এনিয়া এডিশ্যনত অনুষ্ঠিত অগপৰ দিকদৰ্শন বৈঠকৰ আজি দ্বিতীয় দিন, কি কি বিষয়ত আলোচনা হৈছে ?

দুদিনীয়াকৈ অনুষ্ঠিত হৈছে অগপৰ দিকদৰ্শন বৈঠক। আজি দ্বিতীয়টো দিন। এই বৈঠকৰ জৰিয়তে ভৱিষ্যত দিনৰ কাৰ্যপন্থা সন্দৰ্ভত বিস্তৃত আলোচনা কৰিব অসম গণ পৰিষদে।

এনিয়া এডিশ্যনত অনুষ্ঠিত অগপৰ দিকদৰ্শন বৈঠকৰ আজি দ্বিতীয় দিন, কি কি বিষয়ত আলোচনা হৈছে ?
Published: 

25 Oct 2025 13:06 PM

২৪ আৰু ২৫ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে অগপৰ দিকদৰ্শন বৈঠক। আজি দ্বিতীয়টো দিন। এই বৈঠকৰ জৰিয়তে ভৱিষ্যত দিনৰ কাৰ্যপন্থা সন্দৰ্ভত বিস্তৃত আলোচনা কৰিব অসম গণ পৰিষদে। একে সময়তে এই বৈঠকতে ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ ৰণকৌশল ৰচনা কৰা হ’ব বুলিও দলটোৰ সূত্ৰই সদৰী কৰিছে। উল্লেখ্য যে, এই বৈঠক অনুষ্ঠিত হৈছে যোৰাবাটৰ এনিয়া এডিশ্যনত।

জানিব পৰা মতে, এই দিকদৰ্শন বৈঠকত দলটোৱে ভৱিষ্যত দিনৰ কৰ্মসূচী প্ৰস্তুত কৰাৰ লগতে ২৬ৰ বাবে ৰণকৌশল প্ৰস্তুত, মিত্ৰতাৰ প্ৰসংগৰ লগতে সাম্প্ৰতিক ৰাজনীতিৰ ওপৰত আলোচনা কৰিব। তদুপৰি দলটোৱে সাংগঠনিক দিশটোৰ ওপৰতো পুংখানুপুংখভাৱে আলোচনা কৰিব। বৈঠকত দলীয় শীৰ্ষ নেতৃত্বৰ লগতে জিলা সভাপতি সকলেও অংশগ্ৰহণ কৰিছে।

এই সন্দৰ্ভত অগপৰ ৰাজ্যিক সভাপতি অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয় যে, দলটো এইবাৰ অত্যন্ত ছিৰিয়াছ। তেওঁ কয়, “আমি অতি ছিৰিয়াছলি দলটোৰ ভৱিষ্যত সম্পৰ্কে পৰ্যালোচনা কৰিম। কেনেধৰণে দলটো আগবাঢ়ি যাব সেইবোৰ দিশত আলোচনা কৰা হ’ব আৰু এই সম্পৰ্কে সিদ্ধান্ত লোৱা হ’ব।”

আজি দ্বিতীয় দিনা দিকদৰ্শন বৈঠকৰ বাবে জিলা সভাপতিসকলকো আমন্ত্ৰণ কৰাৰ কথা সদৰী কৰিছে অতুল বৰাই। অগপৰ সভাপতি বৰাই লগতে কয়, “জিলা সভাপতি, সম্পাদক, ভাতৃ সংগঠন সকলোকে লৈ আলোচনা কৰিছোঁ।” ইফালে, “দলটোৱে ভৱিষ্যতে কেনেধৰণৰ কাৰ্যপন্থা হাতত ল’ব সেই সন্দৰ্ভত তেওঁ কয়, “ভৱিষ্যত কাৰ্যপন্থাৰ সন্দৰ্ভত লোৱা সিদ্ধান্তসমূহ ৰাজহুৱাকৈ প্ৰকাশ কৰিব পৰা নাযাব।”

অসম গণ পৰিষদ দলৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনটোত সভাপতি অতুল বৰাই ঘোষণা কৰিছিল যে, ২৪ আৰু ২৫ অক্টোবৰত দুদিনীয়াকৈ অগপৰ চিন্তন বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকে নিৰ্ধাৰণ কৰিব ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ ৰণনীতি। বৈঠকত অতীতৰ অভিজ্ঞতাক লৈ ভৱিষ্যতৰ কাৰ্যপন্থা সন্দৰ্ভত বিস্তৃত আলোচনা কৰিব বুলি দলটোৰ সভাপতি অতুল বৰাই জানিবলৈ দিছিল।

প্ৰস্ৰাৱ কৰিলে বিষ অনুভৱ হয় নেকি? এয়া কি ৰোগৰ লক্ষণ জানক
দাঁতৰ আলু ফুলি থাকে নেকি? ঘৰুৱা সহজ উপায়েৰে দূৰ কৰক এই সমস্যা
আহিব দৰিদ্ৰতা! বাথৰুমত ভুলতো নাৰাখিব এই বস্তু...
ভগৱানৰ দৰ্শন পোৱাৰ আটাইতকৈ সহজ উপায় কি? প্ৰেমানন্দ মহাৰাজৰ পৰা জানক...