ADRE: গুৱাহাটীত পৰীক্ষা কেন্দ্ৰলৈ মোবাইল নি গ্ৰেপ্তাৰ হ’ল পৰীক্ষাৰ্থী | ADRE 4th grade exam one arrested for taking mobile phones to examination centre Guwahati Assam news - Assam Tv9

ADRE: গুৱাহাটীত পৰীক্ষা কেন্দ্ৰলৈ মোবাইল নি গ্ৰেপ্তাৰ হ’ল পৰীক্ষাৰ্থী

Published: 

28 Oct 2024 09:40 AM

কালি অনুষ্ঠিত হয় ADREৰ অধীনত চতুৰ্থ বৰ্গৰ লিখিত নিযুক্তি পৰীক্ষা। চতুৰ্থ বৰ্গৰ মুঠ ৫,০২৩টা পদৰ বাবে দুটা শ্বিফ্টত পৰীক্ষা অনুষ্ঠিত হয়। তথ্য অনুসৰি, ADREৰ এই চতুৰ্থ বৰ্গৰ পদসমূহৰ বাবে মুঠ ১৩,৭৯,১৩২ গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন জনাইছিল। কালি পৰীক্ষাৰ সময়ত অনীতিৰ আশ্ৰয় লোৱাৰ বাবে গ্ৰেপ্তাৰ হৈছে এজন পৰীক্ষাৰ্থী।

1 / 5দেওবাৰে অনুষ্ঠিত হোৱা ADREৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা যাতে সুকলমে অনুষ্ঠিত হয় তথা পৰীক্ষাৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি কালি পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ সমগ্ৰ ৰাজ্যতে ইণ্টাৰনেট সেৱা কৰ্তন কৰি ৰখা হৈছিল।

দেওবাৰে অনুষ্ঠিত হোৱা ADREৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা যাতে সুকলমে অনুষ্ঠিত হয় তথা পৰীক্ষাৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি কালি পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ সমগ্ৰ ৰাজ্যতে ইণ্টাৰনেট সেৱা কৰ্তন কৰি ৰখা হৈছিল।

2 / 5

ৰাজ্যৰ মুঠ ২৮ খন জিলাত অনুষ্ঠিত হোৱা এই পৰীক্ষা কালি সুচাৰূপে অনুষ্ঠিত হৈ যায়। ইণ্টাৰনেট কৰ্তনৰ সমান্তৰালকৈ পৰীক্ষা সুকলমে অনুষ্ঠিত হোৱাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থাও গঢ়ি তোলা হৈছিল।

3 / 5

4 / 5

ধৃত ছাত্ৰজনক ছাব্বিৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। অভিযুক্ত ছাব্বিৰে পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে।

5 / 5

গুৱাহাটীৰ নুনমাটিৰ এছ আৰ একাডেমী পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হৈছিল পৰীক্ষাৰ্থীগৰাকী। পৰীক্ষা কেন্দ্ৰৰ পৰাই অভিযুক্ত ছাব্বিৰক গ্ৰেপ্তাৰ কৰে নুনমাটি আৰক্ষীয়ে।

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ আৰু ৰক্তক্ষৰণ হোৱাটো কি ৰোগৰ লক্ষণ জানেনে?
Sawan 2025: শাওন মাহত ভুলতেও দান নকৰিব এইসমূহ বস্তু, বিপদত পৰিব আপুনি!
বিয়াৰ পূৰ্বে জীৱন সংগীক কি কি কথা সুধিব লাগে? ক'লে প্ৰেমানন্দ মহাৰাজে...
সাৱটি ধৰিবলৈ মহিলাই পুৰুষক দিয়ে ধন, ক'ত আছে এই ব্যৱস্থা?