আজি লাচিত বৰফুকন আৰক্ষী একাডেমী উদ্বোধন কৰিব অমিত শ্বাহে, ইয়াৰ পাছতে মিজোৰাম ভ্ৰমণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে…

আজি মিজোৰাম ভ্ৰমণ কৰিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ । ইয়াৰ পূৰ্বে আজি দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমী উদ্বোধন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে ।

আজি লাচিত বৰফুকন আৰক্ষী একাডেমী উদ্বোধন কৰিব অমিত শ্বাহে, ইয়াৰ পাছতে মিজোৰাম ভ্ৰমণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে...

অমিত শ্বাহ

Updated On: 

15 Mar 2025 07:15 AM

আজি অসমৰ পৰা পুনে-পুনে মিজোৰাম ভ্ৰমণ কৰিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ । ইয়াৰ পূৰ্বে আজি দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমী উদ্বোধন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে । উল্লেখ্য় যে, গৃহমন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ পূৰ্বে মিজোৰামত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে । শুকুৰবাৰে ৰাজ্য়খনৰ আৰক্ষী সঞ্চালক প্ৰধান অনিল শুক্লাই এই তথ্য প্ৰদান কৰে। অসম ৰাইফলছৰ প্ৰতিষ্ঠানসমূহ আইজলৰ পৰা ১৫ কিলোমিটাৰ দূৰত্বত থকা জোখোৱাছাঙৰ এটা কমপ্লেক্সলৈ স্থানান্তৰিত কৰাৰ উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে।

অনিল শুক্লাই কয় যে, সকলো নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে আৰু গৃহমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত নিৰাপত্তা বাহিনীক কঠোৰ সতৰ্কতা অৱলম্বন কৰিবলৈ কোৱা হৈছে। তেওঁ কয় যে, ৰাজ্যৰ আৰক্ষীৰ উপৰিও সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ) আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ জোৱানকো মোতায়েন কৰা হৈছে যাতে পথ আৰু সকলো স্থানতে কঠোৰ সতৰ্কতা অৱলম্বন কৰিব পাৰি।

আজি দিনৰ প্ৰায় ১.৪৫ বজাত অমিত শ্বাহ লেংপুই বিমানবন্দৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ পাছতে খটলা অঞ্চলত অৰ্ধসামৰিক বাহিনীৰ মিজোৰাম ৰেঞ্জৰ ২৩ ছেক্টৰ মুখ্য কাৰ্যালয়ত আইজলৰ পৰা জোখোৱাছাঙলৈ আছাম ৰাইফলছৰ প্ৰতিষ্ঠান স্থানান্তৰ কৰাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে ।

আজি পুৱা মিজোৰামলৈ যোৱাৰ পূৰ্বে গৃহমন্ত্ৰী শ্বাহে দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীৰ নতুন ভৱন উদ্বোধন কৰিব। ইয়াৰ পাছতে মিজোৰামলৈ ৰাওনা হ’ব গৃহমন্ত্ৰীগৰাকী । মিজোৰামত কাৰ্যসূচী শেষ কৰি সন্ধিয়া পুনৰ গুৱাহাটীলৈ উভতি আহি কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত নিশাৰ বাবে জিৰণি ল’ব। দেওবাৰে পুৱা গৃহমন্ত্ৰীগৰাকীয়ে সদৌ বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক সন্মিলনত অংশগ্ৰহণৰ বাবে কোকৰাঝাৰ জিলালৈ ৰাওনা হ’ব। বিয়লি গুৱাহাটীলৈ উভতি আহি উত্তৰ-পূব অঞ্চলৰ আঠখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে ভাৰতীয় ন্যায়িক সংহিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব অমিত শ্বাহে। দেওবাৰে নিশা দিল্লীলৈ ৰাওনা হ’ব অমিত শ্বাহ।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension