কি কথাত একমত হ’ল বিজেপি আৰু অখিল গগৈ? কিয় থিয় দিলে হিমন্ত বিশ্বৰ পক্ষত…

বিশ্বৰ ভিতৰতে হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সমালোচক মই। তেওঁক মই বহুত বেয়াকে কওঁ। কিন্তু অসমৰ মুখ্যমন্ত্ৰীক চাইনিজ ভাৰ্চন বুলি কোৱাতো কেতিয়াও মানি নলও।এয়া এক জাতিগত সমালোচনা

কি কথাত একমত হল বিজেপি আৰু অখিল গগৈ? কিয় থিয় দিলে হিমন্ত বিশ্বৰ পক্ষত...

অখিল, হিমন্ত ,তেজস্বী

Published: 

01 Sep 2024 22:16 PM

অখিল গগৈৰ এক মন্তব্যৰ পাছতেই বিজেপিয়ে প্ৰশংসা কৰিলে নেতাগৰাকীক। তেওঁ গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লোৱাৰ লগতে এয়া ৰাজনৈতিক বিষয় নহয় বুলি উল্লেখ কৰে বিজেপিয়ে। ছ’চিয়েল মিডিয়াত বিধায়ক অখিল গগৈৰ এটি ভিডিঅ’ পোষ্ট কৰি বিজেপিয়ে লিখে যে- “এয়া অতি প্ৰশংসনীয় বিষয় অখিল গগৈ ডাঙৰীয়া। এই বিষয়টো দলীয় ৰাজনীতি নহয়, বৰঞ্চ ই অসমৰ গৌৰৱ আৰু মৰ্যদাৰ কথাহে। মৌন হৈ থাকিলে আনে সাহসহে পাব যেনেকৈ তেজস্বী যাদৱে পাইছে আমাৰ উত্তৰ- পূৰ্বাঞ্চলৰ লোকসকলক চীনা বুলি লেবেল লগাই তেওঁলোকে বৰ্ণবাদী মন্তব্য আগবঢ়াবলৈ। আমি আশা কৰো আপোনালোকৰ বন্ধু সকলেও এই বিষয়টোক গৰিহনা দিব”।

উল্লেখ্য যে, অসমত বিধানসভাত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মুছলমানক লৈ গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আৰ জে ডি মুৰব্বী তেজস্বী যাদৱে কৈছিল যে, “হিমন্ত বিশ্ব শৰ্মাই যোগী আদিত্য নাথৰ চাইনিজ ভাৰ্চন (প্ৰতিৰূপ)” হ’বলৈ চেষ্টা কৰিছে। এই কথাষাৰিৰ ওপৰতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে এক ভিডিঅ’ প্ৰকাশ কৰিছিল। এই ভিডিঅ’টোত গগৈয়ে যাদৱৰ বক্তব্যৰ বিৰোধিতা কৰে।

 

গগৈয়ে কৈছিল- তেজস্বী যাদৱে যি কৈছিল সেয়া ঠিক নহয়। যাদৱে কৈছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ চাইনিজ ভাৰ্চন। এয়া ঠিক হোৱা নাই। ই আমাৰ  আৱেগত আঘাত কৰিছে। আমি দেখি আহিছে যে উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলক চাইনিজ, চিংকী বুলি কয়। আৰু এয়া তেওঁলোকে ইচ্ছা কৰিয়েই কয়। আৰ জে ডি নেতাগৰাকীয়ে যি কৈছে সেই বক্তব্যই আমাৰ আৱেগত আঘাত কৰিছে।

নিজকে হিমন্ত বিশ্বৰ সমালোচক বুলি উল্লেখ কৰি অখিল গগৈয়ে কয় যে,  বিশ্বৰ ভিতৰতে হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সমালোচক মই। তেওঁক মই বহুত বেয়াকে কওঁ। কিন্তু অসমৰ মুখ্যমন্ত্ৰীক চাইনিজ ভাৰ্চন বুলি কোৱাতো কেতিয়াও মানি নলও।এয়া এক জাতিগত সমালোচনা বুলি উল্লেখ কৰি গগৈয়ে তেজস্বী যাদৱক এই শব্দ উঠাই ল’বলৈ দাবী জনায়।

অৱশ্যে হিমন্ত বিশ্বক সাম্প্ৰদায়িক বুলি উল্লেখ কৰি গগৈয়ে কয় যে, তেজস্বী যাদৱৰ এটা কথাত মই একমত যে হিমন্ত বিশ্ব শৰ্মা ফেচিষ্ট আৰু সাম্প্ৰদায়িক। তেওঁ যোগী আদিত্য নাথৰ দৰে হ’বলৈ সকলো প্ৰকাৰৰ চেষ্টায়ে কৰি আছে বুলি কয় অখিল গগৈয়ে। অখিল গগৈৰ এই মন্তব্যৰে প্ৰশংসা কৰি এই পোষ্টতো বিজেপি অসম প্ৰদেশে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি তেওঁৰ পদক্ষেপৰ শলাগ লয়।

পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?