কি বিসংগতি আছিল চাকৰি নিযুক্তিত ? তদন্ত বিচাৰিছে অখিল গগৈৰ পত্নীয়ে

কেনেকৈ বি বৰুৱা মহাবিদ্যালয়ত চাকৰি পাইছিল গীতাশ্ৰী তামুলীয়ে? এইবাৰ মুখ্যমন্ত্ৰীৰ টাৰ্গেটত অখিল গগৈৰ পত্নী । মুখ্যমন্ত্ৰীয়ে অনা অভিযোগৰ তদন্ত বিচাৰিছে অধ্যাপিকা গীতাশ্ৰী তামুলীয়ে ।

কি বিসংগতি আছিল চাকৰি নিযুক্তিত ? তদন্ত বিচাৰিছে অখিল গগৈৰ পত্নীয়ে

পত্নীসহ অখিল গগৈ

Updated On: 

21 Feb 2025 | 03:47 PM

অসম ৰাজনীতিত এতিয়া দলতকৈ যেন নেতাৰ পত্নীৰ বিৰুদ্ধেহে চলিছে অভিযোগ-প্ৰতি অভিযোগৰ চৰ্চা । শেহতীয়াকৈ অসমৰ জনতা ইয়াৰ সাক্ষী হৈছে । কেইদিনমান পূৰ্বে গৌৰৱ গগৈৰ পত্নীৰ নাগৰিকত্ব তথা পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগক লৈ মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছ সাংসদজনৰ মাজত তীব্ৰ বাক-যুদ্ধ হোৱা দেখা যায় । এইবাৰ অখিল গগৈৰ পত্নীৰ চাকৰিক লৈ মুথ্যমন্ত্ৰী আৰু বিধায়ক গগৈৰ মাজত সংঘটিত হৈছে তৰ্কযুদ্ধ । অৱশ্যে গৌৰৱ গগৈ বা অখিল গগৈয়েও সমানেই আক্ৰমণ কৰি আহিছে মুখ্যমন্ত্ৰীৰ পত্নীক ।

বৃহস্পতিবাৰে বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজত তীব্ৰ বাকযুদ্ধ হয় । তাৰ মাজতেই মুখ্যমন্ত্ৰীয়ে অখিল গগৈৰ পত্নী তথা বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপিকা গীতাশ্ৰী তামুলীৰ চাকৰিৰ প্ৰসংগতো টানি আনে । তেওঁতকৈও যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি চাকৰি লোৱা বুলি অখিল গগৈৰ পত্নীৰ বিৰুদ্ধে অভিযোগ তোলে মুখ্যমন্ত্ৰীয়ে ।

আচলতে বৃহস্পতিবাৰে অসম বিধানসভাত মুখ্যমন্ত্ৰীয়ে ভাষণ দি থকা অৱস্থাত বহুবাৰ হস্তক্ষেপ কৰে অখিল গগৈয়ে । এসময়ত মুখ্যমন্ত্ৰীয়ে পত্নীৰ প্ৰসংগ টানি আনি আক্ৰমণ কৰে অখিল গগৈক । মুখ্যমন্ত্ৰীয়ে কয়, “যেতিয়া মতা মানুহ দুৰ্বল হয় তেতিয়া মাইকী মানুহক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে । মই যদি কওঁ আপোনাৰ পত্নীয়ে বি বৰুৱা কলেজত কেনেকৈ চাকৰি পাইছিল, মইতো আজিলৈকে কাৰো আগত কোৱা নাই ।” মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা অনুসৰি সেইদিনা গীতাশ্ৰী তামুলীতকৈ যোগ্য প্ৰাৰ্থী থকাৰ পাছতো তেওঁলোকক বিমুখ কৰি চাকৰি দিয়া হৈছিল অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীক । মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতেই এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

ইফালে এই অভিযোগ সন্দৰ্ভত তথ্য-প্ৰমাণ দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় অখিল গগৈয়ে । অখিল গগৈয়ে কয় যে আন এখন বিদ্যালয়ত অধ্যাপনা কৰি থকা তেওঁৰ পত্নীয়ে নতুনকৈ ইন্টাৰভিউ দি বি বৰুৱা কলেজত চাকৰি লৈছে । তেওঁৰ মেধা, শিক্ষাদানৰ প্ৰক্ৰিয়া আদিৰ বিষয়ে সকলোৱে জানে বুলি কয় বিধায়কগৰাকী । আনহাতে আজি মুখ্যমন্ত্ৰীয়ে অনা অভিযোগৰ তদন্ত বিচাৰিছে অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীয়েও ।

অখিল গগৈয়ে আজি বিধানসভাৰ চৌহদত সংবাদ মাধ্যমৰ আগত কয়, “মোৰ পত্নীয়ে আজি অধ্যক্ষৰ ওচৰত আৰু উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালকৰ ওচৰত ঘটনাৰ তদন্ত বিচাৰি আৰু তদন্তৰ সময়ত তেওঁক চাকৰিৰ পৰা আঁতৰাই ৰাখিবৰ বাবে আবেদন জনাইছে । আজি চাকৰি এৰি দিম, আমাৰ এইবোৰ টেনশ্যন নাই । খালী এটাই সমস্যা আছে ল’ৰাটোক পঢ়াই আছোঁ, ঘৰটো বিক্ৰী কৰি দিম ।”

এতিয়া গীতাশ্ৰী তামুলীৰ আবেদন সন্দৰ্ভত বিভাগে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব