গুৱাহাটীৰ মাজ মজিয়াত জয়ন্ত মল্লবৰুৱাৰ পত্নীৰ বিলাসী হোটেল, ফটো ৰাজহুৱা কৰিলে অখিল গগৈয়ে…

৫ জুলাই শনিবাৰে এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীৰ পত্নীয়ে বিলাসী হোটেল নিৰ্মাণৰ এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে।

গুৱাহাটীৰ মাজ মজিয়াত জয়ন্ত মল্লবৰুৱাৰ পত্নীৰ বিলাসী হোটেল, ফটো ৰাজহুৱা কৰিলে অখিল গগৈয়ে...

বিধায়ক অখিল গগৈৰ

Updated On: 

05 Jul 2025 | 03:34 PM

আকৌ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পত্নীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। ৫ জুলাই শনিবাৰে এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীৰ পত্নীয়ে বিলাসী হোটেল নিৰ্মাণৰ এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। এক বিবৃতিত অভিযোগ কৰা হৈছে যে, মন্ত্ৰী হোৱাৰ পাছত অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গুৱাহাটী উন্নয়ন দপ্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পত্নীৰ নামত দুটা দিনত ৭৫ বিঘা ৩ কঠা ১৬ লেচা মাটি ক্ৰয়ৰ তথ্য ৰাজহুৱা হোৱাৰ পাছত আজি পুনৰ উন্মোচিত হয় মন্ত্ৰীগৰাকীৰ পত্নী জুলি ডেকা বৰুৱাৰ গুৱাহাটীৰ মাজ মজিয়াত থকা পাঁচ মহলীয়া এখন বিশাল হোটেলৰ তথ্য৷

কোৱা হৈছে যে, হোটেলখনৰ নাম কৈলাশ ৰেচিডেন্সি ৷ আৰ পি ৰ’ড, এম এল এ হোষ্টেলৰ পিছফাল, গণেশগুৰিত আছে এই হোটেলখন ৷ ইয়াৰ পূৰ্বে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ফাদিল কৰিছিল জয়ন্ত মল্লবৰুৱাৰ পত্নীৰ মালিকানাধীন কোম্পানী ‘জেএমবি একুৱা এগ্ৰ’ প্ৰাইভেট লিমিটেড’ য়ে ৰঙিয়াত ২০২৩ চনৰ এপ্ৰিল মাহত ক্ৰয় কৰা ৩৯ বিঘা ৩ কঠা ১৬ লেচা মাটিৰ তথ্য৷

লগতে বিধায়কগৰাকীয়ে অভিযোগ কৰিছিল যে, মন্ত্ৰী জয়ন্ত মল্লই ৮৫ বিঘা চৰকাৰী ভূমিও বেদখল কৰিছে ৷ “তাৰ আগতে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল মন্ত্ৰী পত্নী জুলি ডেকা বৰুৱাই তেজপুৰত ক্ৰয় কৰা ৩৬ বিঘা মাটিৰ তথ্য ৷ এইদৰে ফাদিল হৈছিল জুলি ডেকা বৰুৱাৰ নামত ক্ৰয় কৰা ৭৫ বিঘা মাটিৰ তথ্য ৷” এইদৰে কোৱা হৈছে বিবৃতিটোত।

এজন মন্ত্ৰীৰ পত্নীৰ নামত বিঘাই বিঘাই মাটি ক্ৰয়ৰ চাঞ্চল্যকৰ তথ্য প্ৰকাশৰ পাছতে আজি পুনৰ অখিল গগৈয়ে ফাদিল কৰে জয়ন্ত মল্লবৰুৱাৰ পত্নীৰ নামত গুৱাহাটীৰ অভিজাত এলেকাত নিৰ্মাণ কৰা বিশাল হোটেল কৈলাশ ৰেচিডেন্সিৰ তথ্য৷

বিবৃতিত অভিযোগ কৰা হৈছে যে, যেতিয়া ৰঙিয়াত ৩৯ বিঘা ৩ কঠা ১৬ লেচা মাটি ক্ৰয় কৰিছিল সেই সময়তে জুলি ডেকা বৰুৱাৰ নামত ক্ৰয় কৰা হয় দিছপুৰ ৰাজহ চক্ৰৰ অধীনত জটিয়া ৰাজহ গাঁৱত ২ কঠা ১৮.৭৯ লেচা মাটিও ৷ এজন মানুহৰ হাতত কিমান টকা থাকিলে একে সময়তে প্ৰায় ৪০ বিঘা মাটি ক্ৰয় কৰাৰ উপৰিও গুৱাহাটীত বহু কোটি টকীয়া মাটি ক্ৰয় কৰিব পাৰে বুলি সংবাদ মেলত প্ৰশ্ন উত্থাপন কৰে অখিল গগৈয়ে ৷

বিবৃতি অভিযোগ কৰা হৈছে যে, হোটেল নিৰ্মাণৰ মাটি ক্ৰয় কৰিছিল তালুকদাৰ নামৰ গুৱাহাটীৰ এগৰাকী কুখ্যাত মাটিৰ দালালৰ পৰা৷ ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা পাঁচ মহলীয়া অতি বিলাসবহুল এই হোটেলখনৰ ফটোও সংবাদ মেলত ৰাজহুৱা কৰে বিধায়ক অখিল গগৈয়ে৷

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...