আজি নতুন দিল্লীত উদ্বোধন কৰা হ’ব “বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ”, উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ

Bodofa Upendranath Brahma 35th death anniversary: আজি নতুন দিল্লীৰ কৈলাশ কলনীত সন্ধিয়া ৪ বজাত নতুনকৈ নামকৰণ কৰা “বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ” উদ্বোধন কৰাৰ লগতে তেওঁৰ ৯ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । কৈলাশ কলনীৰ এ৫ৰ পৰা এ১৮লৈকে বিস্তৃত এই নামকৰণ কৰা পথটোৱে ঐক্য, পৰিচয় আৰু বডো জনগোষ্ঠীৰ উন্নয়নমূলক আকাংক্ষাৰ প্ৰতি ব্ৰহ্মৰ অৱদানৰ এক শক্তিশালী প্ৰতীক হ'ব।

আজি নতুন দিল্লীত উদ্বোধন কৰা হব “বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ”, উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ

Bodofa Upendranath Brahma Marg

Updated On: 

01 May 2025 12:52 PM

আজি বড়ো জনগোষ্ঠীৰ পিতৃপুৰুষ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পুণ্যতিথি। ৰাজধানী নতুন দিল্লীত  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৫ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচীৰ। বড়ো জনগোষ্ঠীৰ পিতামহ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে নামাকৰণ কৰা হ’ব ৰাজধানী নতুন দিল্লীৰ এটি পথ । ইউ এন ব্ৰহ্মৰ ৩৫ সংখ্যক মৃত্যু বাৰ্ষিকীৰ স্মৰণত দিল্লীৰ কৈলাশ কলনীৰ ৮৩৫ মিটাৰ দৈৰ্ঘ্য আৰু ৫০ মিটাৰ বহল পথটি উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত আজি আনুষ্ঠানিকভাৱে নামাকৰণ কৰা হ’ব পথটি।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীৰ কৈলাশ কলনীত সন্ধিয়া ৪ বজাত নতুনকৈ নামকৰণ কৰা “বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ” উদ্বোধন কৰাৰ লগতে তেওঁৰ ৯ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। কৈলাশ কলনীৰ এ৫ৰ পৰা এ১৮লৈকে বিস্তৃত এই নামকৰণ কৰা পথটোৱে ঐক্য, পৰিচয় আৰু বডো জনগোষ্ঠীৰ উন্নয়নমূলক আকাংক্ষাৰ প্ৰতি ব্ৰহ্মৰ অৱদানৰ এক শক্তিশালী প্ৰতীক হ’ব।

উক্ত অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দিল্লীৰ মুখ্যমন্ত্ৰী,বিটিআৰ প্ৰধান প্ৰমোদ বড়ো,এবছুৰ সভাপতি দ্বীপেন বড়ো, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে কেবাগৰাকী মন্ত্ৰী,সাংসদ উপস্থিত থাকিব । কেন্দ্ৰীয় চৰকাৰৰ এই বৃহৎ পদক্ষেপত উৎফুল্লিত হৈ পৰিছে বড়োভূমিৰ জনতা । জনগোষ্ঠীটোৰ পিতৃ স্বৰূপ উপেন্দ্ৰনাথ ব্ৰহ্মক এই সন্মান প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জনাই প্ৰাক্তন এবছু নেতা তথা ৩৭ নং ধনশ্ৰী ব্লক UPPLৰ সভাপতি ৰতেন্দ্ৰ দৈমাৰীয়ে ।

ইফালে মৃত্যু তিথি উপলক্ষে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধা জ্ঞাপন কৰি সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।  মুখ্যমন্ত্ৰীয়ে লিখিছে, “বড়ো সমাজৰ স্বাভিমান, অধিকাৰ আৰু মৰ্যাদা ৰক্ষাৰ বাবে শক্তিশালী কণ্ঠ হৈ সাহস হোৱা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মদেৱৰ আজি পুণ্যতিথিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।”

লগতে তেওঁ লিখিছে, “তেখেতৰ আদৰ্শ, ত্যাগ আৰু কৰ্মৰাজিৰ প্ৰতি গভীৰ সন্মান জনাই মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে
নতুন দিল্লীত তেখেতৰ নামেৰে এটি প্ৰধান পথ নামকৰণ কৰাৰ লগতে তেখেতৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পদক্ষেপ গ্ৰহণ কৰাটো অত্যন্ত আদৰণীয়।”
উল্লেখ্য যে, চলিত বৰ্ষত উত্তৰ-পূব ভ্ৰমণৰ সময়ত ১৬ মাৰ্চত কোকৰাঝাৰৰ দতমাত অনুষ্ঠিত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭তম বাৰ্ষিক অধিবেশনৰ মুকলি সভাত দিয়া ভাষণত এই ঘোষণা কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে । এই দিনটোৰ অনুষ্ঠানসমূহে বডোফাৰ জীৱনক উদযাপন কৰাই নহয়, তেওঁৰ ঐক্য, মৰ্যাদা, আৰু সৰ্বাংগীন উন্নয়নৰ বাৰ্তাক পুনৰ সজীৱ কৰি তুলিব, যিয়ে অসম আৰু ইয়াৰ বাহিৰৰ প্ৰজন্মৰ আকাংক্ষাক অনুপ্ৰাণিত কৰি আহিছে।
সাৱধান! এই ৫ টা অভ্যাসে আপোনাৰ বৃক্ক লাহে লাহে নষ্ট কৰিব পাৰে!
বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পালে চকুত কি কি লক্ষণে দেখা দিয়ে?
জীৱনত নাহে কোনো বাধা! পুৱা উঠি কৰক মাত্ৰ এই ৩ টা কাম...
আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস, এইকেইজন ভাৰতীয় ক্ৰিকেটাৰৰ পত্নীও পেছাত চিকিৎসক