যোৰহাটত চাঞ্চল্য! উদ্ধাৰ ৩ যুৱকৰ মৃতদেহ, কেনেকৈ মৃত্যু হ’ল অনিমেষ, দিপাংকৰ আৰু জিতৰ?

যোৰহাটত চাঞ্চল্য। এটাৰ পাছত আনটো মৃতদেহ উদ্ধাৰ। কালি অনিমেষ নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে আজি আন দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়।

যোৰহাটত চাঞ্চল্য! উদ্ধাৰ ৩ যুৱকৰ মৃতদেহ, কেনেকৈ মৃত্যু হল অনিমেষ, দিপাংকৰ আৰু জিতৰ?

সোঁফালৰজন অনিমেষ, মাজৰজন জিত...

Updated On: 

07 Jul 2025 17:25 PM

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। শেহতীয়াকৈ যোৰহাটৰ পৰা আন এক নৃশংস হত্যাকাণ্ডৰ খবৰ পোহৰলৈ আহিছে। দেওবাৰ (৬ জুলাই)য়ে যোৰহাটৰ বাইপাছৰ সমীপৰ দিচৈনগৰ অঞ্চলৰ ভোগদৈ নদীৰ কাষত স্থানীয় যুৱক এজনৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হয়। তাৰ পাছতেই উক্ত অঞ্চলৰ ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । যুৱকজনৰ মৃতদেহ নদীৰ কাষত জংঘলত জাবৰেৰে আৱৰি থকা অৱস্থা উদ্ধাৰ হয়। এই যুৱকজন দিচৈনগৰৰ অনিমেষ বৰা বুলি চিনাক্ত হৈছে।

স্থানীয় ৰাইজে সন্দেহ কৰিছে যে যুৱকজনক কোনোৱে হত্যা কৰি এনেকৈ পেলাই থৈ গৈছে। মৃতদেহটোৰ কিছু আঁতৰত জাবৰেৰে ঢাকি থোৱা অৱস্থাত উদ্ধাৰ হৈছে যুৱকজনৰ বাইকখন। ঘটনাস্থলীত তেজৰ ডোঙা দেখিবলৈ পোৱা গৈছে। আনহাতে যুৱকজনৰ মুখত চোকা অস্ত্ৰৰে ঘপিৱাৰ চিন স্পষ্ট হৈ আছে। ঘটনাৰ বিষয়ে অৱগত হৈ লগে লগে আৰক্ষী সেই স্থানত উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। জানিব পৰা মতে, ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে এজন যুৱকক আটক কৰিছে।

উল্লেখ্য যে, যোৱা মে’ মাহত চন্দন নগৰত নিচাসক্ত যুৱকৰ আক্ৰমণত নিহত হৈছিল এজন যুৱক। প্ৰায় এসপ্তাহ পূৰ্বে বৰদা ফুকন পথত নিচাসক্ত যুৱকৰ দলে এজন যুৱকক আক্ৰমণ কৰি ধন দাবী কৰিছিল। মুঠতে যোৱা কেইটামান মাহৰ পৰা অঞ্চলটোৰ পৰা এনেধৰণৰ অনাকাংক্ষিত ঘটনা পোহৰলৈ আহিছে। গতিকে অনিমেষো এনে কোনো দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ’ল নেকি বুলি সন্দেহ কৰিছে একাংশই। সন্দেহ অনুসৰি যোৱা নিশা অনিমেষ ঘৰলৈ উভতাৰ পথত কোনো দুৰ্বৃত্তই তেওঁক আক্ৰমণ কৰি হত্যা কৰে। অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্ততহে ঘটনাৰ সবিশেষ জানিব পৰা যাব।

দীপাংকৰ, জিৎ দাসৰ মৃতদেহ

অনিমেষৰ পাছতে সোমবাৰে যোৰহাটত পুনৰ দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। এজন যুৱকৰ মৃতদেহ মালৌ আলিৰ সমীপত থকা ঢেকৰগড়াৰ মথাউৰিৰ কাষত উদ্ধাৰ হোৱাৰ বিপৰীতে আনজন যুৱকৰ মৃতদেহ গেলাবিল অঞ্চলত উদ্ধাৰ হয়। উদ্ধাৰ হোৱা এজন যুৱক ৰাজতীয়া গাঁৱৰ দীপাংকৰ বৰা বুলি চিনাক্ত হৈছে। জানিব পৰা মতে, সোমবাৰে পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় দীপাংকৰৰ মৃতদেহ। শনিবাৰৰ নিশাৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন।

আনহাতে জিৎ দাস নামৰ যুৱক জনৰ মৃতদেহো সোমবাৰে গেলাবিল অঞ্চলত ভোগদৈ নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয়। এই যুৱকজন ৰয়েল ৰোডৰ বাসিন্দা। জানিব পৰা মতে, যোৰহাটৰ ভোগদৈ নৈৰ সোঁতত উটি গৈছিল জিত দাস। তাৰ পাছতে শনিবাৰৰ পৰা তেওঁ নিৰুদ্দেশ হৈ আছিল । তিনিজনকৈ যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এতিয়া অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এজনৰ পাছত আনজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা কাণ্ডই এতিয়া জোকাৰি গৈছে সমগ্ৰ অঞ্চল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান অব্যাহত আছে তদন্ত। গতিকে তদন্তৰ অন্তত জানিব পৰা যাব কেনেকৈ মৃত্যু হ’ল যুৱককেইজনৰ।

 

অন্য খবৰ পঢ়কঃ অপেক্ষাৰ অন্ত! মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বাবে মুকলি কৰিলে ভগদত্ত উৰণ সেতু ২…

জিংকৰ অভাৱ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
ডায়েবেটিছ ৰোগীয়ে আম খাব পাৰে নে? চাওঁ আহক আমি সততে নজনা কিছু কথা
খালী পেটত গ্ৰীণ টী খোৱাটো ক্ষতিকাৰক নেকি? পাৰ্শ্বক্ৰিয়া আৰু সেৱন কৰাৰ উত্তম সময় জানক
বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? এই লক্ষণসমূহক আওকাণ কৰিলে বিপদত পৰিব পাৰে...