মাত্ৰ ১০০ দিনৰ ভিতৰত মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তি বাজেয়াপ্ত কৰিব কংগ্ৰেছেঃ ভূপেন বৰা

কিদৰে মুখ্যমন্ত্ৰীৰ পত্নী আৰু তেওঁৰ সহযোগী পুঁজিপতিসকলে কাজিৰঙাৰ ইক’ছেনছিটিভ জ’নত অবৈধ ধ্বংস কাৰ্য চলাই গৈছে তাৰ এটি ভিডিঅ’ ক্লিপো প্ৰকাশ কৰে কংগ্ৰেছে।

মাত্ৰ ১০০ দিনৰ ভিতৰত মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তি বাজেয়াপ্ত কৰিব কংগ্ৰেছেঃ ভূপেন বৰা

ভূপেন বৰা- হিমন্ত

Published: 

13 Aug 2024 07:48 AM

পুনৰ এবাৰ বিতৰ্কত সোমাই পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটীত কৃ্ত্ৰিম বানপানী হোৱাৰ মূল কাৰণ USTM বুলি কোৱাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যৰ বিৰোধিতা কৰিছে কংগ্ৰেছে। ইয়াৰোপৰি সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ সম্পত্তি সন্দৰ্ভতো মন্তব্য প্ৰদান কৰে। যাৰ পাছত এই বিষয়টোৱে যথেষ্ঠ চৰ্চা লাভ কৰা দেখা যায়। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

ৰিনিকি ভূঞাৰ সম্পত্তি ৰাইজৰ সম্পত্তি বুলি কোৱা মন্তব্যৰ বিৰোধিতা কৰি এক প্ৰেছ বিবৃতি যোগে ভূপেন বৰাই জনাই যে, কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন কৰাৰ ১০০ দিনৰ ভিতৰত SIT (Special Investigative Team) গঠন কৰি আয়তকৈ অধিক সম্পত্তিৰ হিচাপ উলিয়াই সেইবোৰ বাজেয়াপ্ত কৰা হ’ব। সকলো বাজেয়াপ্ত হোৱা সম্পত্তি বিক্ৰী কৰি পোৱা ধন ৰাজভঁৰালত জমা হ’ব।

লগতে বৰাই কয় যে, ২০২৬ চনত বিজেপি চৰকাৰ ওফৰাই কংগ্ৰেছ শাসনত অধিনষ্ঠ হব। ইতিমধ্যে মুখ্যমন্ত্ৰী শৰ্মাই এয়া অনুমান কৰিছে যে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ’লে তেওঁ পত্নীৰ সম্পত্তি বাজেয়াপ্ত হ’ব। মুখ্যমন্ত্ৰী শৰ্মাৰ বাবেই বিজেপি দলত বিসম্বাদৰ সৃষ্টি  হোৱা বুলি অভিযোগ উত্থাপন কৰে বৰাই।

কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণ হোৱা ঘটনাকলৈও মন্তব্য কৰে সংবাদমেলত।  কিদৰে মুখ্যমন্ত্ৰীৰ পত্নী আৰু তেওঁৰ সহযোগী পুঁজিপতিসকলে কাজিৰঙাৰ ইক’ছেনছিটিভ জ’নত অবৈধ ধ্বংস কাৰ্য চলাই গৈছে তাৰ এটি ভিডিঅ’ ক্লিপো প্ৰকাশ কৰে কংগ্ৰেছে। প্ৰদেশ কংগ্ৰেছে কয় যে,  হিমন্ত বিশ্ব শৰ্মাই নিজৰ পত্নী আৰু পুঁজিপতি বন্ধুসকলৰ সম্পত্তি বিস্তাৰৰ বাবে চাহ জনজাতিৰ কৃষি ভূমিত হাত দিবলৈও কুণ্ঠাবোধ কৰা নাই। লগতে কয় যে,  হাতীখুলি চাহ বাগিচা ১৫০০ৰো অধিক শ্ৰমিক কৰ্মৰত হৈ আছে, কিন্তু তাৰে ৮ একৰ মাটিত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে শৰ্মা।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পত্নীৰ সম্পত্তি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰাৰ পাছতেই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছে। হিমন্ত বিশ্বই কৈছিল যে  ৰিনিকি ভূঞাৰ সম্পত্তি মানে অসমৰ সম্পত্তি। ৰিনিকি ভুঞাই যি সম্পত্তি কৰিছে সেয়া অসমক দি যাব। নিউজ লাইভৰ লগতে আন সম্পত্তিসমূহো অসমৰ মানুহক দি যাব। নিজৰ ল’ৰা- ছোৱালীৰ বাবে একো নাৰাখে। উদাহৰণ দি শৰ্মাই কয় যে, গনেশগুৰিৰ  মাটিত ছাই বাবা মন্দিৰ হ’ল, জু ৰোডৰ মাটি শিৱ মন্দিৰ হ’ব। ঠিক তেনেদৰে ৰিনিকিৰ সকলো সম্পত্তি অসমৰ বাবেই। কিন্তু উপাৰ্জন হ’লে টকা কেনেকৈ নাৰাখে বুলি প্ৰশ্ন কৰে শৰ্মাই। লগতে কয় যে, জীয়াই থাকিবলৈ হ’লে উপাৰ্জন লাগিবই।

কি কি কাৰণত বেয়া কলেষ্টেৰল বৃদ্ধি পাব পাৰে ? কেনেকৈ কৰিব নিয়ন্ত্ৰণ ?
শনি দেৱৰ কোপদৃষ্টি আঁতৰিব, প্ৰতি শনিবাৰে কৰক এইকেইটা কাম!
শীতকালত চুলি বেছিকৈ সৰে নেকি? এই পদ্ধতিৰে দূৰ কৰক চুলিৰ সকলো সমস্যা!
মাহেকীয়া পলমকৈ হোৱা PCOS ৰ লক্ষণ নেকি? জানক বিশেষজ্ঞৰ পৰা
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...