাস, অলক কুমাৰ মালী, ফণীন্দ্ৰ শইকীয়া, প্ৰাঞ্জল বৰ্মন, জয়ন্ত চাবুকধৰ, বৈচিত্ৰ হাকমাওচা, ৰোষেশ্বৰ টিমুং।

উল্লেখ্য যে, দোষী সাব্যস্ত হোৱা ৰাকেশ পালৰ বিৰুদ্ধে অভিযোগ অতি দীঘলীয়া। টকাৰ বিনিময়ত কেইবাজনো পৰীক্ষাৰ্থীৰ নম্বৰ বঢ়াই দিছিল পালে। ৰাকেশ পালৰ দৰে বিভিন্নজনৰ সহায় লৈ বহুতে হৈছিল ৰাজপত্ৰিত বিষয়া। এই  কেলেংকাৰীৰ কথা পোহৰলৈ অহাৰ পাছতেই তদন্ত চলাইছিল বিশেষ তদন্ত কাৰী গোটে।

কিছুদিন পূৰ্বে প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ন্যায়িক আয়োগে দাখিল কৰা প্ৰতিবেদন অনুসৰি এপিএছচিত উত্তীৰ্ণ হ’ব পৰাকৈ নম্বৰ লাভ নকৰা কেইবাগৰাকী প্ৰাৰ্থীৰ বহীত আৰু টেবুলেশ্যন শ্বীটত এপিএছচিৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পাল বাহিনীয়ে নম্বৰ বঢ়াই দিছিল। মৌখিক সাক্ষাতকাৰতো তেওঁলোকক সৰ্বাধিক নম্বৰ দিয়া হৈছিল। ইয়াৰোপৰি একাংশৰ নম্বৰ বঢ়াই তেওঁলোকৰ পচন্দৰ সেৱাত নিযুক্তি লাভ কৰাক সহায় কৰিছিল পালে। এগৰাকী প্ৰাৰ্থীৰ ৬০ ৰ পৰা ২৮০ পৰ্যন্ত নম্বৰ বৃদ্ধি কৰিছিল ৰাকেশ পাল বাহিনীয়ে।

অধিক মাৰাত্মক হৈ উঠে বাথৰুমত চিগাৰেট খোৱাৰ ফল! হ’ব পাৰে এনে ক্ষতি
জগন্নাথ ৰথ যাত্ৰা শেষ হোৱাৰ পিছত ৰথ কেইখন কি কৰে?
ঘৰৰ সন্মুখত ৰাউচি জুৰিছে নেকি কাউৰীয়ে? বাস্তু শাস্ত্ৰ মতে এয়া শুভ নে অশুভ?
খাদ্য খোৱাৰ সময়ত পানী খালে শৰীৰত কি প্ৰভাৱ পৰে? উপকাৰিতা আৰু অপকাৰিতা জানক...