ভাঙি পেলোৱা হ’ব অগপৰ মুখ্য কাৰ্যালয়, জাননী জাৰি প্ৰশাসনৰ…

এইবাৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত চলিব উচ্ছেদ। য'ত ভঙা যাব অসম গণ পৰিষদৰ কাৰ্যালয়। ইতিমধ্যে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই অগপলৈ জাননী জাৰি কৰিছে।

ভাঙি পেলোৱা হব অগপৰ মুখ্য কাৰ্যালয়, জাননী জাৰি প্ৰশাসনৰ...

অগপ

Updated On: 

09 Apr 2025 16:21 PM

ভঙা যাব অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়। জানিব পৰা মতে শীঘ্ৰেই উচ্ছেদ হ’ব অগপৰ মুখ্য কাৰ্যালয়। ইতিমধ্যে এই ক্ষেত্ৰত অগপ দলৰ কাৰ্যালয়লৈ জাননী প্ৰদান কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। দীঘলীপুখুৰী- নুনমাটি উৰণসেতু নিৰ্মাণৰ বাবে এই কাৰ্যালয় ভঙা হ’ব। উল্লেখ কৰা প্ৰয়োজন যে, মহানগৰীৰ আমবাৰীত আছে অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়। ইয়াৰ লগতে অসম ষ্টাৰ্ট আপৰ কাৰ্যালয়, আন বহু কাৰ্যলয় আৰু দোকান ভাঙিব বিভাগীয় কৰ্তৃপক্ষই।

উল্লেখ কৰা প্ৰয়োজন যে,  দীঘলীপুখুৰী- নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে অসম চৰকাৰে ভূমি অধিগ্ৰহণ কৰিব। চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উৰণ সেতু নিৰ্মাণৰ বাবে কাৰ্যালয় বা দোকান আদি ভাঙিবলৈ মুঠ ১৩ গৰাকী ব্যক্তি অনুষ্ঠানলৈ জাননী জাৰি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। ইমানেই নহয়, ৰাজপথৰ কাষত থকা বহু গছ কটা যাব উৰণ সেতু নিৰ্মাণৰ নামত।

চৰকাৰে এনে সিদ্ধান্ত প্ৰথমবাৰৰ বাবে লোৱা নাই। পূৰ্বেও উৰণ সেতু নিৰ্মাণৰ বাবে মহানগৰীৰ বহু গছ কাটি তহিলং কৰিলে অসম চৰকাৰে। এইবাৰ পুনৰ এবাৰ উৰণ সেতু নিৰ্মাণৰ বাবে গছ কটাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। কিছুদিন পূৰ্বে দীঘলীপুখুৰীৰ গছ কটাৰ সিদ্ধান্তক লৈ মহানগৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিল। ছাত্ৰ-ছাত্ৰীৰ পৰা সমাজৰ জ্যেষ্ঠ নাগৰিকসকলে কৰা প্ৰতিবাদৰ আগত হাৰ মানিছিল চৰকাৰ আৰু বাতিল কৰিছিল দীঘলীপুখুৰী পাৰৰ গছ কটাৰ সিদ্ধান্ত।

কিন্তু এইবাৰ পুনৰ অন্য ঠাইৰ গছ কাটিবলৈ ওলাইছে চৰকাৰ। কেৱল ইমানেই নহয়, নতুন উৰণ সেতুৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ যো জা চলাইছে অসম চৰকাৰে। চৰকাৰে লোৱা এনেবোৰ সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া ক্ষোভিত হৈ পৰিছে ৰাইজ। উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিৰোধিতা কৰিছে একাংশই, ইয়াৰোপৰি পুনৰ গছ কাটিবলৈ ওলোৱা বাবে চৰকাৰক কৰিছে তীব্ৰ সমালোচনা।

কিন্তু এইবোৰলৈ ভ্ৰূক্ষেপ নাই চৰকাৰৰ। উৰণ সেতু নিৰ্মাণৰ নামত গুৱাহাটীখনৰ গছ কাটি নোহোৱা কৰিবলৈ ওলাইছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ। উৰুণ সেতু নিৰ্মাণৰ বাবদ চৰকাৰে আৰু কিমান প্ৰকৃতি ধ্বংস যজ্ঞ চলাই সেয়া সময়ে ক’ব।

আমেৰিকাত কিমান সংখ্যক মুছলিম লোকে বাস কৰে জানেনে? জানক...
ভাৰতৰ পৰা সৰ্বাধিক সুৰা ক্ৰয় কৰে এইখন মুছলমান দেশে! কিমান?
নৱৰাত্ৰিত ঘটিব ২ টাকৈ ডাঙৰ সংযোগ, হাতলৈ ধন আহিবলৈ কৰক এইকেইটা কাম!
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কি ধৰ্ম মানি চলে জানেনে? জানক...