বিজেপিক ভোট নিদিয়া লোকৰ নাম হ’ব কৰ্তন! গুৰুতৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ

ফেচবুক লাইভ যোগে অখিল গগৈৰ দাবী, আগন্তুক বিধানসভা নিৰ্বাচনত জয়লাভ নিশ্চিত কৰিবলৈ বিজেপিৰ জ্যেষ্ঠ নেতাসকলে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াত হেৰফেৰ কৰাৰ ষড়যন্ত্ৰ ৰচিছে। এনে ষড়যন্ত্ৰৰে বিজেপিয়ে সংবিধানক ভৰিৰে মোহাৰি দেশক ধ্বংস কৰাৰ চেষ্টা চলাইছে বুলিও অখিল গগৈয়ে দাবী কৰিছে।

বিজেপিক ভোট নিদিয়া লোকৰ নাম হ’ব কৰ্তন! গুৰুতৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ

বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অখিল গগৈৰ

Updated On: 

06 Jan 2026 | 11:16 AM

কাষ চাপি আহিছে অসম বিধানসভা নিৰ্বাচন। ইয়াৰ লগে লগে বৃদ্ধি পাইছে ৰাজনৈতিক দল তথা নেতাসকলৰ নিৰ্বাচনী প্ৰস্তুতি। সমান্তৰালকৈ বাঢ়িছে অভিযোগ-প্ৰতি অভিযোগ। নিৰ্বাচনমুখী এনে পৰিৱেশৰ মাজতে শাসকীয় বিজেপি দলৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। সোমবাৰে নিশা ফেচবুক লাইভ যোগে শিৱসাগৰৰ বিধায়কগৰাকীয়ে বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰিছে জনসাধাৰণৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ অভিযোগ।

ফেচবুক লাইভ যোগে অখিল গগৈৰ দাবী, আগন্তুক বিধানসভা নিৰ্বাচনত জয়লাভ নিশ্চিত কৰিবলৈ বিজেপিৰ জ্যেষ্ঠ নেতাসকলে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াত হেৰফেৰ কৰাৰ ষড়যন্ত্ৰ ৰচিছে। এনে ষড়যন্ত্ৰৰে বিজেপিয়ে সংবিধানক ভৰিৰে মোহাৰি দেশক ধ্বংস কৰাৰ চেষ্টা চলাইছে বুলিও অখিল গগৈয়ে দাবী কৰিছে।

তুলিছে এনে অভিযোগ

শিৱসাগৰৰ বিধায়কগৰাকীয়ে অভিযোগ কৰা মতে, যোৱা ৪ জানুৱাৰীৰ নিশা প্ৰায় ৮ বজাত তেওঁ বিজেপিৰ এক ভিডিঅ’ কনফাৰেঞ্চ প্ৰত্যক্ষ কৰিছিল। এই কনফাৰেঞ্চিঙত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে কেইবাগৰাকীও কেবিনেট মন্ত্ৰী, বিধায়ক আৰু অন্যান্য নেতাসকল উপস্থিত আছিল।

এই কনফাৰেঞ্চিঙতে বিজেপি সভাপতি দিলীপ শইকীয়াই মন্ত্ৰী অশোক সিংঘালক ৬০টা বিধানসভা সমষ্টিৰ যোগ্য ভোটাৰৰ নাম কৰ্তন কৰাৰ দায়িত্ব দিছে বুলি অখিল গগৈয়ে অভিযোগ কৰিছে। বিধায়কগৰাকীয়ে দাবী কৰা মতে, বিজেপিক ভোট নিদিয়া লোকসকলৰ তালিকা ১২ জানুৱাৰীৰ ভিতৰত জমা দিবলৈ বিজেপিৰ বিধায়ক আৰু মণ্ডল সভাপতিসকলক নিৰ্দেশ দিয়া হৈছে।

মুখ্যমন্ত্ৰীলৈ প্ৰত্যাহ্বান

বিজেপিক ভোট নিদিয়া লোকসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কাটি দিবলৈ এনে কাম কৰা হৈছে বুলিও অখিল গগৈয়ে দাবী কৰিছে। তেওঁ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ৪ জানুৱাৰীৰ সেই ভিডিঅ’ কনফাৰেন্সৰ ৰেকৰ্ডিং ৰাজহুৱা কৰিবলৈও প্ৰত্যাহ্বান জনাইছে।

যদি তেওঁৰ এই অভিযোগ মিছা প্ৰমাণিত হয়, তেন্তে তেওঁ ‘নাৰ্কো-এনালাইছিছ টেষ্ট’ৰ (Narco-analysis test) সন্মুখীন হ’বলৈও সাজু বুলিও স্পষ্ট প্ৰত্যাহ্বান জনাইছে অখিল গগৈয়ে। তেওঁ লগতে এনে কাৰ্যক গণতন্ত্ৰৰ ওপৰত এক প্ৰত্যক্ষ আক্ৰমণ বুলি অভিহিত কৰি উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবী জনাইছে।

অৱশ্যে অখিল গগৈৰ এই অভিযোগ সন্দৰ্ভত এইপৰ্যন্ত বিজেপি নেতৃত্বই এই সন্দৰ্ভত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী বা বিজেপি নেতৃত্বই অখিল গগৈৰ প্ৰত্যাহ্বান গ্ৰহণ কৰে নে নকৰে, সেয়া লক্ষণীয় হ’ব।

শীতত এই তিনিবিধ খাদ্য হৈ উঠিব আপোনাৰ হৃদযন্ত্ৰৰ শত্ৰু! বিপদৰ পূৰ্বে চাওক এতিয়াই
আলু বাকলিৰ উপকাৰিতা জানিলে পেলাবলৈ মন নকৰিব!
গুপ্তাংগত বিষ ? প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে নেকি? নকৰিব ভুল!
ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?