চীনে ‘জল বোমা’ৰে উত্তৰ-পূবক ধ্বংস কৰিব বিচাৰিছে, ব্ৰহ্মপুত্ৰ ওপৰত সৰ্ববৃহৎ নদী বান্ধ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি : অখিল গগৈ

বিধায়ক অখিল গগৈয়ে কয় যে, চীনে উত্তৰ-পূব অঞ্চলৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব বিচাৰিছে । ইয়াৰ সমান্তৰালভাৱে অখিল গগৈয়ে কয় যে, চীনে পৃথিৱীৰ সৰ্ববৃহৎ নদী বান্ধ নিৰ্মাণ কৰি ভাৰতৰ বিৰুদ্ধে 'যুদ্ধৰ জৈৱিক অস্ত্ৰ' ব্যৱহাৰৰ ষড়যন্ত্ৰ ৰচনা কৰিছে ।

চীনে জল বোমাৰে উত্তৰ-পূবক ধ্বংস কৰিব বিচাৰিছে, ব্ৰহ্মপুত্ৰ ওপৰত সৰ্ববৃহৎ নদী বান্ধ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি : অখিল গগৈ

চীনৰ বিশ্বৰ সৰ্ববৃহৎ বান্ধক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া

Updated On: 

29 Dec 2024 | 09:22 AM

চীনে সৰ্ববৃহৎ নদী বান্ধ নিৰ্মাণৰ পৰিকল্পনা কৰাৰ খবৰ প্ৰকাশ পোৱাৰ পাছতে এইলৈ উদ্বেগ প্ৰকাশ কৰিছে কৃষক নেতা তথা বিধায়ক অখিল গগৈয়ে । এই সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে কয় যে, চীনে উত্তৰ-পূব অঞ্চলৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব বিচাৰিছে । ইয়াৰ সমান্তৰালভাৱে অখিল গগৈয়ে কয় যে, চীনে পৃথিৱীৰ সৰ্ববৃহৎ নদী বান্ধ নিৰ্মাণ কৰি ভাৰতৰ বিৰুদ্ধে ‘যুদ্ধৰ জৈৱিক অস্ত্ৰ’ ব্যৱহাৰৰ ষড়যন্ত্ৰ ৰচনা কৰিছে ।

প্ৰায়ে নদী বান্ধৰ বিৰুদ্ধে অৱস্থান লোৱা অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে, চীনে সৰ্ববৃহৎ নদী বান্ধ নিৰ্মাণ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ পৰিস্থিতি ভয়াবহ কৰি তুলিব বিচাৰিছে । তেওঁ চীনৰ সৰ্ববৃহৎ নদী বান্ধক “জল বোমা” বুলি অভিহিত কৰে । ইয়াৰ লগতে তেওঁ কয় যে, চীনে যিধৰণে ব্ৰহ্মপুত্ৰখনক নিজৰ হাতত ৰাখিব বিচাৰিছে ই কেতিয়াও গ্ৰহণযোগ্য নহয় ।

চীনে যাতে ভাৰতৰ সৰ্ববৃহৎ জলৰাশিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব কৰি নোৱাৰে, ইয়াৰ লগতে চীনে যাতে সৰ্ববৃহৎ নদী বান্ধ নিৰ্মাণ কৰি উত্তৰ-পূৰ্ব ভাৰতক ধ্বংস কৰি নোৱাৰে তাৰ বাবে চীনৰ ওপৰত ভাৰতে হেঁচা প্ৰয়োগ কৰিব লাগে বুলি কয় অখিল গগৈয়ে । অখিল গগৈয়ে কয় য়ে, ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে যাতে নদী বান্ধ নিৰ্মাণ নকৰে তাৰ বাবে ভাৰত চৰকাৰে চীনৰ সৈতে কূটনৈতিক আলোচনা কৰিব লাগে ।

তেওঁ ভাৰত চৰকাৰৰ ওচৰত দাবী জনাই যে, ভাৰত চৰকাৰে চীনৰ সৈতে কথা পাতি ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে নিৰ্মাণ কৰিবলৈ লোৱা পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদী বান্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে । ইয়াৰ লগতে চীনৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক থিয় হ’বৰ বাবে আহ্বান জনাই অখিল গগৈয়ে । চীনৰ এই নদী বান্ধে উত্তৰ পূবত বানৰ ভয়াবহ পৰিস্থিতি সৃষ্টি কৰি ধ্বংসৰ এক ধাৰা সৃষ্টি কৰিব পাৰে নতুবা ভয়াবহ খৰাং পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰিছে অখিল গগৈয়ে ।

উল্লেখ্য যে, অসমৰ ব্ৰহ্মপুত্ৰক চীনত ইয়াৰলুং ছাংপো নামেৰে জনাজাত । এই ইয়াৰলুং ছাংপোৰ ওপৰতে চীনে পৃথিৱীৰ সৰ্ববৃহৎ নদী বান্ধ নিৰ্মাণৰ পৰিকল্পনা কৰিছে বুলি খবৰ প্ৰকাশ পাইছে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...