ADRE: আজি তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা, কিছু সময় পাছতেই বন্ধ হৈ পৰিব ইন্টাৰনেট সেৱা

ADRE: পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'ব স্নাতক ডিগ্ৰীধাৰীসকলৰ পৰীক্ষা আৰু দুপৰীয়া ১.৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ চালক পদৰ বাবে পৰীক্ষা। এই পৰীক্ষাৰ সময়ত ৰাজ্যত কৰ্তন থাকিব ইন্টাৰনেট সেৱা।

ADRE: আজি তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা, কিছু সময় পাছতেই বন্ধ হৈ পৰিব ইন্টাৰনেট সেৱা

পৰীক্ষা

Published: 

29 Sep 2024 08:30 AM

আজি, দেওবাৰে ৰাজ্যত অনুষ্ঠিত হ’ব ADRE ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব স্নাতক ডিগ্ৰীধাৰীসকলৰ পৰীক্ষা আৰু দুপৰীয়া ১.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব তৃতীয় বৰ্গৰ চালক পদৰ বাবে পৰীক্ষা। এই পৰীক্ষাৰ সময়ত ৰাজ্যত কৰ্তন থাকিব ইন্টাৰনেট সেৱা। ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা পৰীক্ষাতো ৰাজ্যত ইন্টাৰনেট সেৱা কৰ্তন কৰি ৰখা হৈছিল। সেই একেই ধাৰা অব্যাগত ৰাখি আজি পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ ৰাজ্যত কৰ্তন থাকিব ইন্টাৰনেট সেৱা। অৱশ্যে এই সময়চোৱাত  ভইচ কল আৰু ফিক্সড টেলিফোন লাইনৰ ওপৰত ভিত্তি কৰি ব্ৰডবেণ্ড সংযোগ কাৰ্যক্ষম হৈ থাকিব।

তৃতীয় বৰ্গৰ পৰীক্ষাৰ বাবে মুঠ পদৰ সংখ্যা ৪৪৭৩ টা। ইয়াৰে তৃতীয় বৰ্গৰ স্নাতক উত্তীৰ্ণ প্ৰাৰ্থীৰ পদৰ সংখ্যা ৪,০৫৫টা আৰু  তৃতীয় বৰ্গৰ মেট্ৰিক উত্তীৰ্ণ চালক পদৰ সংখ্যা ৪১৮টা। ইয়াৰ বিপৰীতে এইবাৰ তৃতীয় বৰ্গৰ পৰীক্ষাক অৱতীৰ্ণ হ’বলগীয়া মুঠ প্ৰাৰ্থীৰ সংখ্যা ৭,৩৪০৮০ গৰাকী। উল্লেখ কৰা প্ৰয়োজন যে এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰায় ৩২ লাখ প্ৰাৰ্থীয়ে আবেদন কৰিছে।ইয়াৰ বিপৰীতে এই দুই বৰ্গৰ পৰীক্ষাৰ বাবে মুঠ পদৰ সংখ্যা ১২৬০০ টা।

পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ আৰু কোনোৱে যাতে পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে  SOP জাৰি কৰিছে। SOP অনুসৰি অসৎ উপায় অৱলম্বন কৰা পৰীক্ষাৰ্থীসকলে ৩ বছৰৰ পৰা ১০ বছৰৰ কাৰাদণ্ড লগতে ১ লাখৰ পৰা ১০ কোটি টকালৈকে জৰিমনা ভৰিবলগীয়া হ’ব পাৰে। এনে অসৎ পন্থা গ্ৰহণ কৰা কোনো পৰীক্ষাৰ্থী ধৰা পৰিলে দুবছৰলৈ কোনো পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব বুলিও উল্লেখ কৰা হৈছে।

১৫ ছেপ্টেম্বৰত হৈ হোৱা পৰীক্ষাত তালাচীক লৈ বিতৰ্কৰ সূচনা হৈছিল। সেই সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ তালাচীৰ ক্ষেত্ৰত বিশেষ নজৰ দিব প্ৰশাসনে। পুৰুষ আৰু মহিলাৰ তালাচী পৃথকলৈ চলোৱা হব লগতে মহিলা পৰীক্ষাৰ্থীৰ সন্মান আৰু গোপনীয়তা ৰক্ষাৰ বাবে আঁৰ কৰি ৰখা হব তালাচীৰ স্থান।

ইয়াৰোপৰি পৰীক্ষা হলত পৰীক্ষাৰ্থীয়ে কি কি সামগ্ৰী লৈ যাব পাৰিব তাৰ প্ৰতিটো বিশেষ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। পৰীক্ষাৰ্থীয়ে পৰীক্ষা হলত কেৱল এডমিট কাৰ্ড, কলম, ৰবৰ, পেঞ্চিল , পৰিচয় পত্ৰ লৈ যাব পাৰিব। ইয়াৰোপৰি বাকলি নথকা পানীৰ বটলহে লৈ যাব পাৰিব। পিন্ধন উৰণৰ ক্ষেত্ৰতো বিশেষ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি হাফ চাৰ্ট আৰু চেণ্ডেল পৰিধান কৰি যাবলৈ নিৰ্দেশ দিয়া  হৈছে। নিয়মৰ বাহিৰত যদি কোনোৱে বস্তু লৈ যায় তেন্তে সেয়া জব্দ কৰা হব বুলি প্ৰশাসনে সকীয়াই দিছে।

১৫ ছেপ্টেম্বৰৰ পৰীক্ষাৰ দিনা পৰীক্ষাৰ্থীক ঘৰলৈ প্ৰশ্নকাকত লৈ যাব দিয়া হোৱা নাছিল। কিন্তু তাৰ পাছতো ভাইৰেল হৈছিল প্ৰশ্নকাকত। যাৰ বাবে এইবাৰৰ পৰীক্ষাৰ পাছত প্ৰশ্নকাকত পৰীক্ষাৰ্থীয়ে ঘৰলৈ নিব পাৰিব বুলি প্ৰশাসনে জনাইছে। ইয়াৰোপৰি কোনোৱে যদি অএমআৰ শ্বীট পৰীক্ষা কৰিব বিচাৰে তেন্তে তেওঁলোকে ইয়াৰ বাবে আবেদনো কৰিব পাৰিব।

দিনত শোৱাৰ অভ্যাস আছে নেকি? ই আপোনাৰ স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলায় জানক...
খাদ্যৰ সৈতে অতিৰিক্ত কেঁচা নিমখ খালে কি হ’ব পাৰে জানেনে? জানিলে আজিয়েই বাদ দিব এনে অভ্যাস
কেৱল কাহ নহয়, হাঁওফাঁওৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক পৰ্যায়ত এইসমূহ লক্ষণ দেখা যায়...
দশমীৰ পাছতেই কপাল ফুলিব এই ৩ ৰাশিৰ লোকৰ...