তৃণমূলত অসন্তুষ্টি ! ইয়াৰ মাজতে দিল্লীৰ মন্ত্ৰণা ল’লে অগপৰ অতুল বৰা-কেশৱ মহন্তই…

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে দুয়োগৰাকী অগপ নেতাই। লগত আছিল অগপৰ দুই সাংসদ বীৰেন্দ্রপ্রসাদ বৈশ্য আৰু ফণীভূষণ চৌধুৰী। এই বৈঠকতো উপস্থিত আছিল জেপি নাড্ডা।

তৃণমূলত অসন্তুষ্টি ! ইয়াৰ মাজতে দিল্লীৰ মন্ত্ৰণা ললে অগপৰ অতুল বৰা-কেশৱ মহন্তই...

অমিত শ্বাহক সাক্ষাৎ অগপ নেতৃত্বৰ

Updated On: 

25 Jul 2025 | 12:39 PM

আগন্তুক ২৬ ৰ নিৰ্বাচনৰ প্ৰাৰ্থীত্ব তথা বিজেপিৰে সমষ্টি ভাগ-বটোৱাৰাকলৈ নিজৰ মাজত বিতৰ্ক চলি থকাৰ মাজতে দিল্লীত বাহৰ পাতি ইজনৰ পিছত সিজন বিজেপিৰ কেন্দ্ৰীয় নেতাক সাক্ষাৎ কৰিছে অগপ নেতৃত্বই। খবৰ অনুসৰি দুদিন পূৰ্বে দিল্লীৰ সংসদ ভৱনত বিজেপিয় ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাক সাক্ষাৎ কৰিছিল অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ।

ইয়াৰ পাছতে শেহতীয়াকৈ বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে দুয়োগৰাকী অগপ নেতাই। লগত আছিল অগপৰ দুই সাংসদ বীৰেন্দ্রপ্রসাদ বৈশ্য আৰু ফণীভূষণ চৌধুৰী। এই বৈঠকতো উপস্থিত আছিল জেপি নাড্ডা। এই বৈঠকৰ মূল বিষয় কি সেই সন্দৰ্ভত এতিয়াও স্পষ্ট কৰা নাই অগপৰ নেতৃত্বয়।

কিন্তু কোৱা হৈছে যে, এই বৈঠকত অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিঘটনা, ৰাজ্যত কেন্দ্ৰীয় আঁচনি ৰূপায়ণ, আৰু আগন্তুক নিৰ্বাচনৰ আগত মিত্ৰজোঁটৰ ভৱিষ্যত কৌশলক আগুৱাই নিয়াত আঞ্চলিক দলসমূহৰ ভূমিকা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।

পিছে অতুল বৰাই ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কয়, “আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি গৌৰৱ অনুভৱ কৰিছোঁ। অমিত শ্বাহৰ অটল সমৰ্থন আৰু দূৰদৰ্শী নেতৃত্বৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।” তেওঁ লগতে উল্লেখ কৰে যে, বৰ্তমানৰ চৰকাৰৰ অধীনত অসমে “পৰিৱৰ্তনশীল বিকাশ” দেখিবলৈ পাইছে।

শেহতীয়াকৈ প্ৰকাশিত খবৰ অনুসৰি, বিজেপিৰ মন্ত্ৰী-বিধায়কে চৰকাৰী আঁচনি ৰূপায়নত অগপৰ সদস্যক বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। যিটোকলৈ দলটোৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজত সাংঘাতিক ধৰণে অসন্তুষ্টি সৃষ্টি হৈছে। একেসময়তে অগপৰ সভাপতি অতুল বৰাইয়ো দলটোৰ তৃণমূল পৰ্যায়ত কৰ্মীৰ মাজত সৃষ্টি হোৱা এই অসন্তুষ্টিৰ কথা স্বীকাৰ কৰিছে । যিটো অস্বাভাৱিক নহয় বুলি ক’ব খুজিছে বৰাই। অৱশ্যে এইলৈ আলোচনাও কৰা হৈছে বুলি জানিবলৈ দিছে অগপ নেতাগৰাকীয়ে।

ইফালে, দেখা গৈছে যে, তৃণমূলত সৃষ্টি হোৱা ক্ষোভ আৰু মিত্ৰ দলৰ মাজত সমষ্টিৰ ভাগ-বাটোৱাৰাকৈ মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিছে ডাঃ কমলা কলিতা, সত্যব্রত কলিতাৰ উপৰি ৰমেন্দ্র নাৰায়ণ কলিতাৰ দৰে অগপৰ জ্যেষ্ঠ নেতাই। তেওঁলোকে এক প্ৰকাৰে ২০২৬ ত বিজেপিয়ে অগপক পূর্বতকৈ বেছি আসন এৰি দিব লাগিব বুলি দাবী কৰিছে।

ৰমেন্দ্র নাৰায়ণ কলিতাৰ দৰে নেতা উল্লেখ কৰিছে যে,বিভিন্ন সমষ্টিত সাংঘাতিকধৰণে অসন্তুষ্ট দলটোৰ কৰ্মীসকল। বিজেপিৰ দখলত থকা সমষ্টিত ৰাজ্য চৰকাৰৰ আঁচনিৰ সুযোগৰ পৰা অগপ পৰিয়ালৰ সদস্য বঞ্চিত হোৱাৰো অভিযোগ তুলিছে নেতা কেইজনে। বিজেপিৰে মিত্রতা থাকক, কিন্তু আসন ভাগ-বাটোৱাৰা সম্মানজনক হ’ব লাগিব বুলি এক প্ৰকাৰে স্পষ্ট কৰি দিছে আটাইকেইজন নেতাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...