Guwahati Flood: মঙলবাৰে গুৱাহাটী মহানগৰীৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ | All government and private educational institutions in Guwahati city closed on August 6 due to artificial floods Assam news - Assam Tv9

Guwahati Flood: মঙলবাৰে গুৱাহাটী মহানগৰীৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ

Published: 

06 Aug 2024 | 12:28 AM

মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা বানৰ বাবে ৬ আগষ্ট ২০২৪ মঙগলবাৰে গুৱাহাটী পৌৰ নিগম এলেকাৰ অধীনস্থ সকলো চৰকাৰী আৰু ব্যক্তিগতখণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান-মহাবিদ্যালয়, কোচিং চেণ্টাৰসহ কামৰূপ মহানগৰ জিলা প্ৰশাসনে বন্ধ ঘোষণা কৰিছে।

1 / 6 বিপদে লগ নেৰা হৈছে মহানগৰবাসীক।

বিপদে লগ নেৰা হৈছে মহানগৰবাসীক।

2 / 6

এজাক বৰষুণ দিলেই আলৈ-আঁথানি হয় মহানগৰবাসীৰ। আজি হঠাতে পৰিৱেশ সলনি হৈ পৰে গুৱাহাটী মহানগৰীৰ।

3 / 6

দুপৰীয়াৰে পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে ভৰি পৰিছে পানী। যাৰ বাবে নিশালৈ হাহাকাৰ কৰিব লগা হৈছে জনতাই।

4 / 6

ইফালে নিশালৈ মহানগৰীৰ ৰাজপথত বহু সময়জোৰা যান-জঁট। এই যান-জঁটত আবদ্ধ হৈ ৰ'ল কণ কণ শিশুৰ পৰা আবাল-বৃদ্ধলৈ।

5 / 6

এতিয়াও ঠিক হোৱা নাই গুৱাহাটী মহানগৰীৰ পৰিস্থিতি। এই ভয়ংকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰৰ দিনটোত সকলো চৰকাৰী আৰু ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে জিলা প্ৰশাসনে।

6 / 6

এই নিৰ্দেশনা অনুসৰি, গুৱাহাটী পৌৰ নিগম এলেকাৰ অন্তৰ্গত সকলো ব্যক্তিগত আৰু চৰকাৰী শিক্ষানুষ্ঠান মঙলবাৰৰ দিনটোত বন্ধ থাকিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...